15 Jun 2025

HS 2nd Year Political Science Chapter 1 Common Question for HS 2026

HS 2nd Year Political Science Chapter 1 Common Question for HS 2026

HS 2nd Year Political Science Chapter 1 Common Question for HS 2026


HS 2nd Year Political Science Chapter 1 Common Question for HS 2026: The End of Bipolarity (দ্বি ৰাষ্ট্ৰবাদৰ অৱসান) is the chapter 1 Class 12 Political Science. Here you can avail HS 2nd Year Political Science Chapter 1 Common Question for HS 2026




The End of Bio Polarity | Class 12 Political Science Chapter 1 Common Question for HS 2026

The "end of bipolarity" refers to the period following the collapse of the Soviet Union in 1991, marking the end of the Cold War era and a shift in the global political landscape. The bipolar world order, dominated by the US and the USSR, gave way to a more multipolar system. 



HS 2nd Year Political Science Question Answer PDF download | Political Science Question Answer Class 12 Assamese medium PDF

(ক) অতি চমু প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ১ )


১। কোনখন ৰাষ্ট্ৰৰ পতনক 'দ্বিতীয়া বিশ্ব'ৰ পতন হিচাপে জনা যায় ? 

উত্তৰঃ ছোভিয়েট ইউনিয়নৰ পতনক 'দ্বিতীয়া বিশ্ব'ৰ পতন হিচাপে জনা যায়।


২। ছোভিয়েট ইউনিয়নৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ কোনে আৰম্ভ কৰিছিল ? 

উত্তৰঃ মিখাইল গর্বাচেভে ছোভিয়েট ইউনিয়নৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল। 


৩। ছোভিয়েট ইউনিয়ন খণ্ডিত হৈ কিমানখন স্বাধীন ৰাষ্ট্ৰৰ গঠন হৈছিল ?

উত্তৰঃ ছোভিয়েট ইউনিয়ন খণ্ডিত হৈ ১৫ খন স্বাধীন ৰাষ্ট্ৰৰ গঠন হৈছিল।


৪। ৰাছিয়াত সমাজবাদী বিপ্লৱ কিমান চনত হৈছিল ? 

উত্তৰঃ ৰাছিয়াত সমাজবাদী বিপ্লৱ ১৯১৭ চনত হৈছিল। 


৫। ৱাৰশ্ব চুক্তি কেতিয়া সম্পাদন কৰা হৈছিল ?

উত্তৰঃ ৱাৰশ্ব চুক্তি ১৯৫৫ চনত সম্পাদন কৰা হৈছিল।


৬। কোন বছৰত ৱাৰশ্ব সন্ধি ভংগ হৈছিল ? 

উত্তৰঃ ১৯৯১ চনৰ ২৫ ডিচেম্বৰত ৱাৰশ্ব সন্ধি ভংগ হৈছিল।


৭। কোনখন দেশৰ ধ্বংসৰ লগে লগে শীতল যুদ্ধৰ অন্ত পৰে ? 

উত্তৰঃ ছোভিয়েট সংঘৰ (ছোভিয়েট ৰাছিয়া) ধ্বংসৰ লগে লগে শীতল যুদ্ধৰ অন্ত পৰে। 


৮। দ্বিতীয় বিশ্ব কি ? 

উত্তৰঃ ছোভিয়েট সাম্যবাদী আদৰ্শৰ ৰাষ্ট্ৰসমূহক সন্মিলিতভাৱে দ্বিতীয় বিশ্ব বোলা হয়। 


৯। ছোভিয়েট ৰাছিয়াত কিমানখন প্ৰজাতন্ত্ৰ আছে ?

উত্তৰঃ ছোভিয়েট ৰাছিয়াত ১৫ খন প্ৰজাতন্ত্ৰ আছে।


১০। কোন বছৰত ৰাছিয়াই ৰাষ্ট্ৰসংঘত USSR ৰ আসনখন হস্তগত কৰিছিল ?

উত্তৰঃ ১৯৯১ চনত ৰাছিয়াই ৰাষ্ট্ৰসংঘত USSR ৰ আসনখন হস্তগত কৰিছিল।


১১। বলছেভিক সাম্যবাদী দলৰ প্ৰতিষ্ঠাতা কোন আছিল ? 

উত্তৰঃ ভ্লাডিমিৰ লেনিন বলছেভিক সাম্যবাদী দলৰ প্ৰতিষ্ঠাতা আছিল। 


১২। ছােভিয়েট ইউনিয়নৰ বিভাজনৰ পিছত সৃষ্টি হােৱা দুখন দেশৰ নাম লিখা।

উত্তৰঃ ছােভিয়েট ইউনিয়নৰ বিভাজনৰ পিছত সৃষ্টি হােৱা দুখন দেশৰ নাম হ'ল বেলাৰুছ আৰু ইউক্রেইন।


১৩। বার্লিন দেৱাল কোন চনত নিৰ্মান কৰা হৈছিল ?

উত্তৰঃ বার্লিন দেৱাল ১৯৬১ চনত নিৰ্মান কৰা হৈছিল।


১৪। বার্লিন দেৱাল কি কাৰণত নিৰ্মান কৰা হৈছিল ?

উত্তৰঃ পূৰ্ব বাৰ্লিন আৰু পশ্চিম বাৰ্লিনক পৃথক কৰাৰ উদ্দেশ্যৰে বার্লিন দেৱাল নিৰ্মান কৰা হৈছিল। 


১৫। কিহে জাৰ্মানীৰ একত্ৰীকৰণ আৰু সাম্যবাদী শাসক পতনৰ ইংগিত দিছিল ? 

উত্তৰঃ বার্লিন দেৱাল ভংগই জাৰ্মানীৰ একত্ৰীকৰণ আৰু সাম্যবাদী শাসক পতনৰ ইংগিত দিছিল। 


১৬। বার্লিন দেৱালৰ দৈৰ্ঘ্য কিমান আছিল ?

উত্তৰঃ বার্লিন দেৱালৰ দৈৰ্ঘ্য ১৫০ কিলোমিটাৰ আছিল। 


১৭। বার্লিন দেৱাল কেতিয়া ভংগ হৈছিল ?

উত্তৰঃ ১৯৮৯ চনৰ ৯ নৱেম্বৰ তাৰিখে বার্লিন দেৱাল ভংগ হৈছিল। 


১৮। USSR অর্থাৎ ছোভিয়েট ৰাছিয়াৰ সৃষ্টি কেতিয়া হৈছিল ?

উত্তৰঃ USSR অর্থাৎ ছোভিয়েট ৰাছিয়াৰ সৃষ্টি ১৯১৭ চনত হৈছিল।


১৯। ছােভিয়েট ইউনিয়ন কি আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত আছিল ?

উত্তৰঃ ছােভিয়েট ইউনিয়ন সাম্যবাদী আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত আছিল।


২০। ছােভিয়েট সংঘৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ কোনখন ?

উত্তৰঃ ছােভিয়েট সংঘৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰখন হ'ল- ৰাছিয়া।


২১। ৰাছিয়াৰ প্ৰথমগৰাকী নির্বাচিত ৰাষ্ট্ৰপতি কোন আছিল ?

উত্তৰঃ ৰাছিয়াৰ প্ৰথমগৰাকী নিৰ্বাচিত ৰাষ্ট্ৰপতি আছিল বৰিচ য়েল্টচিন (১৯৯১-১৯৯৯)।


২২। ছোভিয়েট ইউনিয়ন কেতিয়া এটা মহাশক্তি হৈ উঠিছিল ?

উত্তৰঃ ছোভিয়েট ইউনিয়ন দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এটা মহাশক্তি হৈ উঠিছিল।


২৩। ছােভিয়েট ৰাছিয়াৰ পতনৰ পিছত কোন একক মহাশক্তি হৈছিল ?

উত্তৰঃ ছােভিয়েট ৰাছিয়াৰ পতনৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰ একক মহাশক্তি হৈছিল। 


২৪। CIS ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ CIS ৰ সম্পূৰ্ণ ৰূপটো হ'ল- Commonwealth of Independent States (কমনৱেলথ‌ সাৰ্বভৌম ৰাষ্ট্ৰ)।


২৫। ছোভিয়েট ইউনিয়নত কোন দলে শাসন কৰিছিল ? 

উত্তৰঃ ছোভিয়েট ইউনিয়নত সাম্যবাদী দলে শাসন কৰিছিল । 


২৬। ছোভিয়েট ইউনিয়নত সাম্যবাদী দলে কিমান বছৰ কাল শাসন কৰিছিল ?

উত্তৰঃ ছোভিয়েট ইউনিয়নত সাম্যবাদী দলে ৭০ বছৰ কাল শাসন কৰিছিল। 


২৭। ছোভিয়েট ৰাছিয়াৰ পৰা স্বাধীনতা ঘোষণা কৰা প্ৰথমখন ছোভিয়েট গণৰাজ্য কোনখন আছিল ?

উত্তৰঃ ছোভিয়েট ৰাছিয়াৰ পৰা স্বাধীনতা ঘোষণা কৰা প্ৰথমখন ছোভিয়েট গণৰাজ্য খন হ'ল লিথুৱেনিয়া। 


২৮। ছোভিয়েট ইউনিয়নে আফগানিস্তান কোন চনত আক্ৰমণ কৰে ?

উত্তৰঃ ছোভিয়েট ইউনিয়নে আফগানিস্তান ১৯৭৯ চনত আক্ৰমণ কৰে ।

 

২৯। ১৯৮৫ চনত ছোভিয়েট ইউনিয়নৰ কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক কোন হৈছিল ?

উত্তৰঃ ১৯৮৫ চনত ছোভিয়েট ইউনিয়নৰ কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক আছিল নিকিতা ক্ৰুছেভ । 


৩০। শ্বক থেৰাপীয়ে কি ধৰণৰ অৰ্থনীতিৰ প্ৰস্তাৱ দিছিল ?

উত্তৰঃ শ্বক থেৰাপীয়ে পুঁজিপতি ধৰণৰ অৰ্থনীতিৰ প্ৰস্তাৱ দিছিল ।


৩১। শ্বক থেৰাপী প্ৰয়োগ কৰাৰ পিছত কোনটো মুদ্ৰা হ্ৰাস পালে ?

উত্তৰঃ শ্বক থেৰাপী প্ৰয়োগ কৰাৰ পিছত ৰুবল মুদ্ৰা হ্ৰাস পালে।


৩২। ১৯১৭ চনত ৰাছিয়াৰ বিপ্লৱ কি আদৰ্শৰ পৰা অনুপ্ৰাণিত হৈছিল ? 

উত্তৰঃ ১৯১৭ চনত ৰাছিয়াৰ বিপ্লৱ সমাজবাদ আদৰ্শৰ পৰা অনুপ্ৰাণিত হৈছিল। 


৩৩। মধ্য এছিয়াৰ কোনখন দেশ দহ বছৰ ধৰি চলি থকা গৃহযুদ্ধৰ সাক্ষী হৈছিল ?

উত্তৰঃ মধ্য এছিয়াৰ তাজিকিস্তানে দহ বছৰ ধৰি চলি থকা গৃহযুদ্ধৰ সাক্ষী হৈছিল। 


৩৪। ১৯১৭ চনত ৰাছিয়ান বিপ্লৱৰ নেতৃত্ব কোনে দিছিল ? 

উত্তৰঃ ভ্লাডিমিৰ ইলিচ লেনিনে ১৯১৭ চনত ৰাছিয়ান বিপ্লৱৰ নেতৃত্ব দিছিল।


৩৫। ভাৰতবৰ্ষক ৰাছিয়াই সহায় কৰা এটা ক্ষেত্ৰ উল্লেখ কৰা। 

উত্তৰঃ ভাৰতবৰ্ষক ৰাছিয়াই সহায় কৰা এটা ক্ষেত্ৰ হ'ল - সামৰিক ক্ষেত্ৰ।




HS 2nd year Political Science Question answer Chapter 1 | Political Science 2nd Year Question Answer Assamese Medium

(খ) চমু প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ২ অথবা ৩ )


১। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আণবিক বোমা পৰা ঠাই দুখনৰ নাম লিখা । 

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আণবিক বোমা পৰা ঠাই দুখনৰ নাম হ'ল জাপানৰ হিৰোচিমা আৰু নাগাচাকি । ১৯৪৫ চনৰ ৬ আগষ্টত হিৰোচিমাত আৰু ৯ আগষ্ট তাৰিখে নাগাচাকিত আমেৰিকাৰ বায়ুসেনাই আণবিক বোমা নিক্ষেপ কৰে। 


২। ৰাষ্ট্ৰপতি গৰ্বাছেভে ছোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটাৰ নাম লিখা । 

উত্তৰঃ ৰাষ্ট্ৰপতি গৰ্বাছেভে ছোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটাৰ নাম হ'ল গ্লাচনাষ্ট আৰু পেৰেষ্ট্ৰাইকা। গ্লাচনাষ্ট মানে মুক্ত বাতাবৰণ আৰু পেৰেষ্ট্ৰাইকা মানে পুনগঠন। 


৩। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আবিৰ্ভাৱ হোৱা বৃহৎ শক্তি দুটাৰ নাম লিখা । 

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আৱিৰ্ভাৱ হোৱা বৃহৎ শক্তি দুটাৰ নাম হ’ল - পুঁজিবাদী আদর্শৰ আমেৰিকা যুক্তৰাষ্ট্র আৰু সাম্যবাদী আদর্শৰ ছোভিয়েট ৰাছিয়া ।


৪। সাম্যবাদী শাসনৰ অন্ত পৰাৰ পিছত ত্ৰাসিক অথবা আতংক প্ৰতিকাৰ ব্যৱস্থাৰ অৰ্থ কি ? 

উত্তৰঃ সাম্যবাদী শাসনৰ অন্ত পৰাৰ পিছত ত্ৰাসিক অথবা আতংক প্ৰতিকাৰ ব্যৱস্থাৰ অৰ্থ হ'ল সাম্যবাদী শাসনৰ অন্তৰ্গত জনসাধাৰণৰ ওপৰত যি ভয় আৰু অত্যাচাৰ চলিছিল, তাৰ পৰিবৰ্তে প্ৰতিষ্ঠিত ৰাষ্ট্ৰ নিয়ন্ত্ৰিত সমাজবাদী অৰ্থনীতিৰ সংস্কাৰ সাধন কৰি পুঁজিবাদী অৰ্থব্যৱস্থাৰ প্ৰৱৰ্তন কৰা।


৫। ছোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ দুটা কাৰণ লিখা ।

উত্তৰঃ ছোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ দুটা কাৰণ হ'ল - 

(১) মহাশক্তি হিচাপে প্রতিষ্ঠা হােৱাৰ বাবে আৰু পাৰমাণৱিক অস্ত্র-শস্ত্র তথা পৰম্পৰাগত অস্ত্র-শস্ত্র উৎপাদনত কৰিবলগীয়া হােৱা প্ৰচুৰ খৰচৰ বাবে ই আর্থিকভাৱে দুৰ্বল হৈ পৰিছিল।


(২) ছােভিয়েট প্রশাসনত কমিউনিষ্ট দলে চৰকাৰত প্ৰভুত্ব বিস্তাৰ কৰিছিল। এই দলৰ প্ৰশাসনত দেখা দিয়া ব্যাপক দুর্নীতিয়ে চৰকাৰত সংকটৰ সৃষ্টি কৰিছিল।


৬। সাম্যবাদী ৰাজত্বৰ এখনৰ পিছত এখনকৈ কেনেকৈ পতন হৈছিল ?

উত্তৰঃ যেতিয়া, সাম্যবাদী ব্যৱস্থাৰ ৰাজনৈতিক, সামাজিক আৰু অর্থনৈতিক ব্যৱস্থা ক্রমে আমোলাতান্ত্রিক আৰু প্ৰভুত্ববাদী হৈ পৰিছিল। তেতিয়া সাধাৰণ জনসাধাৰণে এই আদর্শ বা ব্যৱস্থাক সমর্থন কৰা নাছিল। ইয়াৰ ফলস্বৰূপে, ক্রমান্বয়ে এটাৰ পিছত এটাকৈ সাম্যবাদী ৰাজত্বৰ পতন ঘটিছিল।


৭। ছােভিয়েট ইউনিয়ন ভাঙোনৰ চূড়ান্ত আৰু তাৎক্ষণিক কাৰণ কি আছিল?

উত্তৰঃ ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি মিখাইল গৰ্বাছেভৰ গ্লাচনাষ্ট আৰু পেৰেষ্ট্ৰাইকা নামৰ সংস্কাৰ কাৰ্যসূচীসমূহ আৰু ১৯৯১ চনৰ ২৫ ডিচেম্বৰত তেওঁ পদত্যাগ কৰাৰ লগে লগে ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ চূড়ান্ত আৰু আটাইতকৈ তাৎক্ষনিক কাৰণ হিচাপে পৰিগণিত হৈছিল।


৮। শ্বক থেৰাপিৰ যিকোনো দুটা নেতিবাচক প্ৰভাৱ লিখা।

উত্তৰঃ শ্বক থেৰাপিৰ দুটা নেতিবাচক প্ৰভাৱ হ'ল-


(ক) শ্বক থেৰাপীৰ ফলত ছোভিয়েট ৰাছিয়াৰ মুদ্রাৰ মূল্য হ্রাস পাইছিল আৰু বস্তুৰ দাম বৃদ্ধি পাইছিল। 


(খ) শ্বক থেৰাপিৰ বাবে ছোভিয়েট ৰাছিয়াৰ সাম্যবাদী আদৰ্শৰ কল্যাণমূলক আচনিসমূহ ক্রমান্বয়ে বিলুপ্তি হৈ গৈছিল।



HS 2nd year Political Science Chapter 2 Common Question Answer for HS 2026

৯। ছোভিয়েট সংঘ বিভাজনৰ পিছত বিশ্ব ৰাজনীতিত কিদৰে শক্তিৰ সম্পৰ্কৰ সলনি হৈছিল ?

উত্তৰঃ ছোভিয়েট সংঘ বিভাজনৰ পিছত বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আন পুঁজিবাদী ৰাষ্ট্ৰৰ একনায়কত্ববাদ অর্থাৎ এক মেৰু ব্যৱস্থাৰ আৰম্ভণি হৈছিল। লগতে, সাম্যবাদী আদৰ্শৰ পতন ঘটি আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে পুঁজিবাদী আদৰ্শৰ এক আধিপত্যৰ সূচনা হৈছিল।


১০। বাৰ্লিন দেৱাল ভংগক দ্বি-মেৰু বিভাজনৰ ইংগিত দিছিল বুলি কিয় অভিহিত হয় ?

উত্তৰঃ বাৰ্লিনৰ দেৱাল আছিল পুঁজিপতি আৰু সাম্যবাদী আদৰ্শৰ বিভাজনৰ প্ৰতীক । কিন্তু, ছোভিয়েট ইউনিয়নৰ বিভাজনৰ পিছত ১৯৮৯ চনৰ ৯ নৱেম্বৰত জনসাধাৰণে পূব আৰু পশ্চিম জাৰ্মানীৰ একত্ৰীকৰণৰ প্ৰতীক হিচাপে চিহ্নিত কৰি বাৰ্লিনক ৰাজধানী হিচাপে লৈ বাৰ্লিন দেৱাল ভংগ কৰিছিল । এইটোৱে শীতল যুদ্ধৰ অন্ত পেলাইছিল আৰু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল দ্বিমেৰু জগতখনৰ পতন ঘটিছিল।


১১। ছোভিয়েট ৰাছিয়াৰ বিভাজনত বৰিচ য়েল্টচিনৰ ভূমিকা উল্লেখ কৰা।

উত্তৰঃ ৰাছিয়ান গণৰাজ্যত জনপ্ৰিয় নিৰ্বাচনৰ পিছত বৰিচ য়েল্টচিনে জাতীয় নায়ক হিচাপে আত্মপ্ৰকাশ কৰিছিল। ১৯৯১ চনৰ ডিচেম্বৰ মাহত বৰিচ য়েল্টচিনৰ নেতৃত্বত ৰাছিয়া, ইউক্ৰেইন আৰু বেলাৰুছে নিজকে স্বাধীন ঘোষণা কৰে।


১২। ৰাছিয়াই কেতিয়া আৰু কেনেকৈ নিজৰ অৰ্থনীতি পুনৰুজ্জীৱিত কৰিলে ?

উত্তৰঃ ২০০০ চনত ৰাছিয়াই খাৰুৱা তেল, প্ৰাকৃতিক গেছ আৰু খনিজ পদাৰ্থৰ দৰে প্ৰাকৃতিক সম্পদ ৰপ্তানি কৰি নিজৰ অৰ্থনীতি পুনৰুজ্জীৱিত কৰিছিল। আনকি অন্য ৰাষ্ট্ৰ সমূহেও নিজৰ অঞ্চলৰ মাজেৰে পৰিবাহী পাইপলাইন পাৰ হোৱাৰ বাবে ভাড়া লাভ কৰিছে । ৰাছিয়াই নিজৰ অৰ্থনীতি পুনৰুজ্জীৱিত কৰাৰ বাবেও কিছুমান উৎপাদনশীল উদ্যোগ আৰম্ভ কৰিছে।


১৩। ইতিহাসৰ বৃহৎ আৱৰ্জনা বিক্রিটো কি আছিল ?

উত্তৰঃ যেতিয়া ছোভিয়েট ৰাছিয়াৰ নিয়ন্ত্রণাধীন উদ্যোগিক অঞ্চলসমূহৰ পতন ঘটিছিল তেতিয়া, ৯০ শতাংশ উদ্যোগেই ব্যক্তিগত কোম্পানী বা আন কোনো ব্যক্তিক বিক্ৰী কৰবলগীয়া পৰিস্থিতি হৈছিল। এই বিক্ৰী কৰা প্ৰক্ৰিয়া বা কাৰ্যক ইতিহাসৰ বৃহৎ আৱৰ্জনা বিক্রী বুলি কোৱা হয়।


১৪। কমিউনিষ্ট ৰাজত্বৰ পৰৱৰ্তী কালৰ শ্বক থেৰাপিয়ে কি বুজায় ?

উত্তৰঃ সাম্যবাদী ৰাষ্ট্ৰ ছোভিয়েট ইউনিয়নৰ পতনৰ পৰৱৰ্তী পৰ্যায়ত নব্য স্বাধীনতা প্রাপ্ত দেশসমূহত পুঁজিবাদী আদৰ্শৰ এক নতুন অর্থনৈতিক আৰু ৰাজনৈতিক সংস্কাৰ আৰম্ভ হৈছিল। এই পৰিস্থিতিৰ মুখামুখী হ'ব পৰাকৈ বিশ্ববেংক আৰু আন্তজার্তিক মুদ্রানিধিযে অৰ্থনীতিৰ উন্নতিৰ অৰ্থে কিছুমান বিশেষ ব্যৱস্থা গ্রহণ কৰিছিল। এই ব্যৱস্থাক স্বক থেৰাপি বোলা হয়।


১৫। 'দ্বিতীয় বিশ্ব' বুলিলে কি বুজায় ?

উত্তৰঃ 'দ্বিতীয় বিশ্ব বা সমাজবাদী গোট বুলিলে সন্মিলিতভাৱে পূব ইউৰোপৰ ৰাষ্ট্যসমুহক বুজায় যিসমূহ ৰাষ্ট্ৰ ছোভিয়েট ৰাষ্ট্ৰৰ সাম্যবাদী আদর্শত প্রতিষ্ঠিত আছিল আৰু ৱাৰশ্ব চুক্তি স্বাক্ষৰকাৰী আছিল। লগতে, এইসমূহ ৰাষ্ট্ৰ ৰাজনৈতিক আৰু অর্থনৈতিক গাঁথনি ছোভিয়েট ৰাষ্ট্ৰৰ দৰে একে আছিল আৰু ছোভিয়েট ৰাছিয়াৰ নিয়ন্ত্রণাধীন হৈ আছিল।


১৬। আঘাত নিৰাময় কি ? 

উত্তৰঃ ছোভিয়েট সংঘৰ পতনৰ লগে লগে নতুনকৈ সৃষ্টি হোৱা ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক দুৰৱস্থাই জনসাধাৰণৰ মনত অনিশ্চয়তা, সংকটৰ সৃষ্টি কৰে। জনসাধাৰণৰ এনে আঘাত প্রশমন কৰাৰ বাবে বিশ্ব বেংক আৰু আন্তর্জাতিক মুদ্ৰানিধিয়ে কিছুমান সংস্কাৰ কাৰ্যসূচী গ্ৰহণ কৰে যাক আঘাত নিৰাময় বোলা হয়।


১৭। শ্বক থেৰাপীৰ ৰাজনৈতিক পৰিণতি নিৰ্ণয় কৰা।

উত্তৰঃ শ্বক থেৰাপীৰ ৰাজনৈতিক পৰিণতি হ'ল দ্বিতীয় বিশ্বৰ বেছিভাগ দেশত সাম্যবাদী ব্যৱস্থা ধ্বংস হৈ যোৱাৰ পিছত এই ৰাষ্ট্ৰসমূহে একনায়কত্ববাদী সাম্যবাদী ব্যৱস্থাৰ পৰা গণতান্ত্রিক পুঁজিবাদী ব্যৱস্থালৈ নিজৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাক পৰিৱৰ্তন কৰিবলগীয়া হয়।


১৮। ছোভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা।


উত্তৰঃ ছোভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য হ'ল -


(ক) ছোভিয়েট ৰাজনৈতিক ব্যৱস্থা সাম্যবাদী আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত । 

(খ) ছোভিয়েট ৰাজনৈতিক ব্যৱস্থা একনায়কত্ববাদী চৰিত্ৰ বা নীতিৰ ওপৰত প্ৰতিষ্ঠিত আছিল।


১৯। এখন পুঁজিবাদী ৰাষ্ট্ৰৰ পৰা ছোভিয়েট অর্থনীতিক পৃথক কৰা যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ এখন পুঁজিবাদী ৰাষ্ট্ৰৰ পৰা ছোভিয়েট অর্থনীতিক পৃথক কৰা যিকোনো দুটা বৈশিষ্ট্য হ'ল-


(ক) পুঁজিবাদী ৰাষ্ট্ৰৰ অৰ্থনীতিত মুক্ত অৰ্থনীতিৰ সমৰ্থন আছিল। আনহাতে, ছোভিয়েট অর্থনীতিত মুক্ত অর্থনীতিত পূর্ণ সমর্থন কৰা নাছিল।

(খ) পুঁজিবাদী ৰাষ্ট্ৰৰ অৰ্থনীতিযে ব্যক্তিগত খণ্ডৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছিল। আনহাতে, ছোভিয়েট অর্থনীতিয়ে চৰকাৰী খণ্ডত অধিকাংশক গুৰুত্ব আৰোপ কৰিছিল।


HS 2nd Year Swadesh Adhyaya Common MCQ for HS 2026


HS 2nd Year Political Science Common MCQ for HS 2026


HS 2nd Year Education Common MCQ for HS 2026


HS 2nd Year Economics Common MCQ for HS 2026

  • Chapter 1 : National Income and Related Aggregates (জাতীয় আয় আৰু অন্যান্য ধাৰণা) 
  • Chapter 2 : Determination of Income and Employment (আয় আৰু নিয়োগ নির্ধাৰণ)


HS 2nd Year Logic and Philosophy Common MCQ for HS 2026



No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.