HS 2nd Year Swadesh Adhyayan Chapter 1 Common Question for HS 2026
HS 2nd Year Swadesh Adhyayan Chapter 1 Common Question for HS 2026: Class 12 Swadesh Adhyayan Chapter 1 Assam in North East India: Its Environment, Physiography, Climate, Soil and Their Relationship (উত্তৰ পূব ভাৰতত অসমঃ পৰিবেশ, ভূ প্ৰকৃতি, জলবায়ু, মাটি আৰু পৰস্পৰৰ সম্পৰ্ক). Here you can avail HS 2nd Year Swadesh Adhyayan Chapter 1 Common Question for HS 2026.
HS 2nd Year Swadesh Adhyayan Chapter 1 Important Notes
Class 12 Swadesh Adhyayan Chapter 1 focuses on Assam's environment, physiography, climate, and soil, highlighting their interconnectedness. Assam's climate is a tropical monsoon type, influenced by the Himalayan and eastern hills, resulting in high rainfall. The physiography includes the Brahmaputra Valley, Barak Valley, and the hills, while the soil types are diverse, supporting agricultural activities. The chapter explores how these factors shape Assam's natural and human environment.
Key Elements:
Climate: Assam experiences a tropical monsoon climate, characterized by heavy rainfall and high humidity. The Himalayan and eastern hills influence this climate, leading to orographic rainfall.
Physiography: The region is divided into the Brahmaputra Valley, Barak Valley, and the Karbi-Anglong and North-Cachar hills. The Brahmaputra Valley is a wide and fertile plain.
Soil: Assam's soil types are diverse, including alluvial soils in the Brahmaputra Valley and hill soils in the hill regions. These soils are crucial for agriculture.
Relationship: The chapter explores how the climate, physiography, and soil interact to influence the natural and human environment, impacting agriculture, transportation, and human settlements.
HS 2nd Year Swadesh Adhyayan Chapter 1 Common MCQ for HS 2026
১। ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ মুঠ অংশৰ কিমানখিনি ভাৰতৰ চাৰিসীমা ভিতৰত পৰে ?
(ক) ৭.৮%
(খ) ৮.১%
(গ) ৩৩.৬%
(ঘ) ৫০.৫%
উত্তৰঃ (গ) ৩৩.৬%
২। কোন চনত ছিকিমক ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য হিচাপে অন্তৰ্ভুক্ত কৰা হয় ?
(ক) ১৯৪৭
(খ) ১৯৬৩
(গ) ১৯৭২
(ঘ) ২০০২
উত্তৰঃ (ঘ) ২০০২
৩। তলত দিয়া অসমৰ কোনখন জিলা পাহাৰীয়া ?
(ক) কাছাৰ
(খ) কামৰূপ
(গ) কাৰ্বি আংলং
(ঘ) যোৰহাট
উত্তৰঃ (গ) কাৰ্বি আংলং
৪। অসমত কেই প্ৰকাৰৰ মাটি পোৱা যায় ?
(ক) ২ প্ৰকাৰৰ
(খ) ৩ প্ৰকাৰৰ
(গ) ৪ প্ৰকাৰৰ
(ঘ) ৫ প্ৰকাৰৰ
উত্তৰঃ (গ) ৪ প্ৰকাৰৰ
৫। অসমৰ জলবায়ু কোন প্ৰকাৰৰ ?
(ক) সেমেকা উপ-ক্রান্তীয়
(খ) ক্রান্তীয়
(গ) শুকান
(ঘ) গৰম আৰু সেমেকা
উত্তৰঃ (ক) সেমেকা উপ-ক্রান্তীয়
৬। উত্তৰ পূৰ্বাঞ্চলৰ অন্তৰ্গত ৰাজ্যৰ সংখ্যা কিমান ?
(ক) ৭ খন
(খ) ৮ খন
(গ) ৯ খন
(ঘ) ১০ খন
উত্তৰঃ (খ) ৮ খন
৭। উত্তৰ পূৰ্বাঞ্চলত শেহতীয়াভাৱে অনৰ্ভুক্ত হোৱা ৰাজ্যখনৰ নাম কি ?
(ক) মণিপুৰ
(খ) নাগালেণ্ড
(গ) ছিকিম
(ঘ) মিজোৰাম
উত্তৰঃ (গ) ছিকিম
৮। ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল ?
(ক) ১৮২২ চনত
(খ) ১৮২৪ চনত
(গ) ১৮২৬ চনত
(ঘ) ১৮২৮ চনত
উত্তৰঃ (গ) ১৮২৬ চনত
৯। উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সমতলীয় প্ৰদেশখন কি ?
(ক) মণিপুৰ
(খ) অসম
(গ) ছিকিম
(ঘ) মিজোৰাম
উত্তৰঃ (খ) অসম
১০। কোনখন নদীক অসম তথা উত্তৰ উত্তৰ পূৰ্বাঞ্চলৰ জীৱন ৰেখা বোলা হয় ?
(ক) মানস নদী
(খ) পুঠিমাৰি নদী
(গ) বৰাক নদী
(ঘ) ব্ৰহ্মপুত্ৰ নদী
উত্তৰঃ (ঘ) ব্ৰহ্মপুত্ৰ নদী
HS 2nd Year Swadesh Adhyayan Chapter 1 Common Short Question Answer for HS 2026
১। পৃথিৱীৰ ষষ্ঠ বৃহৎ নদীখনৰ নাম কি ?
উত্তৰঃ পৃথিৱীৰ ষষ্ঠ বৃহৎ নদীখনৰ নাম হ'ল ব্রহ্মপুত্র ।
২। ব্রহ্মপুত্রই বছৰি কিমান গেদ কঢ়িয়াই ?
উত্তৰঃ ব্রহ্মপুত্রই বছৰি ৪০২ নিযুত টন গেদ কঢ়িয়াই ।
৩। পৃথিৱীৰ দ্বিতীয় বৃহৎ গেদ কঢ়িওৱা নদী খন নাম কি ?
উত্তৰঃ ব্রহ্মপুত্র হ'ল পৃথিৱীৰ দ্বিতীয় বৃহৎ গেদ কঢ়িওৱা নদী ।
৪। শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰৰ নদীপথৰ দৈৰ্ঘ কিমান ?
উত্তৰঃ শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰৰ নদীপথৰ দৈৰ্ঘ হ'ল ৮৯১ কিলোমিটাৰ ।
৫। ব্রহ্মপুত্র নদীৰ উৎস ক'ত অৱস্থিত ?
উত্তৰঃ ব্রহ্মপুত্র নদীৰ উৎস হিমালয়ৰ কৈলাশ পৰ্বতৰ গিৰিমালাত অৱস্থিত ।
৬। কিমান চনত ব্রহ্মপুত্র নদীপথক দেশৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় নদীপথ হিচাপে ভাৰত চৰকাৰৰ দ্বাৰা ঘোষণা কৰা হয় ?
উত্তৰঃ ১৯৮৮ চনৰ ১ ছেপ্টেম্বৰত ব্রহ্মপুত্র নদীপথক দেশৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় নদীপথ হিচাপে ভাৰত চৰকাৰৰ দ্বাৰা ঘোষণা কৰা হয় ।
৭। ব্রহ্মপুত্র নদীক অৰুণাচল প্রদেশত কি নামেৰে জনা যায় ?
উত্তৰঃ ব্রহ্মপুত্র নদীক অৰুণাচল প্রদেশত ছিয়াং নামেৰে জনা যায় ।
৮। উৎপত্তি অঞ্চলত ব্ৰহ্মপুত্ৰত কি নামেৰে জনা যায় ?
উত্তৰঃ উৎপত্তি অঞ্চলত ব্ৰহ্মপুত্ৰত য়াৰলুং চাংপো নামেৰে জনা যায় ।
৯। ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ মুঠ অংশৰ কিমানখিনি চীনৰ চাৰিসীমা ভিতৰত পৰে ?
উত্তৰঃ ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ মুঠ অংশৰ ৫০.৫ শতাংশ চীন দেশৰ চাৰিসীমা ভিতৰত পৰে ।
১০। ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ মুঠ অংশৰ কিমানখিনি বাংলাদেশৰ চাৰিসীমা ভিতৰত পৰে ?
উত্তৰঃ ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ মুঠ অংশৰ ৮.১ শতাংশ বাংলাদেশৰ চাৰিসীমা ভিতৰত পৰে ।
১১। ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ মুঠ অংশৰ কিমানখিনি ভুটানৰ চাৰিসীমা ভিতৰত পৰে ?
উত্তৰঃ ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ মুঠ অংশৰ ৭.৮ শতাংশ ভুটানৰ চাৰিসীমা ভিতৰত পৰে ।
১২। ব্ৰহ্মপুত্ৰ নদী উৎসৰ পৰা কিমান কিলেমিটাৰ পূব দিশে বৈ দক্ষিণমুৱা হৈ অৰুণাচল প্রদেশত প্ৰৱেশ কৰিছে ?
উত্তৰঃ ব্ৰহ্মপুত্ৰ নদী উৎসৰ পৰা প্রায় ১৭০০ কিলেমিটাৰ পূব দিশে বৈ দক্ষিণমুৱা হৈ অৰুণাচল প্রদেশত প্ৰৱেশ কৰিছে ।
১৩। ভাৰতবৰ্ষৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ মুঠ অববাহিকা অঞ্চলৰ শতকৰা কিমান ভাগ অৰুণাচলত পৰিছে ?
উত্তৰঃ ভাৰতবৰ্ষৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ মুঠ অববাহিকা অঞ্চলৰ শতকৰা ৪১.৮৮ ভাগ অৰুণাচলত পৰিছে ।
১৪। মাজুলীৰ বিশ্ববিখ্যাত শিল্পবিধ কি ?
উত্তৰঃ মাজুলীৰ বিশ্ববিখ্যাত শিল্পবিধ হ'ল মুখা শিল্প ।
১৫। ভাৰতবৰ্ষৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ মুঠ অববাহিকা অঞ্চলৰ শতকৰা কিমান ভাগ অসমত পৰিছে ?
উত্তৰঃ ভাৰতবৰ্ষৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ মুঠ অববাহিকা অঞ্চলৰ শতকৰা ৩৬.৩৩ ভাগ অসমত পৰিছে ।
১৬। ভাৰতবৰ্ষৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ মুঠ অববাহিকা অঞ্চলৰ শতকৰা কিমান ভাগ মেঘালয়ত পৰিছে ?
উত্তৰঃ ভাৰতবৰ্ষৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ মুঠ অববাহিকা অঞ্চলৰ শতকৰা ৬ ভাগ মেঘালয়ত পৰিছে ।
১৭। কোন ঠাইৰ পৰা পৰিভ্ৰমী চৰাই ব্ৰহ্মপুত্র পথেৰে দক্ষিণ-পূব এছিয়ালৈকে উৰি আহে ?
উত্তৰঃ সুদূৰ ইউৰোপ, চাইবেৰিয়া আদিৰ পৰা পৰিভ্ৰমী চৰাই ব্ৰহ্মপুত্র পথেৰে দক্ষিণ-পূব এছিয়ালৈকে উৰি আহে।
১৮। ব্রহ্মপুত্র নদীত পোৱা বিৰল প্ৰজাতিৰ শিহুবিধৰ নাম কি ?
উত্তৰঃ ব্রহ্মপুত্র নদীত পোৱা বিৰল প্ৰজাতিৰ শিহুবিধৰ নাম হ'ল প্লেটানিছ গেঞ্জেটিকা (Platenish Gangetica)।
১৯। অসমৰ জলবায়ুক বিশেষভাৱে প্ৰভাৱিত কৰা বতাহৰ নাম কি ?
উত্তৰঃ অসমৰ জলবায়ুক বিশেষভাৱে প্ৰভাৱিত কৰা বতাহৰ নাম হ'ল মৌচুমী বতাহ ।
২০। অসমত কোন সময়ত মৌচুমী বায়ুৰ আগমন ঘটে ?
উত্তৰঃ অসমত জুন মাহৰ আৰম্ভণিৰে পৰা মৌচুমী বায়ুৰ আগমন ঘটে ।
২১। বৰদৈচিলা অহা মানে কি ?
উত্তৰঃ মার্চ মাহৰ শেষৰ পৰা প্রায় গোটেই এপ্রিল মাহত অসমত যি ধুমুহা বতাহ বলে তাকে স্থানীয় লোকে বৰদৈচিলা অহা বুলি কয়।
২২। অসমৰ অর্থনীতি প্ৰধানকৈ কিহৰ ওপৰত নিৰ্ভৰশীল ?
উত্তৰঃ অসমৰ অর্থনীতি প্ৰধানকৈ কৃষিৰ ওপৰত নিৰ্ভৰশীল।
২৩। অসমৰ গ্রামাঞ্চলৰ শতকৰা ৮৬ ভাগ লোক কি কি প্রাথমিক কার্যৰ লগত জড়িত ?
উত্তৰঃ অসমৰ গ্রামাঞ্চলৰ শতকৰা ৮৬ ভাগ লোক শস্য উৎপাদন, মাছমৰা আৰু বনজ সম্পদ আহৰণ কৰা আদি প্রাথমিক কার্যৰ লগত জড়িত।
২৪। ব্রহ্মপুত্ৰ-বৰাক উপত্যকাৰ মাটি কেনে ধৰণৰ ?
উত্তৰঃ ব্রহ্মপুত্ৰ-বৰাক উপত্যকাৰ মাটি প্ৰধানত নদীগঠিত পলসুৱা ।
HS 2nd Year Swadesh Adhyayan Chapter 1 Common Short Question Answer Assamese Medium
২৫। অসমত পোৱা মাটি চাৰিবিধৰ নাম লিখা ।
উত্তৰঃ অসমত পোৱা মাটি চাৰিবিধ হ'ল- পলসুৱা মাটি, পাহাৰীয়া মাটি, কংকৰীয়া মাটি আৰু ৰঙামাটি বা লেটাৰাইট মাটি।
২৬। পলসুৱা মাটিক কি কি ভাগত ভগোৱা হয় ?
উত্তৰঃ পলসুৱা মাটিক দুটা ভাগত ভগোৱা হয় - নতুন পলসুৱা মাটি আৰু পুৰণি পলসুৱা মাটি ।
২৭। নতুন পলসুৱা মাটিৰ ৰং কেনে ?
উত্তৰঃ নতুন পলসুৱা মাটিৰ ৰং সাধাৰণতে মধ্যমীয়াৰ পৰা গাঢ় ধোঁৱা বৰণীয়া।
২৮। নতুন পলসুৱা মাটি অসমৰ ক'ত পোৱা যায় ?
উত্তৰঃ অসমৰ ব্রহ্মপুত্র আৰু বৰাকৰ দুয়োপাৰে সঘনে বানপানী হোৱা অঞ্চল প্রধানকৈ নতুন পলসুৱা মাটি পোৱা যায়।
২৯। পুৰণি পলসুৱা মাটিৰ ৰং কেনে ?
উত্তৰঃ পুৰণি পলসুৱা মাটিৰ ৰং গাঢ় মটীয়াৰ পৰা মটীয়া-হালধীয়া ।
৩০। পুৰণি পলসুৱা মাটি অসমৰ ক'ত পোৱা যায় ?
উত্তৰঃ কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, বৰপেটা, নলবাৰী, কামৰূপ, দৰং, শোণিতপুৰ, লক্ষীমপুৰ আৰু অংশ বিশেষে ধেমাজি জিলাত পুৰণি পলসুৱা মাটি পোৱা যায় ।
৩১। অসমৰ কোনবিধ মাটিত জৈৱিক পদার্থ আৰু নাইট্ৰ'জেন অধিক থাকে ?
উত্তৰঃ অসমৰ পাহাৰীয়া মাটিত জৈৱিক পদার্থ আৰু নাইট্ৰ'জেন অধিক থাকে ।
৩২। কিহৰ ওপৰত নিৰ্ভৰ কৰি অসমৰ পাহাৰীয়া মাটিক ভাগ কৰা হয় ?
উত্তৰঃ ভৌতিক আৰু ৰাসায়নিক মিশ্ৰণৰ ওপৰত নিৰ্ভৰ কৰি অসমৰ পাহাৰীয়া মাটিক ভাগ কৰা হয় ।
৩৩। অসমৰ পাহাৰীয়া মাটিক কেইটা ভাগত ভাগ কৰা হয় ?
উত্তৰঃ অসমৰ পাহাৰীয়া মাটিক দুটা ভাগত ভাগ কৰা হয় - বালিয়া আৰু বালি-আঁহীয়া ।
৩৪। অসমৰ কি মাটিত অম্লতাৰ পৰিমাণ কম ?
উত্তৰঃ অসমৰ ৰঙা বালি-আঁহীয়া মাটিত অম্লতাৰ পৰিমাণ কম ।
৩৫। অসমৰ কোন অঞ্চলত কংকৰীয় মাটি পোৱা যায় ?
উত্তৰঃ অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমভূমিৰ মাজত এক ঠেক অঞ্চলত কংকৰীয় মাটি পোৱা যায়।
৩৬। কি মাটিত ওখ ঘাঁহ গজে ?
উত্তৰঃ ভাৱৰ মাটিত ওখ ঘাঁহ গজে ।
৩৭। ৰঙামাটি বা লেটাৰাইট সাধাৰণতে কেনে অঞ্চলত পোৱা যায় ?
উত্তৰঃ ডিমা হাচাও জিলা আৰু কাৰ্বি মালভূমিৰ হামৰেণ অঞ্চলত প্রধানকৈ ৰঙামাটি বা লেটাৰাইট পোৱা যায় ।
৩৮। কেনেধৰণৰ মাটিত লৌহকণাৰ পৰিমাণ বেছি হয় ?
উত্তৰঃ ৰঙামাটি বা লেটাৰাইট মাটিত লৌহকণাৰ পৰিমাণ বেছি হয় ।
৩৯। ২০১১ চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা কিমান ?
উত্তৰঃ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা ৩১,২০৫,৫৭৬ জন।
৪০। ২০১১ চনৰ ভাৰত চৰকাৰৰ লোকপিয়ল মতে উত্তৰ-পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক ?
উত্তৰঃ ২০১১ চনৰ ভাৰত চৰকাৰৰ লোকপিয়ল মতে উত্তৰ-পূৰ্বাঞ্চলৰ মিজোৰাম ৰাজ্যৰ (৯১.৩৩) সাক্ষৰতাৰ হাৰ সৰ্বাধিক ।
৪১। ২০১১ চনৰ ভাৰত চৰকাৰৰ লোকপিয়ল মতে উত্তৰ-পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন ?
উত্তৰঃ ২০১১ চনৰ ভাৰত চৰকাৰৰ লোকপিয়ল মতে উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ (৬৫.৩৮) সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন ।
৪২। ২০১১ চনৰ ভাৰত চৰকাৰৰ লোকপিয়ল মতে উত্তৰ-পূৰ্বাঞ্চলৰ অসম ৰাজ্যত সাক্ষৰতাৰ হাৰ কিমান ?
উত্তৰঃ ২০১১ চনৰ ভাৰত চৰকাৰৰ লোকপিয়ল মতে উত্তৰ-পূৰ্বাঞ্চলৰ অসম ৰাজ্যৰ সাক্ষৰতাৰ হাৰ হ'ল ৭২.১৯ ।
৪৩। ২০১১ চনৰ লোকপিয়ল অনুসৰি প্ৰতি বৰ্গকিলোমিটাৰত অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান ?
উত্তৰঃ ২০১১ চনৰ লোকপিয়ল অনুসৰি প্ৰতি বৰ্গকিলোমিটাৰত অসমৰ জনসংখ্যাৰ ঘনত্ব ৩৯৭ জন।
৪৪। ২০১১ চনৰ ভাৰত চৰকাৰৰ লোকপিয়ল অনুসৰি প্ৰতি বৰ্গকিলোমিটাৰত উত্তৰ-পূৰ্বাঞ্চলৰ কোন খন ৰাজ্যৰ জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক ?
উত্তৰঃ ২০১১ চনৰ ভাৰত চৰকাৰৰ লোকপিয়ল অনুসৰি প্ৰতি বৰ্গকিলোমিটাৰত উত্তৰ-পূৰ্বাঞ্চলৰ অসম ৰাজ্যৰ জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক ।
৪৫। ২০১১ চনৰ ভাৰত চৰকাৰৰ লোকপিয়ল অনুসৰি প্ৰতি বৰ্গকিলোমিটাৰত উত্তৰ-পূৰ্বাঞ্চলৰ কোন খন ৰাজ্যৰ জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন ?
উত্তৰঃ ২০১১ চনৰ ভাৰত চৰকাৰৰ লোকপিয়ল অনুসৰি প্ৰতি বৰ্গকিলোমিটাৰত উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশৰ (১৭ জন) জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন ।
৪৬। অসম ৰাজ্য কোন জলবায়ু অঞ্চলৰ অন্তৰ্গত ?
উত্তৰঃ অসম ৰাজ্য সেমেকা উপক্ৰান্তীয় জলবায়ু অঞ্চলৰ অন্তৰ্গত ।
৪৭। উত্তৰ-পূৰ্বাঞ্চলৰ চৌপাশৰ বিদেশী ৰাষ্ট্ৰ কেইখনৰ নাম লিখা ।
উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ চৌপাশৰ বিদেশী ৰাষ্ট্ৰ কেইখনৰ নাম হ'ল নেপাল, ভুটান, চীন, ম্যানমাৰ আৰু বাংলাদেশ।
৪৮। ঐতিহাসিক ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল ?
উত্তৰঃ ঐতিহাসিক ইয়াণ্ডাবু সন্ধি ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ইংৰাজ আৰু ব্ৰহ্মদেশৰ মাজত স্বাক্ষৰিত হৈছিল ।
৪৯। মণিপুৰ আৰু ত্ৰিপুৰাক কিমান চনত পূর্ণাঙ্গ ৰাজ্যৰ মর্যাদা দিয়া হয় ?
উত্তৰঃ মণিপুৰ আৰু ত্ৰিপুৰাক ১৯৭২ চনৰ ২১ জানুৱাৰীত পূর্ণাঙ্গ ৰাজ্যৰ মর্যাদা দিয়া হয় ।
৫০। সামগ্রিকভাৱে উত্তৰ-পূর্বাঞ্চল কি ভৌগোলিক অঞ্চলৰ সংগমস্থলত অৱস্থিত ?
উত্তৰঃ সামগ্রিকভাৱে উত্তৰ-পূর্বাঞ্চল ইণ্ডো মালয়ান, ইন্দোচীন আৰু ইণ্ডিয়ান জৈৱ ভৌগোলিক অঞ্চলৰ সংগমস্থলত অৱস্থিত।
৫১। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ পৰিসীমাৰ কিমান শতাংশ বিদেশী ৰাষ্ট্ৰই আগুৰি আছে ?
উত্তৰঃ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ পৰিসীমাৰ প্ৰায় ৯৯ শতাংশ বিদেশী ৰাষ্ট্ৰই আগুৰি আছে ।
৫২। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ পৰিসীমাৰ কিমান কিলোমিটাৰ বিদেশী ৰাষ্ট্ৰই আগুৰি আছে ?
উত্তৰঃ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ পৰিসীমাৰ ৫১৮২ কিলোমিটাৰ বিদেশী ৰাষ্ট্ৰই আগুৰি আছে ।
HS 2nd Year Swadesh Adhyaya Common MCQ for HS 2026
- HS 2nd Year Swadesh Adhyayan Chapter 1 Common Question for HS 2026
- HS 2nd Year Swadesh Adhyayan Chapter 2 Common Question for HS 2026
- HS 2nd Year Swadesh Adhyayan Chapter 3 Common Question for HS 2026
- HS 2nd Year Swadesh Adhyayan Chapter 4 Common Question for HS 2026
- HS 2nd Year Swadesh Adhyayan Chapter 5 Common Question for HS 2026
- HS 2nd Year Swadesh Adhyayan Chapter 6 Common Question for HS 2026
- HS 2nd Year Swadesh Adhyayan Chapter 7 Common Question for HS 2026
- HS 2nd Year Swadesh Adhyayan Chapter 8 Common Question for HS 2026
HS 2nd Year Political Science Common MCQ for HS 2026
- Chapter 1 : The End of Bipolarity (দ্বি ৰাষ্ট্ৰবাদৰ অৱসান)
- Chapter 2 : Contemporary Centre of Power (ক্ষমতাৰ সমসাময়িক কেন্দ্রস্থলসমূহ)
- Chapter 3 : Contemporary South Asia (সমসাময়িক দক্ষিণ এছিয়া)
HS 2nd Year Education Common MCQ for HS 2026
- Chapter 1 : The development of secondary education in India (ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা)
- Chapter 2 : Non-formal Education (অগতানুগতিক শিক্ষা)
- Chapter 3 : Current Trends In Education (শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ)
HS 2nd Year Economics Common MCQ for HS 2026
- Chapter 1 : National Income and Related Aggregates (জাতীয় আয় আৰু অন্যান্য ধাৰণা)
- Chapter 2 : Determination of Income and Employment (আয় আৰু নিয়োগ নির্ধাৰণ)
HS 2nd Year Logic and Philosophy Common MCQ for HS 2026
- Chapter 1 : Induction, its kinds (আগমন আৰু ইয়াৰ প্ৰকাৰ)
No comments:
Post a Comment
Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.