HS 2nd Year Swadesh Adhyayan Chapter 6 Common Questions Answers for HS 2026
HS 2nd Year Swadesh Adhyayan Chapter 6 Common Questions Answers for HS 2026: Political Development of Assam (অসমৰ ৰাজনৈতিক বিকাশ) is the chapter 6 from class 12 Swadesh Adhyayan. Here you can avail HS 2nd Year Swadesh Adhyayan Chapter 6 Common Questions Answers for HS 2026.
Class 12 Swadesh Adhyayan Question Answer Chapter 6
The political landscape of Assam has evolved significantly, from its early status within British India to its current state as a constituent state of India, marked by various milestones and challenges. Assam's political development can be broadly divided into pre-independence, post-independence, and contemporary periods, each characterized by distinct features.
HS 2nd Year Swadesh Adhyayan Chapter 6 Common MCQ for HS 2026
১। ঐতিহাসিক ইয়াণ্ডাবু সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল ? HS 2020
(ক) ১৮২৪ (খ) ১৮২৫
(গ) ১৮২৬ (ঘ) ১৮২৮
উত্তৰঃ (গ) ১৮২৬
২। কোন চনত ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল ? HS 2020
(ক) ১২২৮ (খ) ১৯২০
(গ) ১৯৩৫ (ঘ) ১৯৪২
উত্তৰঃ (ঘ) ১৯৪২
৩। ইংৰাজৰ বিৰুদ্ধে ভাৰতবৰ্ষত কোন চনত চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল ? HS 2022, 2023
(ক) ১৮৩৩ (খ) ১৮৩৮
(গ) ১৮৫৩ (ঘ) ১৮৫৭
উত্তৰঃ (ঘ) ১৮৫৭
৪। কোন চনত নগাঁৱৰ ফুলগুৰিত কৃষক সকলে ব্ৰিটিছৰ খাজানা নীতিৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰিছিল ? HS 2022, 2025
(ক) ১৮২৮ (খ) ১৮৫৭
(গ) ১৮৬১ (ঘ) ১৮৯৩
উত্তৰঃ (গ) ১৮৬১
৫। ফুলগুৰি বিদ্রোহ কোন চনত হৈছিল ? HS 2024
(ক) ১৯৪৭ (খ) ১৮৬১
(গ) ১৮৫৭ (ঘ) ১৯৫০
উত্তৰঃ (খ) ১৮৬১
৬। অসমৰ প্রথমটো ৰাজনৈতিক সংগঠন 'অসম এছ'ছিয়েশ্বন' নিম্ন উল্লেখিত কোন চনত গঠিত হৈছিল ? HS 2025
(ক) ১৯০১ (খ) ১৯০৩
(গ) ১৯১৬ (ঘ) ১৯২৪
উত্তৰঃ (খ) ১৯০৩
৭। কোন চনত কেপ্তেইন থমাছ ৱেলচ অসমলৈ আহিছিল ?
(ক) ১৭৬৬ (খ) ১৮২৩
(গ) ১৮২২ (ঘ) ১৮২৬
উত্তৰঃ (ক) ১৭৬৬
৮। কোন চনত প্রথম ইংগ-বার্মা যুদ্ধ সংঘটিত হৈছিল ?
(ক) ১৮২২ (খ) ১৮২৪
(গ) ১৮২৬ (ঘ) ১৮২৮
উত্তৰঃ (খ) ১৮২৪
৯। কোন চনত অসমত দ্বিতীয়টো ব্রিটিছ বিৰোধী অভ্যুত্থান সংঘটিত হৈছিল ?
(ক) ১৮২১ (খ) ১৮২৩
(গ) ১৮২৬ (ঘ) ১৮২৯
উত্তৰঃ (ঘ) ১৮২৯
১০। ৰজা হৈয়ে কোনজন আহোম ৰজাই স্বৰ্গদেউ উপাধি গ্রহণ কৰিছিল ?
(ক) ৰুদ্ৰসিংহ (খ) পুৰন্দৰ সিংহ
(গ) গৌৰীনাথ সিংহ (ঘ) চন্দ্ৰকান্ত সিংহ
উত্তৰঃ (খ) পুৰন্দৰ সিংহ
১১। কোন চনত পথৰুঘাটৰ কৃষক বিদ্রোহ হৈছিল ?
(ক) ১৮৯২ (খ) ১৮২৬
(গ) ১৮৯৪ (ঘ) ১৮৬১
উত্তৰঃ (গ) ১৮৯৪
১২। অসমৰ স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল ?
(ক) তৰুণৰাম ফুকন (খ) ঢেকিয়াল ফুকন
(গ) ৰোহিণী কুমাৰ চৌধুৰী (ঘ) গোপীনাথ বৰদলৈ
উত্তৰঃ (ক) তৰুণৰাম ফুকন
১৩। অসমৰ স্বৰাজ পাৰ্টিৰ সম্পাদক কোন আছিল ?
(ক) তৰুণৰাম ফুকন (খ) ঢেকিয়াল ফুকন
(গ) ৰোহিণী কুমাৰ চৌধুৰী (ঘ) গোপীনাথ বৰদলৈ
উত্তৰঃ (গ) ৰোহিণী কুমাৰ চৌধুৰী
১৪। স্বৰাজ পাৰ্টি আৰু কংগ্ৰেছ কোন চনত একত্ৰিত হয় ?
(ক) ১৯২০ (খ) ১৯২৩
(গ) ১৯২৬ (ঘ) ১৯২৯
উত্তৰঃ (খ) ১৯২৩
১৫। কোন চনত ভাৰতবৰ্ষই পূর্ণ স্বৰাজ লাভ কৰে ?
(ক) ১৯৪৫ চনৰ ১৫ আগষ্ট (খ) ১৯৪৭ চনৰ ১৬ আগষ্ট
(গ) ১৯৫০ চনৰ ১৩ ফেব্ৰুৱাৰী (ঘ) ১৯৫০ চনৰ ২৬ জানুৱাৰী
উত্তৰঃ (খ) ১৯৪৭ চনৰ ১৬ আগষ্ট
১৬। কোন চনত অসমত ভাষা আন্দোলন আৰম্ভ হয় ?
(ক) ১৯৪০ (খ) ১৯৫০
(গ) ১৯৬০ (ঘ) ১৯৭২
উত্তৰঃ (গ) ১৯৬০
HS 2nd Year Swadesh Adhyayan Chapter 6 Common Short Question answers for HS 2026
১। ইংৰাজৰ কৰ নীতিৰ বিৰুদ্ধে অসমত প্ৰথম ক'ত ক'ত কৃষক বিদ্ৰোহ আৰম্ভ হৈছিল ? HS 2020
উত্তৰঃ ইংৰাজ কৰ নীতিৰ বিৰুদ্ধে অসমত প্ৰথম কৃষক বিদ্ৰোহ ১৮৬১ চনত নগাঁও জিলাৰ ফুলগুৰিত আৰম্ভ হৈছিল ।
২। ইংগ-বাৰ্মা যুদ্ধৰ দুটা কাৰণ লিখা । HS 2023
উত্তৰঃ ইংগ-বাৰ্মা যুদ্ধৰ দুটা কাৰণ হ'ল: বাৰ্মাৰ ৰাজহিংসাৰ বিতৰ্কিত নীতি আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাণিজ্যিক স্বাৰ্থ।
৩। গোমধৰ কোঁৱৰ কোন আছিল ? HS 2024
উত্তৰঃ গোমধৰ কোঁৱৰ অসম তথা ভাৰতৰ এজন স্বাধীনতা সংগ্রামী আছিল।
৪। পাইক প্রথাত প্রশাসনৰ বাবে নিয়োজিত দুবিধ বিষয়াৰ নাম লিখা। HS 2025
উত্তৰঃ পাইক প্রথাত প্রশাসনৰ বাবে নিয়োজিত দুবিধ বিষয়াৰ নাম হ'ল ফুকন, বৰুৱা । (ৰাজখোৱা, হাজৰিকা এইকেইট ও লিখিব পাৰা)
৫। আহোম ৰাজবংশই অসমত কিমান বছৰকাল ৰাজত্ব কৰিছিল ?
উত্তৰঃ আহোম ৰাজবংশই অসমত প্রায় ৬০০ বছৰকাল ৰাজত্ব কৰিছিল ।
৬। অসমত সংঘটিত মোৱামৰীয়া বিদ্ৰোহৰ প্ৰধান কাৰণ উল্লেখ কৰা।
উত্তৰঃ অসমত সংঘটিত মোৱামৰীয়া বিদ্ৰোহৰ প্ৰধান কাৰণ হ'ল আহোম ৰাজসত্ত্বৰ সময়ত অত্যাচাৰ, অসন্তোষ, আৰু অসমীয়া সমাজৰ মাজত থকা বিভাজন ।
৭। গৌৰীনাথ সিংহই মোৱামৰীয়া বিদ্রোহ দমনৰ বাবে কাৰ সহায় বিচাৰিছিল ?
উত্তৰঃ গৌৰীনাথ সিংহই মোৱামৰীয়া বিদ্রোহ দমনৰ বাবে ব্ৰিটিছৰ সাহায্য বিচাৰিছিল।
৮। কেপ্তেইন থমাছ ৱেলচ কোন চনত অসমলৈ আহিছিল ?
উত্তৰঃ কেপ্তেইন থমাছ ৱেলচ ১৭৬৬ চনত অসমলৈ আহিছিল ।
৯। মানে কেইবাৰ অসম আক্ৰমণ কৰিছিল ?
উত্তৰঃ মানে অসমক তিনিবাৰ আক্ৰমণ কৰিছিল ।
১০। মিঙ্গিমাহা বন্দুলা কোন আছিল ?
উত্তৰঃ মিঙ্গিমাহা বন্দুলা মান সেনাপতি আছিল ।
১১। কোন চনত মিঙ্গিমাহা বন্দুলাই অসম অভিযান চলাইছিল ?
উত্তৰঃ ১৮২২ চনত মিঙ্গিমাহা বন্দুলাই অসম অভিযান চলাইছিল ।
১২। ডেভিড স্কর্ট কোন আছিল ?
উত্তৰঃ ডেভিড স্কর্ট এজন সুদক্ষ ইংৰাজ প্রশাসক আছিল।
১৩। প্রথম ইংগ-বার্মা যুদ্ধ কোন চনত সংঘটিত হৈছিল ?
উত্তৰঃ প্রথম ইংগ-বার্মা যুদ্ধ ১৮২৪ চনত সংঘটিত হৈছিল।
১৪। প্রথম ইংগ-বার্মা যুদ্ধ কাৰ কাৰ মাজত হৈছিল ?
উত্তৰঃ প্রথম ইংগ-বার্মা যুদ্ধ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ব্ৰহ্মদেশৰ মান ৰজাৰ মাজত হৈছিল।
১৫। প্রথম ইংগ বার্মা যুদ্ধত কোন পক্ষ জয়ী হৈছিল ?
উত্তৰঃ প্রথম ইংগ বার্মা যুদ্ধত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া জয়ী হৈছিল ।
১৬। প্রথম ইংগ বার্মা যুদ্ধৰ সময়ত ব্ৰহ্মদেশৰ মান ৰজাজনৰ নাম কি আছিল ?
উত্তৰঃ প্রথম ইংগ-বর্মি যুদ্ধৰ সময়ত ব্ৰহ্মদেশৰ মান ৰজাজনৰ নাম আছিল বোদাপ্পায়া ।
১৭। ইয়াণ্ডাবু সন্ধি কোন চনত স্বাক্ষৰিত হয় ?
উত্তৰঃ ইয়াণ্ডাবু সন্ধি ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰিত হয় ।
১৮। ডেভিড স্কটে অসমৰ ৰাজহ ব্যৱস্থাটো কিহৰ ওপৰত ভিত্তি কৰি গঢ়ি তুলিছিল ?
উত্তৰঃ ডেভিদ স্কটে অসমৰ ৰাজহ ব্যৱস্থাটোক আহোমে পূৰ্বতে প্রতিষ্ঠা কৰা খেল প্ৰথাৰ ওপৰত ভিত্তি কৰি গঢ়ি তুলিছিল।
১৯। 'খৰিকটনা' কি ?
উত্তৰঃ 'খৰিকটনা' হ'ল এবিধ কৰ ।
২০। 'চৰুকৰ' কি ?
উত্তৰঃ খৰিকটনা কৰবিধক দৰঙত চৰুকৰ নামেৰে জনা গৈছিল ।
২১। অসমত প্রথম ব্রিটিছ বিৰোধী বিদ্রোহ কোন চনত হৈছিল ?
উত্তৰঃ অসমত প্রথম ব্রিটিছ বিৰোধী বিদ্রোহ ১৮২৮ চনত হৈছিল ।
২২। অসমত প্রথম ব্রিটিছ বিৰোধী বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?
উত্তৰঃ অসমত প্রথম ব্রিটিছ বিৰোধী বিদ্ৰোহৰ নেতৃত্ব গোমধৰ কোঁৱৰে দিছিল ।
২৩। গোমধৰ কোঁৱৰক ক'ত আনুষ্ঠানিকভাবে ৰজা ঘোষণা কৰা হৈছিল ?
উত্তৰঃ যোৰহাটৰ দক্ষিণ পশ্চিম কোণত অৱস্থিত বচা নামৰ ঠাইত গোমধৰ কোঁৱৰক আনুষ্ঠানিকভাৱে ৰজা হিচাপে ঘোষণা কৰা হৈছিল ।
২৪। অসমৰ প্ৰথম ব্ৰিটিছ বিৰোধী অভিযান কোন ব্রিটিছ বিষয়াই দমন কৰিছিল ?
উত্তৰঃ অসমৰ প্ৰথম ব্ৰিটিছ বিৰোধী অভিযান ব্রিটিছ বিষয়া লেফটেনেন্ট ৰাডাৰ ফোর্ডে দমন কৰিছিল ।
২৫। অসমত কোন চনত দ্বিতীয়টো ব্রিটিছ বিৰোধী অভ্যুত্থান সংঘটিত হৈছিল ?
উত্তৰঃ অসমত ১৮২৯ চনত দ্বিতীয়টো ব্রিটিছ বিৰোধী অভ্যুত্থান সংঘটিত হৈছিল ।
২৬। দ্বিতীয় ব্রিটিছ বিৰোধী অভ্যুত্থানৰ নেতাজনৰ নাম কি আছিল ?
উত্তৰঃ দ্বিতীয় ব্রিটিছ বিৰোধী অভ্যুত্থানৰ নেতাজনৰ নাম আছিল - গদাধৰ সিংহ।
২৭। কোন চনত ব্ৰিটিছৰ বিৰুদ্ধে তৃতীয়টো বিদ্রোহ হৈছিল ?
উত্তৰঃ ১৮২৯ চনৰ শেষৰ ফালে ব্ৰিটিছৰ বিৰুদ্ধে তৃতীয়টো বিদ্রোহ হৈছিল ।
২৮। ৰূপচান্দ কোঁৱৰ কোন আছিল ?
উত্তৰঃ ৰূপচান্দ কোঁৱৰ আহোম ৰাজবংশীয় আৰু অসমৰ স্বাধীনতা আন্দোলনৰ এগৰাকী অগ্নিকাৰী মুক্তি সংগ্ৰামী আছিল ।
২৯। পুৰন্দৰ সিংহই কোন চনত আনুষ্ঠানিক ভাবে ৰাজ সিংহাসনত আৰোহন কৰিছিল ?
উত্তৰঃ পুৰন্দৰ সিংহই ১৮১৮ চনত আনুষ্ঠানিক ভাবে ৰাজ সিংহাসনত আৰোহণ কৰিছিল ।
৩০। ৰজা হৈয়ে পুৰন্দৰ সিংহই কি উপাধি গ্রহণ কৰিছিল ?
উত্তৰঃ ৰজা হৈয়ে পুৰন্দৰ সিংহই স্বৰ্গদেউ উপাধি গ্রহণ কৰিছিল ।
৩১। এ.জে. ম'ফর্ট মিলচ্ কোন আছিল ?
উত্তৰঃ এ.জে. ম'ফর্ট মিলচ্ সদৰ দেৱানী আদালতৰ বিচাৰপতি আছিল ।
৩২। চিপাহী বিদ্রোহ কোন চনত সংঘটিত হৈছিল ?
উত্তৰঃ চিপাহী বিদ্রোহ ১৮৫৭ চনত সংঘটিত হৈছিল ।
৩৩। মিল প্রতিবেদন কোন চনত দাখিল কৰা হৈছিল ?
উত্তৰঃ মিল প্রতিবেদন ১৮৫৩ চনত দাখিল কৰা হৈছিল ।
৩৪। অসমত চিপাহী বিদ্ৰোহৰ প্ৰধান নেতাগৰাকী কোন আছিল ?
উত্তৰঃ অসমত চিপাহী বিদ্ৰোহৰ প্ৰধান নেতাগৰাকী মানিৰাম দেৱান আছিল ।
৩৫। অসমৰ প্ৰথমগৰাকী ব্ৰিটিছ বিৰোধী স্বাধীনতা সংগ্ৰামৰ সংগ্ৰামী কাক বোলা হয় ?
উত্তৰঃ অসমৰ প্ৰথমগৰাকী ব্ৰিটিছ বিৰোধী স্বাধীনতা সংগ্ৰামৰ সংগ্ৰামী মানিৰাম দেৱানক বোলা হয় ।
৩৬। ৰাইজমেল কি ?
উত্তৰঃ ৰাইজমেল প্ৰাক ব্ৰিটিছ আৰু ব্ৰিটিছ ৰাজত্বৰ আৰম্ভনি কালচোৱাত অসমীয়া সাধাৰণ প্ৰজাৰ এক সামাজিক মঞ্চ ।
৩৭। ফলগুৰি কৃষক বিদ্রোহ কোন চনত হৈছিল ?
উত্তৰঃ ফুলগুৰি কৃষক বিদ্ৰোহ ১৮৬১ চনত হৈছিল।
৩৮। কোনটো বিদ্রোহক অসমৰ কৃষক বিদ্ৰোহৰ বাটকটীয়া বোলা হয় ?
উত্তৰঃ ফুলগুৰি ধেৱা বিদ্রোহক অসমৰ কৃষক বিদ্ৰোহৰ বাটকটীয়া বোলা হয় ।
৩৯। পথৰুঘাটৰ কৃষক বিদ্রোহ কোন চনত হৈছিল ?
উত্তৰঃ পথৰুঘাটৰ কৃষক বিদ্ৰোহ ১৮৯৪ চনত হৈছিল ।
৪০। পথৰুঘাটৰ বিদ্ৰোহৰ বিষয়ে কোনখন পুথিত তথ্য পোৱা যায় ?
উত্তৰঃ "দলি পুৰাণ" নামৰ পুথিত পথৰুঘাটৰ বিদ্ৰোহৰ বিষয়ে তথ্য পোৱা যায় ।
৪১। ১৮৯৩-৯৪ চনত অসমৰ ক'ত ব্ৰিটিছৰ বিৰুদ্ধে কৃষক বিদ্রোহ হৈছিল ?
উত্তৰঃ ১৮৯৩-৯৪ চনত অসমৰ ৰঙিয়াত ব্ৰিটিছৰ বিৰুদ্ধে কৃষক বিদ্রোহ হৈছিল ।
৪২। লাচিমাৰ কৃষক বিদ্ৰোহৰ সুত্রপাত কোন চনত হৈছিল ?
উত্তৰঃ লাচিমাৰ কৃষক বিদ্ৰোহৰ সুত্রপাত ১৮৯৪ চনত হৈছিল ।
৪৩। 'যোৰহাট সার্বজনিক সভা' কোন চনত প্রতিষ্ঠা কৰা হয় ?
উত্তৰঃ 'যোৰহাট সার্বজনিক সভা' ১৮৮৪ চনত প্রতিষ্ঠা কৰা হয় ।
৪৪। কাৰ নেতৃত্বত যোৰহাট সার্বজনিক সভা প্রতিষ্ঠা কৰা হয় ?
উত্তৰঃ জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সার্বজনিক সভা প্রতিষ্ঠা কৰা হয় ।
৪৫। কোন চনত 'অসম এছ'ছিয়েশ্বনে' অসম প্রাদেশিক কংগ্ৰেছৰ সৈতে একত্রিত হয় ?
উত্তৰঃ ১৯২১ চনত অসম এছ'ছিয়েশ্বনে অসম প্রাদেশিক কংগ্ৰেছৰ সৈতে একত্রিত হয় ।
৪৬। অসহযোগ আন্দোলন কোন চনত আৰম্ভ হয় ?
উত্তৰঃ অসহযোগ আন্দোলন ১৯২০ চনত আৰম্ভ হয় ।
৪৭। বংগ বিভাজন কোন চনত কৰা হৈছিল ?
উত্তৰঃ বংগ বিভাজন ১৯০৫ চনত কৰা হৈছিল ।
৪৮। মহাত্মা গান্ধীয়ে কাক অসমৰ সৰোজনী আখ্যা দিছিল ?
উত্তৰঃ মহাত্মা গান্ধীয়ে ভানুমতী তালুকদাৰক অসমৰ সৰোজনী আখ্যা দিছিল ।
৪৯। স্বৰাজ পাৰ্টি কোন চনত গঠিত হৈছিল ?
উত্তৰঃ স্বৰাজ পাৰ্টি ১৯২১ চনৰ ১ জানুৱাৰীত গঠিত হৈছিল।
৫০। প্ৰথম ঘুৰণীয়া মেজ মেল কোন চনত অনুষ্ঠিত হৈছিল ?
উত্তৰঃ প্ৰথম ঘুৰণীয়া মেজ মেল ১৯৩০ চনত লণ্ডনত অনুষ্ঠিত হৈছিল ।
৫১। দণ্ডি যাত্ৰা কোন দিনা আৰম্ভ হৈছিল ?
উত্তৰঃ দণ্ডী যাত্ৰা ১৯৩০ চনৰ ১২ মাৰ্চ তাৰিখে আৰম্ভ হৈছিল ।
No comments:
Post a Comment
Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.