17 Mar 2026

Class 9 Assamese Chapter 1 Question Answer শিশুলীলা Question Answers

Class 9 Assamese Chapter 1 Question Answer শিশুলীলা Question Answers

Class 9 Assamese Chapter 1 Question Answer শিশুলীলা Question Answers


Class 9 Assamese Chapter 1 Question Answer শিশুলীলা Question Answers: নৱম শ্ৰেণীৰ অসমীয়া; প্ৰথম পাঠ শিশুলীলা পাঠটি শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত। Here you can avail Class 9 Assamese Chapter 1 Question Answer.


সাৰাংশঃ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত ‘কীৰ্তন-ঘোষা’ৰ অন্তৰ্গত ‘শিশুলীলা’ পাঠটি এটি ভক্তিৰসৰ উত্তম উদাহৰণ। এই পাঠত, যশোদাৰ গভীৰ ভক্তিৰ বলত তেওঁ জগতৰ সৃষ্টিকৰ্তা ভগৱান কৃষ্ণক পুত্ৰ হিচাপে লাভ কৰিছে। কৃষ্ণই পৰমব্ৰহ্ম হৈও যশোদাৰ পুত্ৰ হিচাপে মানৱীয় লীলা প্ৰদৰ্শন কৰিছে। পাঠটিত কৃষ্ণৰ শিশুসুলভ দুষ্টালিৰ এক মনোমোহা ৰূপ দাঙি ধৰা হৈছে, যিটো আমাৰ চিনাকি শিশুৰ দৰেই লাগে। কিন্তু এই বাল্যলীলাৰ আঁৰত লুকাই থকা জগতৰ সৃষ্টিকৰ্তা ঈশ্বৰৰ প্ৰতি থকা ভক্তিহে পাঠটিৰ মূল তাৎপৰ্য। শ্ৰীমন্ত শংকৰদেৱে কৃষ্ণৰ মানৱীয় কাৰ্যকলাপসমূহক সুন্দৰ বৰ্ণনা, মনোৰম ছন্দ আৰু শব্দৰ ব্যৱহাৰেৰে এক সুকীয়া গাম্ভীৰ্য প্ৰদান কৰিছে।



শিশুলীলা Class 9 Chapter 1 Question Answers | Class 9 Assamese Chapter 1 Question Answer PDF

প্ৰশ্নাৱলীঃ

ভাব一বিষয়ক

১। অতি চমু প্ৰশ্নৰ উত্তৰ লিখা।

(ক) ‘কৃষ্ণগীত গাৱন্ত সুন্দৰী’।।

        一 কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন ?

উত্তৰঃ কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হ’ল নন্দৰজাৰ পত্নী যশোদা।


(খ) কৰ্ণত কুণ্ডল দোলে আতি।

       一 কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে ?

উত্তৰঃ ইয়াত শ্ৰীকৃষ্ণৰ কৰ্ণত জিলিকি থকা কুণ্ডলৰ কথা কোৱা হৈছে।


(গ) কাম্পে কোপে অৰুণ অধৰ।

      一 ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে ?

উত্তৰঃ ইয়াত শ্ৰীকৃষ্ণৰ খঙত কঁপি থকা ৰঙা ওঁঠৰ কথা কোৱা হৈছে।


(ঘ) মথনিত ধৰিয়া নিষেধি।

      一 ‘মথনি’ শব্দৰ অৰ্থ কি ?

উত্তৰঃ ‘মথনি’ শব্দৰ অৰ্থ হ’ল গাখীৰ ঘুঁটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি।


(ঙ) ‘নোজোড়ে আঙ্গুল দুই জৰী’ 一 ইয়াত কাৰ জৰীৰ নাটনি হৈছে ?

উত্তৰঃ ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ মাক যশোদাৰ জৰীৰ নাটনি হৈছে।


(চ) ‘ৰুণ ঝুণ কেয়ূৰ কঙ্কণ’।

      一 কাৰ কেয়ূৰ কঙ্কণৰ ‘ৰুণ ঝুণ’ শব্দৰ কথা ইয়াত কোৱা হৈছে ?

উত্তৰঃ ইয়াত যশোদাৰ হাতৰ খাৰু আৰু বাজুৰ ‘ৰুণ ঝুণ’ শব্দৰ কথা কোৱা হৈছে।


২। ‘শিশুলীলা’ পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা।

উত্তৰঃ ‘শিশুলীলা’ পাঠটিত শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপটি অতি সুন্দৰভাৱে ফুটি উঠিছে। কৃষ্ণই এজন সাধাৰণ শিশুৰ দৰেই মাকৰ ওচৰত গাখীৰ খাবলৈ দৌৰি গৈছে, মাকৰ গাখীৰ মথাত বাধা দিছে। যেতিয়া মাকে তেওঁক এৰি থৈ উতলি থকা গাখীৰ নমাবলৈ গৈছে, তেতিয়া খঙত তেওঁ দধিৰ ভাণ্ড শিল দলিয়াই ভাঙি পেলাইছে। ইয়াৰ পিছত, চোৰৰ দৰে লৱণু চুৰি কৰি খাইছে আৰু বান্দৰকো বিলাইছে। মাকৰ হাতত ধৰা পৰাৰ ভয়ত পলাইছে আৰু ধৰা পৰাৰ পিছত কান্দি কান্দি চকু মুদি দিছে। এই সকলোবোৰ কাৰ্যই শ্ৰীকৃষ্ণৰ শিশুসুলভ মানৱীয় ৰূপটোকে প্ৰকাশ কৰিছে।


৩। শংকৰদেৱৰ মহত্ত্বম সৃষ্টি ‘কীৰ্তন-ঘোষা’ৰ বিষয়ে এটি চমুটোকা লিখা।

উত্তৰঃ ‘কীৰ্তন-ঘোষা’ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত এখন অন্যতম শ্ৰেষ্ঠ কাব্য। ই অসমীয়া নৱ-বৈষ্ণৱ ধৰ্মৰ চাৰি পুথিৰ ভিতৰত অন্যতম। ‘কীৰ্তন-ঘোষা’ক অসমীয়া সমাজৰ জাতীয় গ্ৰন্থ বুলিও কোৱা হয়। এই গ্ৰন্থখনত মুঠতে ত্ৰিশটা খণ্ড আছে। শংকৰদেৱে বিভিন্ন পুৰাণ, বিশেষকৈ ভাগৱত পুৰাণৰ আধাৰত ‘কীৰ্তন-ঘোষা’ ৰচনা কৰিছিল। ভগৱান শ্ৰীকৃষ্ণৰ মহিমা আৰু লীলা-খেলাৰ বৰ্ণনাই হৈছে ইয়াৰ মূল বিষয়বস্তু।


৪। ‘শিশুলীলা’ পাঠটিৰ অন্তর্নিহিত তাৎপর্য বুজাই লিখা।

উত্তৰঃ ‘শিশুলীলা’ পাঠটিৰ মূল তাৎপৰ্য হ’ল ভক্তিৰ মাহাত্ম্য প্ৰকাশ কৰা। যশোদাৰ কৃষ্ণৰ প্ৰতি থকা বাৎসল্য প্ৰেম আৰু অটল ভক্তিৰ বাবেই পৰমব্ৰহ্ম ভগৱানেও তেওঁৰ পুত্ৰ হিচাপে জন্ম লৈ মানৱীয় লীলা প্ৰদৰ্শন কৰিছে। কৃষ্ণই সাধাৰণ শিশুৰ দৰে দুষ্টালি কৰে, কিন্তু তেওঁৰ প্ৰতিটো কাৰ্যৰ আঁৰত এক ঐশ্বৰিক শক্তি লুকাই থাকে। উদাহৰণস্বৰূপে, যেতিয়া যশোদাৰ জৰীৰে কৃষ্ণক বান্ধিবলৈ চেষ্টা কৰে, তেতিয়া দুই আঙুলৰ বাবে জৰীডাল চুটি হৈ পৰে। ইয়াৰ দ্বাৰা কবিয়ে বুজাব বিচাৰিছে যে জগতৰ সৃষ্টিকৰ্তাক কোনো পাৰ্থিৱ বস্তুৰে বান্ধি ৰাখিব নোৱাৰি, কেৱল ভক্তিৰেহে তেওঁক পাব পাৰি।


৫। ‘তাহাঙ্ক তনয় মানি বলে। 

     যশোদা বান্ধন্ত উডুখলে।’

     一 কথাষাৰৰ অন্তর্নিহিত তাৎপর্য বুজাই লিখা।

উত্তৰঃ এই কথাষাৰৰ জৰিয়তে কবিয়ে ভক্তিৰ শক্তি প্ৰকাশ কৰিছে। ‘তাহাঙ্ক’ মানে যাৰ আদি, অন্ত আৰু পূৰ্বাপৰ নাই, যিজন পূৰ্ণব্ৰহ্ম আৰু জগতৰ ঈশ্বৰ। তেনে এজনাকো যশোদায়ে নিজৰ পুত্ৰ বুলি ভাবি উৰালত বান্ধিবলৈ চেষ্টা কৰিছে। ইয়াৰ অন্তৰ্নিহিত তাৎপৰ্য হ’ল যে গভীৰ ভক্তিৰ বলত মানুহে ভগৱানকো নিজৰ বুলি ভাবিব পাৰে আৰু তেওঁৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিব পাৰে। যশোদাৰ বাৎসল্য প্ৰেমৰ ওচৰত ভগৱানৰ ঐশ্বৰিক শক্তিও যেন হাৰ মানিছে।


৬। ‘নাহি আদি অন্ত পূৰ্বাপৰ।

     পূৰ্ণব্ৰহ্ম জগত ঈশ্বৰ।।’ 

     一 ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা।

উত্তৰঃ ইয়াত কবিয়ে শিশু কৃষ্ণৰ আচল স্বৰূপ প্ৰকাশ কৰিছে। কৃষ্ণক দেখাত এজন সাধাৰণ শিশু যেন লাগিলেও, তেওঁ আচলতে পূৰ্ণব্ৰহ্ম আৰু জগতৰ ঈশ্বৰ, যাৰ কোনো আৰম্ভণি বা শেষ নাই। যেতিয়া যশোদায়ে তেওঁক উৰালত বান্ধিবলৈ চেষ্টা কৰে, তেতিয়া দুই আঙুলৰ বাবে জৰী কম পৰে। এই ঘটনাৰ জৰিয়তে কবিয়ে কৃষ্ণৰ ঐশ্বৰিক গুণ প্ৰকাশ কৰিছে। তেওঁ বুজাইছে যে যিজন অসীম, তেওঁক সীমিত পাৰ্থিৱ বস্তুৰে বান্ধিব নোৱাৰি। এইদৰেই কবিয়ে কৃষ্ণৰ শিশুসুলভ আচৰণৰ মাজতো তেওঁৰ ঐশ্বৰিক গুণ প্ৰকাশ কৰিছে।



৭। ব্যাখ্যা কৰাঃ

(ক) যাক যোগী নপাৱে ধ্যানত।

      হেন হৰি পলান্ত ভয়ত।।

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত ‘শিশুলীলা’ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। ইয়াত কবিয়ে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপৰ এক সুন্দৰ চিত্ৰ দাঙি ধৰিছে। যশোদাৰ হাতত ধৰা পৰাৰ ভয়ত কৃষ্ণই পলাইছে। এই দৃশ্য দেখি কবিয়ে কৈছে যে যিসকল যোগী-ঋষিয়ে কঠোৰ তপস্যা আৰু ধ্যান কৰিও ভগৱানৰ দৰ্শন লাভ কৰিব নোৱাৰে, সেইজনা ভগৱানেই আজি এজনী সাধাৰণ গোপী, যশোদাৰ ভয়ত পলাই ফুৰিবলগীয়া হৈছে। ইয়াৰ দ্বাৰা কবিয়ে ভক্তিৰ শক্তি প্ৰকাশ কৰিছে, যাৰ বাবে ভগৱানেও মানৱীয় ৰূপ ধাৰণ কৰিবলৈ বাধ্য হৈছে।


(খ) ভাণ্ড ভাঙ্গি আবে যাইবি কোথা।

       খাইবো আজি কৃষ্ণ তোৰ মাথা।।

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত ‘শিশুলীলা’ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। ইয়াত যশোদাৰ কৃষ্ণৰ প্ৰতি থকা খং আৰু বাৎসল্য প্ৰেমৰ এক সুন্দৰ ছবি ফুটি উঠিছে। কৃষ্ণই দধিৰ ভাণ্ড ভাঙি পেলোৱা দেখি যশোদাৰ খং উঠে। তেওঁ কৃষ্ণক ধৰি কয়, “দধিৰ পাত্ৰ ভাঙি এতিয়া ক’লৈ যাবি ? আজি তোক মজা দেখুৱাম।” যদিও যশোদাৰ কথাত খং প্ৰকাশ পাইছে, তাৰ আঁৰত লুকাই আছে পুত্ৰৰ প্ৰতি থকা গভীৰ মৰম। এগৰাকী মাতৃয়ে যেনেকৈ নিজৰ সন্তানক শাসন কৰিবলৈ ভয় দেখুৱায়, যশোদায়েও ঠিক তেনেকৈয়ে কৃষ্ণক ভয় দেখুৱাইছে।


(গ) পাচে পাচে যশোদা খেদন্ত।

       ভয়ে লাগ মাৱক নেদন্ত।।

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত ‘শিশুলীলা’ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। ইয়াত কৃষ্ণ আৰু যশোদাৰ মাজৰ এক মনোৰম দৃশ্য বৰ্ণনা কৰা হৈছে। দধিৰ ভাণ্ড ভাঙি কৃষ্ণই যেতিয়া পলায়, তেতিয়া যশোদায়ে তেওঁক ধৰিবলৈ পাছে পাছে খেদি যায়। কৃষ্ণই ভয়তে মাকৰ ওচৰ নাচাপে। এই দৃশ্য অতি মনোমোহা। ইয়াত এফালে মাতৃৰ পুত্ৰক ধৰাৰ চেষ্টা আৰু আনফালে পুত্ৰৰ ভয়ত পলোৱাৰ দৃশ্যই এক বাৎসল্য ৰসৰ সৃষ্টি কৰিছে।


৮। ‘শিশুলীলা’ পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা।

উত্তৰঃ ‘শিশুলীলা’ পাঠত শ্ৰীকৃষ্ণই বিভিন্ন শিশুসুলভ কাৰ্যত লিপ্ত হৈছে। তেওঁ মাক যশোদা গাখীৰ মথি থাকোঁতে আহি মাকক আমনি কৰে আৰু গাখীৰ খাবলৈ বিচাৰে। মাকে গাখীৰ খাবলৈ দিয়াৰ পিছত, যেতিয়া চৌকাত উতলি থকা গাখীৰ নমাবলৈ যায়, তেতিয়া কৃষ্ণই খঙত দধিৰ পাত্ৰ ভাঙি পেলায়। ইয়াৰ পিছত, তেওঁ কোঠাৰ ভিতৰত সোমাই লৱণু চুৰি কৰি খায় আৰু বান্দৰকো ভগাই দিয়ে। যেতিয়া যশোদা আহে, তেওঁ ধৰা পৰাৰ ভয়ত পলাই যায়। যশোদায়ে খেদি যোৱাত তেওঁ কান্দিবলৈ ধৰে। এই সকলোবোৰ কাৰ্যই এজন সাধাৰণ দুষ্ট শিশুৰ দৰেই, যিয়ে পাঠকৰ মনত এক আনন্দৰ সৃষ্টি কৰে।


৯। ‘মহাকোপে কোঠা পশিলন্ত সিঞ্চিৰাই লৱণু ভুঞ্জন্ত।।’

      — কোনে অতি খঙেৰে কোঠাত সোমাইছিল ? তেওঁ কিয় লৱণুবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা।

উত্তৰঃ শ্ৰীকৃষ্ণই অতি খঙেৰে কোঠাত সোমাইছিল। মাকে তেওঁক গাখীৰ খোৱাৰ পৰা এৰি থৈ উতলি যোৱা গাখীৰ নমাবলৈ যোৱাত কৃষ্ণৰ বৰ খং উঠিছিল। সেই খঙতে তেওঁ দধিৰ ভাণ্ড ভাঙি পেলাইছিল আৰু কোঠাৰ ভিতৰত সোমাই লৱণুবোৰ চাৰিওফালে ছটিয়াই খাইছিল। তেওঁৰ এই কাৰ্যৰ জৰিয়তে মাকৰ ওপৰত থকা অভিমান আৰু খং প্ৰকাশ পাইছিল।


১০। কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা।

উত্তৰঃ কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ নাজল-নাথল অৱস্থা হৈছিল। কৃষ্ণৰ পাছে পাছে দৌৰোঁতে তেওঁৰ খোপা খোল খাই গৈছিল আৰু খোপাত পিন্ধা মালতীৰ মালা খহি পৰিছিল। শ্ৰোণীৰ ভৰত তেওঁৰ গতি কমি গৈছিল। এইদৰে পুত্ৰক ধৰিবলৈ যশোদা ভাগৰি পৰিছিল, যিয়ে তেওঁৰ বাৎসল্য প্ৰেমৰ গভীৰতা প্ৰকাশ কৰে।


ভাষা一বিষয়ক

১১। তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ সমার্থক শব্দ লিখাঃ

       কৰ্ণ, অৰুণ, দধি, বস্ত্ৰ, বদন, লৱণু, কোপ, দশন, দুগ্ধ, ঈশ্বৰ

উত্তৰঃ

কৰ্ণঃ কাণ, শ্ৰুতি

অৰুণঃ সূৰ্য্য 

দধিঃ দৈ

বস্ত্ৰঃ কাপোৰ, বসন     

বদনঃ মুখ

লৱণুঃ মাখন, লনী

কোপঃ খং, ৰাগ

দশনঃ দাঁত, দন্ত

দুগ্ধঃ গাখীৰ, পয়ঃ

ঈশ্বৰঃ ভগৱান, প্ৰভু


১২। তলৰ পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰূপ লিখাঃ

তাহাঙ্ক; নোজোৰে; খসি; বহিল; আসি; ভৈলা; আসান্ত, শিলায়ে; কাম্পে; মাৱক; বসি; প্রয়াসি; খেদন্ত।

উত্তৰঃ

তাহাঙ্কঃ তেওঁক

নোজোৰেঃ নাটে

খসিঃ খহি

ৰহিলঃ ৰল

আসিঃ আহি

ভৈলাঃ হ'ল

আসান্তঃ আহিছে

শিলায়েঃ শিলেৰে

কাম্পেঃ কঁপে

মাৱকঃ মাকক

বসিঃ বহি

প্ৰয়াসিঃ চেষ্টা কৰা

খেদন্তঃ খেদিলে


১৩। তলৰ শব্দকেইটাত কি কি কাৰণত মূৰ্দ্ধন্য ‘ণ’ আৰু মূৰ্দ্ধন্য ‘ষ’ হৈছে বুজাই লিখাঃ

       অৰুণ, কঙ্কণ, কৰ্ণ, শ্ৰোণী, ভাণ্ড, নিষেধি

উত্তৰঃ

অৰুণঃ ‘ঋ’, ‘ৰ’, ‘ষ’ৰ পিছত থকা দন্ত্য ‘ন’ মূৰ্ধন্য ‘ণ’ হয় (ষত্ব-বিধি)। ইয়াত ‘ৰ’ৰ পিছত ‘ণ’ হৈছে।

কঙ্কণঃ একেটা পদৰ ভিতৰত ‘ট’ বৰ্গৰ আখৰৰ আগত থাকিলে দন্ত্য ‘ন’ মূৰ্ধন্য ‘ণ’ হয়। ইয়াত ‘ক’ৰ পিছত ‘ণ’ হৈছে।

কর্ণঃ ‘ৰ’ৰ পিছত থকা ‘ন’ মূৰ্ধন্য ‘ণ’ হৈছে।

শ্রোণীঃ ‘ষ’ৰ পিছত থকা ‘ন’ মূৰ্ধন্য ‘ণ’ হৈছে।

ভাণ্ডঃ ‘ড’ (ট-বৰ্গৰ আখৰ)ৰ আগত থকাৰ বাবে ‘ণ’ হৈছে।

নিষেধিঃ ‘ই’ কাৰৰ পিছত থকা দন্ত্য ‘স’ মূৰ্ধন্য ‘ষ’ হৈছে (ষত্ব-বিধি)।


১৪। পাঠটোত থকা অসমাপিকা ক্রিয়া শব্দ পাঁচোটা বাছি উলিয়াই লিখা।

উত্তৰঃ পাঠটোত থকা পাঁচটা অসমাপিকা ক্ৰিয়া হ’ল –

           ধৰিয়া, দেখিয়া, নামি, কান্দন্তে, মথন্তে


অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ (পৰীক্ষাৰ বাবে)


১। ‘শিশুলীলা’ পাঠটিৰ মূল উৎস কি ?

উত্তৰঃ ‘শিশুলীলা’ পাঠটিৰ মূল উৎস হ’ল শ্ৰীমন্ত শংকৰদেৱৰ ‘কীৰ্তন-ঘোষা’।


২। ‘কীৰ্তন-ঘোষা’ কোনে ৰচনা কৰিছিল ?

উত্তৰঃ ‘কীৰ্তন-ঘোষা’ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল।


৩। যশোদাই দধি মথি থাকোঁতে কাৰ গীত গাইছিল ?

উত্তৰঃ যশোদাই দধি মথি থাকোঁতে পুত্ৰ কৃষ্ণৰ শৈশৱৰ লীলা স্মৰণ কৰি কৃষ্ণগীত গাইছিল।


৪। কৃষ্ণই লৱণু চুৰি কৰি কাক খাবলৈ দিছিল ?

উত্তৰঃ কৃষ্ণই লৱণু চুৰি কৰি বান্দৰক খাবলৈ দিছিল।


৫। কৃষ্ণই কিয় দধিৰ ভাণ্ড ভাঙিছিল ?

উত্তৰঃ মাকে তেওঁক কোলাৰ পৰা নমাই থৈ উথলি উঠা গাখীৰ চাবলৈ যোৱাত অভিমান আৰু খঙতে কৃষ্ণই দধিৰ ভাণ্ড ভাঙিছিল।


৬। ‘শ্ৰোণী ভৰে আক্ৰমিলা গতি’— কথাষাৰৰ অৰ্থ কি ?

উত্তৰঃ ইয়াৰ অৰ্থ হ’ল শৰীৰৰ ভৰ বা মেদবহুলতাৰ বাবে যশোদাৰ দৌৰাৰ গতি কমি গৈছিল।


৭। যশোদাৰ হাতত ধৰা পৰাৰ পিছত কৃষ্ণই কি কৰিছিল ?

উত্তৰঃ যশোদাৰ হাতত ধৰা পৰাৰ পিছত কৃষ্ণই ভয়তে কান্দিবলৈ ধৰিছিল আৰু তেওঁৰ চকু সেমেকি উঠিছিল।


৮। ‘নাহি আদি অন্ত পূৰ্বাপৰ’— এই কথাষাৰীয়ে কৃষ্ণৰ কোনটো স্বৰূপ প্ৰকাশ কৰিছে ?

উত্তৰঃ এই কথাষাৰীয়ে কৃষ্ণৰ ঐশ্বৰিক বা ভগৱান স্বৰূপ প্ৰকাশ কৰিছে, যাৰ কোনো আৰম্ভণি বা শেষ নাই।


৯। কবিতাটিত কৃষ্ণক বান্ধিবলৈ কিমান জৰী কম হৈছিল ?

উত্তৰঃ কবিতাটিত কৃষ্ণক বান্ধিবলৈ দুডাল আঙুলৰ সমান জৰী কম হৈছিল।


১০। শংকৰদেৱক কিয় ‘যুগস্রষ্টা’ কবি বুলি কোৱা হয় ?

উত্তৰঃ শংকৰদেৱে কেৱল ধৰ্ম প্ৰচাৰ কৰাই নহয়, তেওঁ অসমীয়া সাহিত্য, সংগীত, নাট্য আৰু সমাজ জীৱনক এক নতুন দিশ দিছিল। তেওঁ বৰগীত, অঙ্কীয়া নাট, কীৰ্তন-ঘোষা আদিৰ দৰে অমূল্য সৃষ্টিৰে অসমীয়া সাহিত্য-সংস্কৃতিক চহকী কৰি এক নতুন যুগৰ সূচনা কৰিছিল, সেয়েহে তেওঁক ‘যুগস্রষ্টা’ কবি বুলি কোৱা হয়।



পাঠ নং ৩ - গীত আৰু ছবি প্ৰশ্নোত্তৰ 

পাঠ নং ১০ - পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন


No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.