8 Sept 2023

Class 9 Assamese Chapter 3 Question Answer

Class 9 Assamese Chapter 3 Question Answer

Class 9 Assamese Chapter 3 Question Answer


Class 9 Assamese Chapter 3 Question Answer: নৱম শ্ৰেণীৰ অসমীয়া; গীত আৰু ছবি পাঠটি দুর্গেশ্বৰ শৰ্মাৰ দ্বাৰা ৰচিত। Here you can avail Class 9 Assamese Chapter 3 Question Answer.





Class 9 Assamese Chapter 3 Question Answer Pdf

ভাৱ – বিষয়কঃ 


১। চমু উত্তৰ দিয়া।


(ক) কেনে গীত আৰু কেনে ছবি কোনেও ভাল নােবেলে ?

উত্তৰঃ যিটো গীত বুজাইহে বুজে, যি ছবিৰ মূল আটায়ে নুবুজে তেনে গীত আৰু ছবিক কোনেও ভাল নােবোলে।


(খ) সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে ?

উত্তৰঃ সদায় কাণেৰে শুনা সৰু কথাটিয়ে গীতৰ ৰূপ লৈ আমাৰ প্ৰাণ টানি ধৰে।


(গ) কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ ?

উত্তৰঃ কবিব মতে মিহি ভাব, মিহি গতি, কৌশলী বিদ্যা অজৰ-অমৰ।


(ঘ) কেনেকুৱা গীত আৰু ছবিক সকলােৱে ভাল বুলি কয় ?

উত্তৰঃ যিটো গীত শুনি আৰু যি ছবি দেখি সকলােৱে একে ৰং পায়, জগতৰাে উলাহ বঢ়ায় – সেই গীত আৰু ছবিক সকলােৱে ভাল বুলি কয়।


(ঙ) "সিহে পায় নিজে নিজে আলাসত ঠাই”— ইয়াত আলাস শব্দটোৰ অর্থ কি ?

উত্তৰঃ "সিহে পায় নিজে নিজে আলাসত ঠাই”— ইয়াত আলাস শব্দটোৰ অর্থ হ'ল — আকাশ, শূন্য । কিন্তু কবিতাটিত `আলাস' শব্দটোৱে হৃদয়ত বুজাইছে।




গীত আৰু ছবি কবিতা প্ৰশ্ন উত্তৰ নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নোত্তৰ 

২। ভাল গীত আৰু ছবিৰ মহত্ত্ব কেনেকুৱা – কবিতাটোৰ সহায়ত বুজাই লিখা।

উত্তৰঃ গীত বা সংগীত আৰু ছবি বা চিত্ৰ - এই দুয়োবিধেই চৌষষ্ঠীকলাৰ অন্তৰ্গত। ভাল গীত আৰু ছবিৰ এক সাৰ্বজনীন আৱেদন আছে। সকলো গীত আৰু ছবি কালজয়ী হ’ব নোৱাৰে। সেইবোৰ গীত বা ছবিহে মানুহৰ মনত ৰৈ যায় যিবোৰ মানুহে বুজি পায়। যি গীত আৰু ছবিৰ অৰ্থ সকলোৱে বুজি পায় আৰু আনন্দ লাভ কৰে তেনে গীত আৰু ছবিয়ে ভাল বুলি সৰ্বজনগ্রাহ্য হয়। সকলো শিল্পকলাৰে থকাৰ দৰে গীত আৰু ছবিতো কৌশলী বিদ্যাৰ প্ৰয়োগ থকা উচিত। মিহি ভাব আৰু মিহি গতিৰ কৌশলী বিদ্যা প্রয়োগ হোৱা গীত আৰু ছবিয়ে সকলোৰে প্ৰাণত ঠাই পায় ৷ এই কলাৰ জৰিয়তে মানৱ মনে আনন্দ লাভ কৰে। ‘গীত আৰু ছবি’ কবিতাটোত কবিয়ে এনেদৰে সুন্দৰভাৱে ভাল গীত আৰু ছবিৰ মহত্বৰ বিষয়ে বৰ্ণনা কৰিছে।



৩। সদায় চকুৰে দেখা গছ পাতটিও ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা ? নিজৰ মতামত আগবঢ়োৱা।

উত্তৰঃ দৈনন্দিন জীৱনত আমি অজস্ৰ গছৰ পাত দেখোঁ। সেয়ে আমাৰ বাবে চিৰাচৰিত অনুভৱ গছৰ পাতে কঢ়িয়ায় ৷ সাধাৰণ কথা হৈ পৰে। কিন্তু সেই একেবোৰ পাতেই যেতিয়া ছবি এখনত দেখোঁ সি আমাৰ অনুভৱ সলনি কৰায়। সাধাৰণতে দেখাতকৈ ছবিত দেখিলে ভাল লাগি যায়। ইয়াৰ কাৰণ চিত্ৰকৰ এগৰাকীৰ মননশীল দৃষ্টি আৰু তেওঁৰ দুহাতৰ কৌশলী বিদ্যা বুলি ভাবোঁ। আমি সাধাৰণভাৱে চোৱা পাতটিক এগৰাকী চিত্ৰকৰে মননশীল দৃষ্টিৰে লক্ষ্য কৰে। সূক্ষ্মভাৱে পাতটোৰ প্ৰতি শিৰা-উপশিৰাৰ অৱস্থিতিলৈ মন কৰে । ছবিখন আঁকোতে তেওঁ মিহি-গতিৰে কাম কৰে যাতে প্রকৃত পাতটিৰ দৰে ছবিখন নিমজ হৈ পৰে। অৱশেষত মানুহে চিত্ৰকৰৰ সৃষ্টিক সৃষ্টিকৰ্তাৰ প্ৰকৃত সৃষ্টিৰ সৈতে তুলনা কৰি থৰ হৈ চায় আৰু মিল দেখি উৎফুল্লিত হৈ পৰে। মননশীল দৃষ্টি আৰু কৌশলী বিদ্যাই এখন ছবি ভাল হৈ পৰাৰ মূল কাৰণ বুলি সেয়ে ক’ব পৰা যায় ।



৪। কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নােবোলে আৰু কোনবোৰ গীত আৰু ছবিক সকলােৱে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে নিজৰ ভাষাৰে বর্ণনা কৰা।

উত্তৰঃ যিবােৰ গীত শুনিলে সকলােৱে বুজি নাপায়, যিবােৰ গীতৰ সুৰে সকলােৰে অন্তৰ স্পৰ্শ কৰিব নােৱাৰে তেনেবােৰ গীত শুনিলেও কোনাে আকর্ষিত নহয়, কোনেও প্রাণত আনন্দ অনুভৱ নকৰে। তেনেবােৰ গীতক কোনেও ভাল বুলি নকয়। ঠিক সেইদৰে, যিবােৰ ছবিৰ মূল আটায়ে নুবুজে, ছবি চাই চকুত তৃপ্তি আৰু অন্তৰত আনন্দ অনুভৱ কৰা নাযায়, তেনেবােৰ ছবিক কোনেও ভাল বুলি নকয়। আনহাতে যিবোৰ গীতৰ অৰ্থ সকলোৱে বুজি পায়, শ্ৰোতাৰ মনক তৃপ্ত কৰি তোলে । যিবােৰ গীত শুনিলে প্রাণ টানি ধৰে আৰু যিবোৰ ছবি চোৱাৰ পাছত শিশুৰ পৰা আদি কৰি সকলো লোকে আনন্দ পায় তথা তেওঁলোকৰ মন-প্রাণ পুলকিত হয়, তেনেবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি স্বীকৃতি দিয়ে । 



৫। ‘গীত আৰু ছবি’ কবিতাটোৰ সাৰাংশ লিখা।

উত্তৰঃ 'গীত আৰু ছবি' কবিতাটোৰ কবি দুৰ্গেশ্বৰ শৰ্মাদেৱে কবিতাটোৰ জৰিয়তে প্ৰকৃত গীত আৰু ছবিৰ সাৰ্বজনীন আবেদন আৰু মহত্বৰ কথা কলাত্মক ৰূপত তুলি ধৰিছে।


কবিয়ে কবিতাটিৰ আৰম্ভণিতে কৈছে যে - যিবোৰ গীত আৰু ছবিয়ে মানুহৰ মনত আনন্দৰ জোৱাৰ তুলিব নোৱাৰে, যিবোৰ গীত আৰু ছবি সাধাৰণ মানুহে সহজতে বুজিব নোৱাৰে, তেনেবোৰ গীত আৰু ছবিক কোনেও ভাল নাপায়। আনহাতে, যিবোৰ গীত আৰু ছবিয়ে মানুহক ৰস বোধৰ খোৰাক দিয়ে, হৃদয়ত আনন্দৰ নাহৰ তোলে তেনেবোৰ গীত আৰু ছবিয়ে সকলোৰে মনত ঠাই অধিকাৰ কৰিব পাৰে। অৰ্থাৎ সৰু বিষয়বস্তু এটাৰো কলাত্মক উপস্থাপনে মানুহক আকৰ্ষণ কৰিব পাৰে। আমি সদায় দেখি থকা গছ পাতখিলাও যেতিয়া চিত্ৰকৰে ৰং- তুলিকাৰে দাঙি ধৰে তেতিয়া সি অনন্য হৈ ধৰা দিয়ে। থিক তেনেদৰে আমি শুনি থকা কথাবোৰেই যেতিয়া গীতিকাৰে সুৰেৰে সজায়, সি আমাৰ কাণত অমৃত হৈ বৰষে। সৰু সৰু বিষয়বস্তু বোৰকো সূশ্ম ভাৱ অনুভূতিৰে কলাত্মক ৰূপত প্ৰকাশ কৰিলে তাৰ কেতিয়াও মৃত্যু নহয়। এইবোৰ কৌশলী বিদ্যা অজৰ-অমৰ। সকলোতে এই বিদ্যাৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটিব পাৰে; বিভিন্ন ঠাইভেদে ই বিভিন্ন ৰূপ পৰিগ্ৰহণ কৰে।




গীত আৰু ছবি কবিতাৰ প্ৰশ্ন উত্তৰ

৬। ব্যাখ্যা কৰাঃ 


(ক) সদায় চকুৰে দেখা গছ পাতটিও

       ছবিটিত ভাল হৈ পৰে,

       সদায় কাণেৰে শুনা সৰু কথাটিও

       গীত হলে প্রাণ টানি ধৰে।


উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়ানিকা’ৰ অন্তৰ্গত দুর্গেশ্বৰ শৰ্মাদেৱ ৰচিত ‘গীত আৰু ছবি’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ৷


কবিয়ে গীত আৰু ছবিৰ মহত্ব বুজাবলৈ যাওঁতে এনেদৰে কবিতাটিত উল্লেখ কৰিছে।


শিল্পীয়ে তেওঁৰ কৌশলী বিদ্যাৰ জৰিয়তে যিকোনাে বস্তুকে জীৱন্ত ৰূপ দি অতি আকর্ষণীয় কৰি তুলিব পাৰে। সদায় দেখি থকা, অথচ অকণাে আকর্ষিত নােহােৱা পাতটিও শিল্পীয়ে আমাৰ চকুত লগাকৈ, মন সােমাই যাব পৰাকৈ ছবিত আঁকিব পাৰে। সাধাৰণ বস্তু এটাও ছবি হলে আকর্ষণীয় হৈ পৰে। সেইদৰে গীতৰ সন্মােহনী সুৰেও প্রাণত আনন্দৰ জোৱাৰ তােলে। সদায় শুনি থকা কথাও আমি বিশেষ ৰস নাপালেও যেতিয়া সেই কথাখিনিকে গায়ক-গায়িকাই সুন্দৰ সুৰত গীত হিচাপে গায়, তেতিয়া সিয়ে আমাৰ প্রাণ টানি ধৰে, অন্তৰ জগাই তােলে; অন্তৰত অফুৰন্ত আনন্দ পােৱা যায়।




(খ) মিহিভাব মিহি গতি কৌশলী বিদ্যাৰ

      নাই মৃত্যু অজৰ অমৰ,

      যতে পৰে ত’তে গজে বিভিন্ন আকাৰ

      ঠাই বুজি দীঘল-ডাঙৰ।


উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়ানিকা’ৰ অন্তৰ্গত দুর্গেশ্বৰ শৰ্মাদেৱ ৰচিত ‘গীত আৰু ছবি’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ৷


ভালগীত আৰু ভাল ছবিৰ আদৰ আৰু স্থায়িত্ব সম্পর্কে ক’বলৈ গৈ কবিয়ে এই ফাকি কবিতাৰে কবিতাটিৰ সামৰণি মাৰিছে।


যিবােৰ গীত আৰু ছবি ভাল বুলি সকলােৱে প্রশংসা কৰে, আদৰ কৰে সেইবােৰ গীত আৰু ছবিত এটা মিহি ভাব, মিহি গতি আৰু কৌশলী বিদ্যা নিহিত হৈ থাকে, যিয়ে ব্যক্তি তথা স্থান নির্বিশেষে সকলােকে মােহিত কৰে। এনে গীত আৰু ছবিৰ কেতিয়াও মৃত্যু নহয়, সিবােৰ অজৰ-অমৰ হৈ মানুহৰ মন আৰু বুকুত চিৰস্থায়ী হৈ ৰৈ যায়। এনে গীত আৰু ছবিয়ে সকলাে ঠাইতে, সকলাে সমাজতে আদৰ পায়, প্রশংসিত হয়। ঠাই আৰু সমাজ অনুসাৰে হয়তাে সেই আদৰ আৰু প্রশংসা কম বেছি হ’ব পাৰে।



Class 9 Assamese Question Answer

ভাষা – বিষয়কঃ 


৭। সমার্থক শব্দ লিখা ।

জগত, উলাহ, চকু, সৰু, ভাল, কাণ


উত্তৰঃ শব্দ           সমার্থক শব্দ

          জগত –       বিশ্ব, পৃথিৱী 

          উলাহ –       আনন্দ, উৎসাহ

          চকু –          চক্ষু, নয়ন

          সৰু –         ক্ষুদ্র

          ভাল –        শুভ, মংগল

          কাণ –         কৰ্ণ, শ্ৰৱণেন্দ্ৰিয়



৮। বাক্য ৰচনা কৰা।

কৌশলী বিদ্যা;  অজৰ—অমৰ;  আলাসত ঠাই;  ডাঙৰ—দীঘল।


উত্তৰঃ

কৌশলী বিদ্যাঃ শিল্প কলা এটা কৌশলী বিদ্যা।

অজৰ—অমৰঃ‌ ভাল কামৰ মৰণ নাই, ই অজৰ-অমৰ হৈ থাকে।

আলাসত ঠাইঃ সুমধুৰ গীতক শ্ৰোতা জনতাই আলাসত ঠাই দিয়ে।

ডাঙৰ—দীঘলঃ পিতৃ-মাতৃৰ মৰম-চেনেহৰ মাজত সন্তান ডাঙৰ—দীঘল হয়।



৯। বিপৰীতার্থক শব্দ লিখা । 

মিহি;  প্রাণ;  মৃত্যু;  মূল;  ক্ষুদ্র


উত্তৰঃ

মিহি    —  খহটা

প্রাণ   —  অপ্রাণ

মৃত্যু   —   জীৱন, জীৱিত

মূল  —  অমূল 

ক্ষুদ্র  —  বৃহৎ, ডাঙৰ




Class 9 Assamese Chapter 3 Important Question Answer

১। কবি দুর্গেশ্বৰ শৰ্মাৰ জন্ম কত আৰু কেতিয়া হৈছিল ?

উত্তৰঃ কবি দুর্গেশ্বৰ শৰ্মাৰ জন্ম যােৰহাটৰ পটীয়া গাঁৱত ১৮৮২ চনত হৈছিল ।



২। 'গীত আৰু ছবি’ কবিতাটিৰ ৰচক কোন ?

উত্তৰঃ ‘গীত আৰু ছবি’ কবিতাটিৰ ৰচক কবি দুৰ্গেশ্বৰ শৰ্মা।



৩। ভাল গীতে কি জগায় ?

উত্তৰঃ ভাল গীতে হৃদয়ত আনন্দ জগায়।



৪। কবি দুর্গেশ্বৰ শৰ্মাৰ এখনি নাটকৰ নাম লিখা।

উত্তৰঃ কবি দুর্গেশ্বৰ শৰ্মাৰ এখনি নাটকৰ নাম হ'ল পার্থ পৰাজয়।



৫। দুর্গেশ্বৰ শৰ্মাৰ এখনি কবিতা পুথিৰ নাম লিখা।

উত্তৰঃ দুর্গেশ্বৰ শৰ্মাৰ এখনি কবিতা পুথিৰ নাম হ'ল অঞ্জলি।



৬। জগতৰৰ উলাহ কিহে বঢ়ায় ?

উত্তৰঃ জগতৰৰ উলাহ ভাল ছবিয়ে বঢ়ায় । 



৭। কি গীতে হৃদয় জগাব বুলি কবিয়ে কৈছে ?

উত্তৰঃ ভাল গীতে হৃদয় জগাব বুলি কবিয়ে কৈছে । 



৮। কিহে “নিজে নিজে আলাসত ঠাই পায়” বুলি কৈছে ?

উত্তৰঃ ভাল গীত আৰু ভাল ছবিয়ে “নিজে নিজে আলাসত ঠাই পায়” বুলি কৈছে । 



৯। সৰু কথা এটি গীত হ’ব পাৰেনে ?

উত্তৰঃ সৰু কথা এটি গীত হ’ব পাৰে যদিহে সি সকলোকে সমানে আনন্দ দিব পাৰে।



১০। কেনে ছবিৰ মূল্য আটায়ে নুবুজে ?

উত্তৰঃ যিবোৰ ছবি প্রতীকধৰ্মী তাৰ মূল্য আটায়ে নুবুজে।














No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.