7 Sept 2023

Class 8 Asssamese Lesson 4 Question Answer

Class 8 Asssamese Lesson 4 Question Answer

Class 8 Asssamese Lesson 4 Question Answer


Class 8 Asssamese Lesson 4 Question Answer: অষ্টম শ্ৰেণীৰ অসমীয়া বিষয়ৰ চতুৰ্থ পাঠ জাগা জননীৰ সন্তান কবি জ্যোতিপ্ৰসাদ আগৰৱালা । Here you can avail Class 8 Asssamese Lesson 4 Question Answer.



Class 8 Assamese Question Answer Assamese Medium 

সাৰাংশ 
এই কবিতাটোত দেশমাতৃৰ সু-সন্তানসকলক জাগিবৰ বাবে আহ্বান জনোৱা  হৈছে। দেশমাতৃৰ আহ্বানত দেশে দেশে যুগে যুগে সকলো শংকা আঁতৰাই সু- সন্তানসকলে নিজ কৰ্তব্যৰ পথত আগবাঢ়ি যায়। স্বদেশ বা স্বজাতিৰ উন্নতি কৰিবলৈ হ’লে কর্মহীন বা কাপুৰুষ হ’লে নচলিব। স্বদেশৰ উন্নতিৰ অভিযানত কর্মহীনতা বা কাপুৰুষতাৰ কোনো স্থান নাই। স্বদেশৰ প্ৰতি থকা অসীম ভাল পোৱাই মানুহক শক্তিশালী কৰি তোলে, মানুহৰ অন্তৰত সুপ্ত হৈ থকা সাহসী সত্তাক জাগ্রত কৰি তোলে। মাতৃভূমিক ৰক্ষা কৰিবলৈ, মাতৃৰ সন্মান অক্ষুন্ন ৰাখিবলৈ কোনো ক্ষেত্ৰত শিৰ অবনত নকৰা নৱ-জোৱানসকল দেশৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰহৰী। গতিকে উক্ত কবিতাটোৰ দ্বাৰা সেই বীৰসকলক উদ্দেশ্য কৰি প্ৰেৰণাময় আহ্বান জনোৱা হৈছে।



Class 8 Assamese Question Answer Pdf

ক – পাঠভিত্তিক ক্রিয়াকলাপ

২। গীতটো ভালদৰে পঢ়া আৰু বুজি লােৱা।
উত্তৰঃ গীতটো পঢ়ি এই কথা বুজি পােৱা গ’ল যে দেশমাতৃৰ সু-সন্তানসকলে মৃত্যু গছকি হ’লেও দুর্জ্জয় অভিযান কৰি দেশমাতৃক বহিঃশত্ৰুৰ পৰা ৰক্ষা কৰিব লাগে, দেশমাতৃৰ সন্মান অটুট ৰাখিবলৈ সন্তান সকলে কর্ম কৰিবই লাগিব। দেশত কর্মহীনতা অথবা কাপুৰুষতাৰ ঠাই নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভাল পােৱাই মানুহক শক্তিশালী কৰি তােলে, অন্তৰৰ সাহসী সত্তাক জগাই তােলে । আপােন দেশক ৰক্ষা কৰিবলৈ, মাতৃৰ সন্মান অক্ষুন্ন ৰাখিবলৈ দুৰ্ম্মদ বীৰ অজেয় নৱ জোৱান সকল সততে সজাগ হৈ থাকিব লাগে। তেতিয়া মাতৃভূমিৰ কেতিয়াও কোনেও হানি-বিঘিনি কৰিব নােৱাৰে।


৩। উত্তৰ দিয়া ।

(ক) কবিয়ে কাক জাগি উঠিবলৈ কৈছে ?
উত্তৰঃ কবিয়ে জননীৰ সন্তানসকলক জাগি উঠিবলৈ কৈছে।

(খ) দুর্জ্জয় অভিযান বুলি কি বুজাইছে ?
উত্তৰঃ মৃত্যুভয়কো নেওচি মাতৃভূমিক ৰক্ষা কৰিবলৈ আগবাঢ়ি অহাকেই দুর্জ্জয় অভিযান বুলি কৈছে।

(গ) দুর্জ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে ?
উত্তৰঃ দুৰ্জ্জয় অভিযানেৰে মৃত্যুক গছকি হ’লেও মাতৃভূমিক বহিঃ শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ কৈছে।

(ঘ) জননীৰ সন্তানক কিহে দুর্বল কৰাৰ কথা কৈছে ?
উত্তৰঃ জননীৰ সন্তানক কর্মহীনতা অথবা কাপুৰুষতাই দুর্বল কৰাৰ কথা কৈছে।

(ঙ) 'তথাপিও নাই ভয়’ বুলি কিয় কৈছে ?
উত্তৰঃ তথাপিও নাই ভয়’ বুলি এই কাৰণেই কোৱা হৈছে যে জননীৰ সন্তান সকল দুৰ্ম্মদ বীৰ অজেয় নৱ জোৱান। তেওঁলোক শক্তিমান, দুর্নিবাৰ।

(চ) কাৰ জয় নিনাদত শক্র কম্পমান বুলি উল্লেখ কৰিছে ?
উত্তৰঃ অজেয় নৱ-জোৱানসকলৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে।

(ছ) আপােন পাহৰা বীৰক কি বুলি আখ্যা দিছে ?
উত্তৰঃ আপােন পাহৰা বীৰক অজেয় নৱ-জোৱান বুলি আখ্যা দিছে।


৪। গীতটোত বুজি নোপোৱা শব্দবোৰৰ অৰ্থ শব্দ-সম্ভাৰ আৰু অভিধান চাই জানি লোৱা।
উত্তৰঃ 


৫। গীতটোৰ মূলভাৱ লিখা।
উত্তৰঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰা "জাগা জননীৰ সন্তান" কবিতাটি এটা দেশ প্ৰেমমূলক কবিতা। দেশমাতৃৰ আহ্বানত দেশৰ সু-সন্তানসকল যুগে যুগে নিজ কর্তব্যত আগবাঢ়ি গৈছে। স্বদেশ-স্বজাতিৰ উন্নতি আৰু ৰক্ষাৰ অভিযানত কর্মহীনতা অথবা কাপুৰুষতাৰ কোনাে স্থান নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভালপােৱাই মানুহক শক্তিশালী আৰু দুর্জয় সাহসী কৰি তােলে। নিজ দেশমাতৃক ৰক্ষা কৰিবলৈ, মাতৃভূমিৰ সন্মান অক্ষুন্ন ৰাখিবলৈ কোনাে ক্ষেত্রতে নতি স্বীকাৰ নকৰা নৱ-জোৱান সকল দেশৰ অতন্দ্র প্রহৰী। এই সকল জোৱান সদা সজাগ হৈ থাকিলে দেশ সদায় সুৰক্ষিত হৈ থাকিব।



Class 8 Assamese lesson 4 Question Answer Assamese Medium

খ – ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

৬। বাক্য ৰচনা কৰা 
শক্তিমান, কাপুৰুষ, নিনাদ, অজেয়, অভিযান।

উত্তৰঃ
শক্তিমানঃ কবিয়ে দেশমাতৃৰ শক্তিমান সু-সন্তানসকলক জাগিবৰ বাবে আহ্বান জনাইছে।

কাপুৰুষঃ স্বদেশ বা স্বজাতিৰ উন্নতিৰ ক্ষেত্ৰত কাপুৰুষসকল হেঙাৰস্বৰূপ হোৱা দেখা যায়।

নিনাদঃ অজেয় নৱ-জোৱানসকলৰ জয় নিনাদত শত্ৰু কম্পমান হয় ।

অজেয়ঃ দেশমাতৃৰ সন্মান অক্ষুন্ন ৰাখিবৰ বাবে অজেয় নৱ-জোৱানসকলে অহোপুৰুষাৰ্থ কৰে।

অভিযানঃ কবিয়ে দেশমাতৃৰ সু-সন্তানসকলক দুর্জ্জয় অভিযান কৰি দেশমাতৃক বহিঃশত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ কৈছে। 


৭। সন্ধি গঠন কৰা আৰু ভাঙা
দেৱ + অসুৰ = দেৱাসুৰ।
মূৰ + অৰি = মূৰাৰি।
কুশ + আসন = কুশাসন।
দশ + আনন = দশানন।
বিদ্যা + অলংকাৰ = বিদ্যালংকাৰ।
মহা + অৰ্ণৱ = মহার্ণৱ।


মহর্ষি = মহা + ঋষি।
উল্লেখ-  উৎ + লেখ।
নৰেন্দ্র = নৰ + ইন্দ্র।
উজ্জ্বল = উৎ + জ্বল।
মনোহৰ = মনঃ + হৰ।
নাৱিক = নৌ + ইক।
মনোযোগ = মনঃ + যোগ
দিগন্ত = দিক্ + অন্ত।


৯। বিপৰীত অর্থ বুজোৱা শব্দ লিখা।

মৃত্যু, জয়, কাপুৰুষ, ভয়, শত্রু, দুর্বল।

উত্তৰঃ মৃত্যু – জন্ম,     জয় – পৰাজয়,      কাপুৰুষ– সুপুৰুষ, সাহসী
           ভয় – সাহস, নির্ভয়,   শত্রু – মিত্র,    দুর্বল – সবল।


১০। তলৰ শব্দবােৰৰ সমার্থক শব্দ লিখা।

জননী, সন্তান, বীৰ, নিনাদ।

উত্তৰঃ জননী – মাতৃ, আই, জন্মদাত্রী, জন্মদায়িনী।
           সন্তান – ল’ৰা-ছোৱালী, পুত্র বা পুত্রী, তনয় বা তনয়া, সতি-সন্ততি ।
           বীৰ – শক্তিমান, শক্তিবন্ত, বলৱন্ত, সাহীয়াল।
           নিনাদ – শব্দ, ধ্বনি, মাত।


১১। এটা শব্দত প্ৰকাশ কৰা

(ক) সাহস নথকা মানুহ ।

উত্তৰঃ ভীৰু, কাপুৰুষ ।


(খ) জাকৈৰে মাছ ধৰা মানুহ।

উত্তৰঃ জাকৈয়া।


(গ) যাৰ শক্তি আছ ।

উত্তৰঃ শক্তিমান, শক্তিৱন্ত।


(ঘ) যাক জিনিব নােৱাৰি ।

উত্তৰঃ অজেয়, অজিনি, দুর্জেয়। 



১২। তলত দিয়া বিশেষ্য পদবোৰক বিশেষণলৈ পৰিৱৰ্তন কৰা।

       মান,     দুর্বলতা,       দর্শন,      দুখ,      মানৱ

উত্তৰঃ বিশেষ্য            বিশেষণ
           মান –              মানী
           দুর্বলতা –        দুর্বল
           দর্শন –            দার্শনিক
           দুখ –              দুখীয়া
           মানৱ —           মানৱীয়


১৩। ভাব বহলাই লিখা

সাতোৰ সাতোৰ, নিজ বাহুবলে,
সাতুৰিব নােৱাৰিলে যা ৰসাতলে।

উত্তৰঃ সাঁতুৰিব লাগিলে নিজৰ দুবাহুত বল থাকিব লাগিব। কাৰণ নিজৰ বাহু আৰু ভৰিৰ সহায়তহে সাঁতুৰিব পৰা যায়। তেনেদৰে সাঁতুৰিব নােৱাৰিলে ৰসাতললৈ অর্থাৎ পানীত ডুবি মৰিবলগীয়া হয়। আনৰ সহায়ত বা আনৰ বাহুবলেৰে সাঁতুৰিব পৰা নাযায়।

এই কথাৰপৰা ইয়াকে কব বিচাৰিছে যে জীৱনত যদি মানুহে কিবা এটা কামত সফলতা লাভ কৰিব বিচাৰে তেনেহ’লে নিজেই তাৰ বাবে কঠোৰ পৰিশ্ৰম আৰু যত্ন কৰিব লাগিব। আনৰ সহায়ত তেনে সফলতা আশা কৰাটো একেবাৰে নিষ্ফল। নিজৰ কঠোৰ পৰিশ্ৰম আৰু চেষ্টা নাথাকিলে জীৱনত কৈতিয়াও কোনাে কামতে সফলতা বা উন্নতি আশা কৰিব নােৱাৰে; বৰং জীৱনলৈ অধঃপতনহে আহি পৰে।


No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.