28 May 2025

HS 2nd Year Geography Chapter 1 Question Answer for HS 2026

HS 2nd Year Geography Chapter 1 Question Answer for HS 2026

HS 2nd Year Geography Chapter 1 Question Answer for HS 2026


HS 2nd Year Geography Chapter 1 Question Answer: Here you avail HS 2nd Year Geography Chapter 1 Question Answer for HS 2026.



Class 12 Geography Chapter 1 (প্ৰকৃতি আৰু পৰিসৰ) Textual Questions Answers Assamese Medium


প্ৰকৃতি আৰু পৰিসৰ


পাঠ ভিত্তিক প্ৰশ্নোত্তৰ


অনুশীলনী

1. নিম্নলিখিত চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা ।


(i) নিম্নলিখিত উক্তিসমূহৰ কোনটোৱে ভূগোলক বর্ণনা নকৰে:

    (a) এক সম্মিলিত শিক্ষনীয় বিষয়

    (b) মানুহ আৰু পৰিৱেশৰ মাজৰ আন্ত:সম্বন্ধৰ অধ্যয়ন

    (c) দ্বৈততাৱধাৰাত পৰাভূত

    (d) প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ বাবে বৰ্তমান সময়ত প্রাসঙ্গিকতা নাই 


উত্তৰঃ (d) প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ বাবে বৰ্তমান সময়ত প্রাসঙ্গিকতা নাই



(ii) নিম্নলিখিত কোনটো ভৌগলিক তথ্যৰ উৎস নহয়:

     (a) পৰিভ্ৰমণকাৰীৰ টোকা

     (b) পুৰনি মানচিত্র

     (c) চন্দ্ৰৰ পৰা লোৱা শৈল পদাৰ্থৰ নমুনা

     (d) পৌৰাণিক মহাকাব্য


উত্তৰঃ (c) চন্দ্ৰৰ পৰা লোৱা শৈল পদাৰ্থৰ নমুনা



(iii) নিম্নলিখিত কোনটো, মানুহ আৰু পৰিৱেশৰ মাজত থকা আন্ম:প্ৰক্ৰিয়াৰ বাবে বহু প্ৰয়োজনিয় কাৰক:

     (a) মানুহৰ বুদ্ধি

     (b) মানৱ চেতনা

     (c) প্রযুক্তি

     (d) মানুহৰ ভাতৃত্ববোধ 


উত্তৰঃ (c) প্রযুক্তি



(iv) নিম্নলিখিত কোনটো মানৱ ভূগোলৰ বিচাৰপদ্ধতি নহয়:

      (a) আঞ্চলিক বৈষম্য

      (b) স্থানিক সংগঠন

      (c) পৰিমাপন বিপ্লৱ 

      (d) অন্বেষণ আৰু বর্ণনা


উত্তৰঃ (c) পৰিমাপন বিপ্লৱ 



2. নিম্নলিখিত প্রশ্নসমূহৰ উত্তৰ, ৩০ টা মান শব্দেৰে লিখা ।


(i) মানৱ ভূগোলৰ সংজ্ঞা দিয়া। HS 2018

উত্তৰঃ ভূ-পৃষ্ঠ আৰু মানৱ সমাজৰ মাজত থকা সম্পৰ্কৰ সংশ্লেষিক অধ্যয়নেই হল মানৱ ভূগোল । — ৰাটজেল


বিৰামহীন মানুহ আৰু অস্থিৰ পৃথিৱীৰ, সালসলনি হৈ থকা সম্পৰ্কৰ অধ্যয়নকে মানৱ ভূগোল বোলে । — এলেন চি চেম্পন ।


(ii) মানৱ ভূগোলৰ কিছুমান উপক্ষেত্ৰৰ নাম লিখা ।

উত্তৰঃ মানৱ ভূগোলৰ কিছুমান উপক্ষেত্ৰৰ নাম হ'ল- আচৰণবাদী ভূগোল, সমাজ যথার্থৰ ভূগোল, অৱকাশ ভূগোল, সাংস্কৃতিক ভূগোল, লিংগ ভূগোল, ঐতিহাসিক ভূগোল, চিকিৎসা ভূগোল, নির্বাচন সম্বন্ধীয় ভূগোল, সামৰিক ভূগোল, সম্পদ ভোগোল, কৃষি ভূগোল, উদ্যোগ ভূগোল, ৰজাৰ ভূগোল, পর্যটন ভূগোল, আন্তর্জাতিক ভূগোল ইত্যাদি ।


(iii) মানৱ ভূগোল কেনেভাৱে আন সমাজ বিজ্ঞানৰ লগত জড়িত ? HS 2020

উত্তৰঃ সাধাৰণতে মানৱ ভূগোলে মানুহ আৰু পৰিৱেশৰ সম্পৰ্কৰ ওপৰত অধ্যয়ন কৰে মানৱ ভূগোল অধ্যয়নৰ লগত বহুতো প্রায়োগিক আৰু শৈক্ষিক বিষয় জড়িত হৈ থাকে । বিশেষকৈ মানুহৰ কামৰ লগত জড়িত হোৱাৰ বাবে সমাজ বিজ্ঞানৰ বহুতো সূত্র, ব্যাখ্যা আদি পোনপতীয়াকৈ জড়িত হৈ পৰে । এনেদৰেই মানৱ ভূগোল সমাজ বিজ্ঞানৰ বিভিন্ন তত্ত্বৰ লগত জড়িত ।


নতুবা


সাধাৰণ অৰ্থত মানৱ ভূগোলে মানুহ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক অধ্যয়ন কৰে। সেয়ে মানৱ ভূগোলৰ অধ্যয়ন ক্ষেত্ৰত মানৱ জীৱনৰ লগত জড়িত সকলো ধৰণৰ আৰ্থিক, সামাজিক, সাংস্কৃতিক , ৰাজনৈতিক, বৌদ্ধিক আৰু জৈৱিক কাম-কাজ সমূহৰ লগত এনে কাম কাজৰ সংঘটন স্থলীৰ পাৰস্পৰিক সম্বন্ধ পর্যালোচনা কৰা হয় সেইবাবে মানৱ ভূগোলৰ অধ্যয়ন প্ৰক্ৰিয়াৰ লগত বিভিন্ন ধৰণৰ শৈক্ষিক আৰু প্ৰায়োগিক বিষয় জড়িত হৈ থাকে। বিশেষকৈ মানুহৰ কাম কাজৰ লগত জড়িত হোৱা হেতুকে মানৱ ভূগোলৰ অধ্যয়ন কাৰ্যৰ লগত সমাজ বিজ্ঞানৰ বহুতো তত্ত্ব, সূত্ৰ আৰু ব্যাখ্যা আদি পোনপটীয়াকৈ জড়িত হৈ পৰে মানৱ ভূগোলৰ সৈতে জড়িত সমাজ বিজ্ঞানৰ বিভিন্ন বিষয়সমূহ হ'ল সমাজতত্ত্ব, নৃতত্ব, ৰাজনীতি বিজ্ঞান, সম্পদ, অর্থনীতি, বুৰঞ্জী, জনসংখ্যা বিজ্ঞান, পর্যটন আদি। এনেদৰেই মানৱ ভূগোল সমাজবিজ্ঞানৰ বিভিন্ন বিষয়ৰ লগত জড়িত । 


3. নিম্নলিখিত প্রশ্নকেইটাৰ উত্তৰ- ১৫০টা মান শব্দেৰে লিখা ।


(i) মানৱৰ প্রকৃত্যায়ন ব্যাখ্যা কৰা ।

উত্তৰঃ প্ৰযুক্তিবিদ্যাৰ সহায়ত মানুহে প্ৰাকৃতিক পৰিৱেশৰ সৈতে পাৰস্পৰিক ক্রিয়া কৰে। মানুহে কি কি উৎপাদন আৰু সৃষ্টি কৰি আহিছে এইটো বৰ দৰকাৰী কথা নহয়, কিন্তু আটাইতকৈ জৰুৰী কথাটো হল কি কি গুলি আৰু প্ৰযুক্তিবিদ্যাৰ আলম লৈ উৎপাদন বোৰ সৃষ্টি কৰি আছে। প্রযুক্তিবিদ্যাই সমাজ এখনৰ সাংস্কৃতিৰ উন্নয়নৰ স্তৰ সূচায় প্ৰকৃতিক নিয়ম থানা, ভালদৰে জানিবুদ্ধি লৈহে মানুহে প্রযুক্তিবিদ্যান বিকাশ সাৰিবলৈ সমৰ্থ হৈছে। উদাহৰণাৰুপ, ঘৰ্ষণ আৰু তাপৰ ধাৰণেই জুই আৱিষ্কাৰ কৰাত সহায় কৰে। তেনেদৰে, DNA আৰু বংশগতিৰ তত্ত্ব ভালদৰে বুজি পোৱাৰ বাবে, আমি বহুটো ৰোগ নির্মূল কৰিব পৰা হলো। উৰু সক্ৰিয়তাৰ নিয়মৰ ব্যৱহাৰৰ দ্ধাৰা, আমি দ্রুতবেগী উৰাজাহাজ নির্মাণ কৰিব পৰা হলো। প্রযুক্তিবিদ্যাৰ বিকাশ কৰিবলৈ হলে, প্ৰকৃতিৰ বিষয়ে জ্ঞান থকাটো অভিনয় প্রয়োজনীয় আৰু প্ৰযুক্তিবিদ্যাই মানুহৰ ওপৰত থকা পৰিবেশিক শিকলিৰ বান্ধোন ঢিলা কৰি তুলিছে। আদিতে প্রাকৃতিক পৰিবেশত সৈতে আন্তঃক্রিয়া কৰোতে মানুহ প্ৰকৃতিৰ প্ৰভাৱৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল । প্রকৃতিয়ে যি দিছিল, তাতেই নিজকে খাপ খুৱাই ৰাখিছিল । কাৰণ, প্রযুক্তিবিদ্যা বৰ নিয়ন্তষৰ আছিল আৰু মানুহৰ সামাজিক উন্নয়নৰ স্তৰো পৌৰাণিক আছিল । প্রাচীন মানৱ সমাজ আৰু প্ৰকৃতিৰ অপৰিসীম শক্তিৰ মাজৰ এনেকুৱা আন্তঃক্রিয়াক পৰিবেষিক নিৰ্দ্ধাৰণবাদ বোলা হয়। অতি নিম্ন মানৰ প্ৰযুক্তিবিদ্যাৰ স্তৰত থকা প্ৰকৃতিক কথা শুনা নতুবা প্ৰকৃতিৰ ভয়ংকৰ ৰূপ দেখিলে ভীতগ্ৰস্ত হোৱা আৰু উপাসনা কৰিবলৈ লোৱা, এনে প্ৰকৃতি পৰাভূত মানুহৰ উপস্থিতিৰ বিষয়ে আমি অনুমান কৰিবহে পাৰো ।


নতুবা


আমি জানো যে মানৱ ভূগোলে মানুহ আৰু প্ৰকৃতিৰ মাজৰ আন্তঃসম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰে। মানুহ আৰু প্ৰকৃতিৰ মাজত এক নির্বিত সম্পৰ্ক আছে। প্রাচীন কালৰে পৰা মানুহে নিজ নিজ প্রয়োজন বাবে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল হৈ আহিছে। প্ৰাকৃতিক পৰিৱেশ মানুহৰ আচৰণ আৰু কাৰ্যকলাপৰ ওপৰত গুৰুতৰ ভাবে প্রস্তাব পেলাই।


উদাহৰণস্বৰূপে, মানৱ সভ্যতাৰ প্ৰাৰম্ভিক কাল হোৱাত মানৱৰ জীৱন যাত্ৰাত অন্ন, বস্ত্ৰ আৰু বাসস্থান এই তিনিটা মৌলিক প্রয়োজন প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল আছিল। তেওঁলোকে কৃষিৰ বাবে পাহাৰ কাটি চাফা কৰি কুম পদ্ধতিৰে খেতি কৰিছিল। তদুপৰি তেওঁলোকে কৃষিত দিবলগীয়া ৰ সমূহ বা চাফা কৰোতে পুৰি পেলোৱা গছ-বনৰ ছাঁইৰ পৰা আহৰণ কৰিছিল । একেদৰে খোৱা পাণীৰ বাবে হাবিৰ মাজ জুৰি নদ-নদী আদিৰ ওপৰত খাদ্যৰ বাবে বিভিন্ন গছ-গছনিৰ ফল-মূল, উদ্ভিদ আদিৰ উপৰত নিৰ্ভৰ কৰিছিল। ইয়াৰ বাহিৰেও তেওঁলোকে বনৰ মাজৰ পৰা বিভিন্ন উদ্ভিদৰ শিপা, গা-গছ আদি সংগ্ৰহ কৰিছিল। যিখিনিয়ে ঔষধৰ কাম কৰাৰ বাহিৰেও কিছুমান পন্য বিনিময় কার্যত সহায় কৰিছিল। এইদৰে আগৰ দিনত মানুহে মৌলিক প্রয়োজনৰ পৰা ব্যৱসায়লৈকে সকলোতে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল হবলগীয়া হৈছিল। ইয়াকে প্রত্যয় বোলে।


(ii) মানৱ ভূগোলৰ পৰিসৰৰ ওপৰত এটা টোকা লিখা। HS 2013

উত্তৰঃ যিটো শাখাত মানুহৰ বিষয়ে অধ্যয়ন কৰা হয় তাকে মানৱ ভোগোল বোলে । পৃথিৱীৰ অঞ্চলভেদে প্ৰাকৃতিক পৰিৱেশ একে নহয় । সেই হিচাপে সমস্যাবোৰো বেলেগ বেলেগ । এনে সমস্যাবোৰ নানানতা কৌশলৰে সমাধান কৰাই মানৱ ভূগোলৰ কাম । প্রাকৃতিক পৰিৱেশে মানুহৰ জীৱনৰ ওপৰত প্ৰভাৱ পেলায় । প্রাকৃতিক পৰিবেশে মানুহৰ ওপৰত প্রভাৱ পোলায় । প্রাকৃতিক পৰিৱেশৰ দ্বাৰা মানুহৰ অৰ্থনৈতিক আৰু সামাজিক ক্রিয়াকলাপ প্রভাবিত হয় । এনেকুৱা বিষয়সমূহ যুক্তিৰে অধ্যয়ন কৰাই মানৱ ভূগোলৰ মূল উদ্দেশ্য ।


মানুহৰ ক্রিয়া-কলাপ আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজৰ সম্পৰ্ক মানৱ ভূগোলৰ মূল বিষয় বস্তু । যিহেতু মানুহ গতিশীল আৰু পৰিৱেশ পৰিৱর্তনশীল গতিকে মানৱ ভূগোল হৈছে গতিশীল মানৱ আৰু পৰিৱর্তনশীল প্রাকৃতিক সম্পর্কক অধ্যয়ন কৰা মানৱ ভূগোলৰ ওপৰত বিভিন্ন ভূগোলবিদে বিভিন্ন সংজ্ঞা আগবঢ়াইছে ভাৰে ভিতৰত দুটামান তলত উল্লেখ কৰা হল -


(১) ভূ-পৃষ্ঠ আৰু মানৱ সমাজৰ মাজত থকা সম্পৰ্কৰ সাংশ্লেষিক অধ্যয়নেই হল মানৱ ভূগোল।

(২)বিরামহীন মানুহ আৰু অস্থিৰ পৃথিৱীৰ সালসলনি হৈ থকা সম্পৰ্কন অধ্যয়নকে মানৱ ভূগোল বোলে ।

(৩) আমাৰ পৃথিৱীত প্ৰভূত্ব বিস্তাৰ কৰি থকা প্ৰাকৃতিক নিয়মৰ বহু সংশ্লেষিত জ্ঞানৰ পৰা উৎপত্তি লাভ কৰা ধাৰণা সমূহ আৰু ইয়াত বসবাস কৰি থকা জীৱৰ মাজৰ সম্পৰ্ক ।


নতুবা


ভূগোলৰ যিটো শাখাত মানুহ আৰু পৰিৱেশৰ মাজত থকা আন্তঃসম্পৰ্কৰ লগতে মানুহৰ কৰ্মৰাজিৰ বিষয়ে অধ্যয়ন কৰা হয় তাকে মানৱ ভূগোল বোলে । আমি বসবাস কৰা পৃথিৱীখনৰ ওপৰত বায়ুমণ্ডলৰ প্ৰভাৱ মন কৰিবলগীয়া মানুহৰ আচৰণৰ ওপৰত সূৰ্যৰ উত্তাপ, আদ্রতা, উষ্ণতা আদিৰ প্ৰভাৱ পৰে । অৰ্থাৎ প্ৰাকৃতিক পৰিৱেশে মানৱ জীৱনৰ উপৰত প্ৰভাৱ বিস্তাৰ কৰে। যিহেতু পৃথিৱীৰ সকলো ঠাইৰে প্ৰাকৃতিক পৰিৱেশে একে নহয় সেয়ে মানুহ আৰু প্রাকৃতিক পৰিৱেশৰ মাজত গড়ি উঠা সম্পৰ্ক অঞ্চলভেদে বেলেগ বেলেগ। গতিকে মানৱ ভূগোলৰ অধ্যয়নৰ ক্ষেত্ৰ গোটেই পৃথিৱীত সিঁচৰিত হৈ আছে। পৃথিৱীৰ বিভিন্ন অঞ্চলত বসবাস কৰা মানুহৰ পৰিৱেশগত সমস্যাবোৰ বেলেগ বেলেগ। এনেকুৱা সমস্যাবোৰ মানুহৰ বুদ্ধিবৃত্তিৰ লগত নানানটা কৌশল প্রয়োগ কৰি সমাধান কৰা মানৱ ভূগোলৰ মুখ্যা উদ্দেশ্য। প্রকৃতি পৰিবেশৰ দ্বাৰা মানুহৰ অৰ্থনৈতিক আৰু সামাজিক ক্রিয়াকলাপ প্রতারিত হয়। এই বিষয় সমূহৰ যুক্তি সংগত ভাবে অধ্যয়ন কৰাই মানৱ ভূগোলৰ মূল উদ্দেশ্য।


মানুহৰ ক্ৰিয়া কলাপ আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজত পৰম্পৰ সম্পৰ্ক মানৱ ভূগোলৰ মুখ্যা বিষয় বস্তু। মানুহ গতিশীল আৰু পৰিৱেশ পৰিবৰ্তনশীল। গতিকে মানৱ ভূগোল হৈছে গতিশীল মানৱ আৰু পৰিবৰ্তনশীল প্রাকৃতিক পৰিৱেশৰ মাজত থকা নিবিড় সম্পর্কন অধ্যায়নেই হৈছে মানৱ ভূগোলৰ পৰিসৰ আৰু কার্যক্ষেত্র।



Class 12 Geography Chapter 1 (প্ৰকৃতি আৰু পৰিসৰ) Short Questions Answers (অতি চমু প্ৰশ্নোত্তৰ) Assamese Medium HS 2nd Year


তলত দিয়া বিকল্প চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা: 


১। তলৰ কোনটো মানুহ আৰু পৰিবেশৰ মাজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পাৰস্পৰিক ক্ৰিয়া ?

     (a) মানুহৰ জ্ঞান

     (b) মানুহৰ উপলব্ধি 

     (c) প্রযুক্তিবিদ্যা 

     (d) মানৱ ভ্রাতৃত্ববোধ 


উত্তৰঃ (b) মানুহৰ উপলব্ধি 


২। নদীৰ কোন অংশক নদীমূখ বুলি জনা যায় ?

     (a) নদীবোৰ যি ঠাইৰ পৰা উৎপত্তি হয়

     (b) নদীবোৰ যি ঠাইত বিভক্ত হৈ পৰে

     (c) নদীবোৰ যি ঠাইত হ্ৰদ, সাগৰ মহাসাগৰৰ লগত মিলিত হয়

     (d) নদীয়ে গতিপথৰ যি ঠাইত আন এখন নদীৰ লগত মিলিত হয়


উত্তৰঃ (c) নদীবোৰ যি ঠাইত হ্রদ, সাগৰ মহাসাগৰৰ লগত মিলিত হয়


৩। মানৱ সমাজ আৰু ভূপৃষ্ঠৰ মাজত গঢ়ি উঠা পাৰস্পৰিক সম্পর্ক সংশ্লেষণাত্মক অধ্যয়ন পৰিক্ৰমাই মানৱভূগোল। " মানৱভূগোল এই সংজ্ঞাটো আগবঢ়াইছিল

     (a) ৰাটজেলে

     (b) এলেন চার্চিল চেম্পলে

     (c) ভাইডেল ডি - লা- ব্লেচে

     (d) গ্রীফিট টেইলৰে


উত্তৰঃ (a) ৰাটজেলে



৪। নব্য নির্ণয়বাদী দৃষ্টিভংগীৰ উপস্থাপক কোন ?

উত্তৰঃ গিফিট্‌ টেইলৰ ।


৫। পৰিৱেশিক নিৰ্দ্ধাৰণবাদৰ উপস্থাপক কোন ?

উত্তৰঃ ফ্রেডরিক বাটতেন ।


৬। সম্ভাৱনাবাদৰ উপস্থাপক কোন ?

উত্তৰঃ পল ভিভেল ডিনা রাচি।


৭। পৃথিৱীৰ প্ৰধান উপাদান দুটা কি কি ?

উত্তৰঃ পৃথিৱীৰ প্ৰধান উপাদান দুটা হল; (ক) স্থলভাগ আৰু (খ) জলভাগ ।


৮। মানৱ ভূগোলৰ দুটা উপশাখাৰ নাম লিখা ।

উত্তৰঃ মানৱ ভূগোলৰ দুটা উপশাখা হল; (ক) কৃষি ভূগোল আৰু (খ) ৰাজনৈতিক ভূগোল ।


৯। ২১ শতিকাৰ আৰম্ভণিতে পৃথিৱীৰ জনসংখ্যা কিমান আছিল ?

উত্তৰঃ ২১ শতিকাৰ আৰম্ভণিতে পৃথিৱীৰ মুঠ জনসংখ্যা ৬২৩ কোটি আছিল ।


১০। মানৱ ভূগোলৰ এটা সংজ্ঞা দিয়া ।

উত্তৰঃ ভাইডেল ডি লা ব্লাচিয়ে আগবঢ়োৱা সংজ্ঞা অনুসৰি, - মানুহ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক তথা আন্তঃক্ৰিয়াৰ ধৰণ কৰণ সম্পৰ্কীয় ভৌগোলিক অধ্যয়নৰ পৰিক্ৰমাটোক মানৱ ভোগোল বুলিব পাৰি। "


১১। পল ভিভেল ডি লা ব্লাচিয়ে মানৱ ভূগোল সম্বন্ধে আগবঢ়োৱা সংজ্ঞাটো লিখা। 

উত্তৰঃ আমাৰ পৃথিৱীত প্ৰভুত্ব বিস্তাৰ কৰি থকা প্ৰাকৃতিক নিয়মৰ বহু সংশ্লেষিক জ্ঞানৰ পৰা উৎপত্তি লাভ কৰা ধাৰণা সমূহ আৰু ইয়াত বসবাস কৰি থকা জীৱন মাজৰ সম্পর্ক। "



Class 12 Geography Chapter 1 (প্ৰকৃতি আৰু পৰিসৰ) Important Questions Answers for HS 2026

১। পৰিৱেশ নিৰ্ণয়বাদ বুলিলে কি বুজা ? HS 2019

উত্তৰঃ মানুহ প্ৰকৃতিৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হৈছিল আৰু প্ৰকৃতিৰ নিৰ্দেশনাৰ সৈতে খাপ খাই ছিল। এই ধৰণৰ আদান-প্ৰদান যেতিয়া মানৱ সমাজ বিকাশৰ আদিম পৰ্যায়ত আছিল আৰু সেয়েহে প্ৰকৃতি অনুসৰি নিজকে অভিযোজিত কৰিছিল, ইয়াক মানুহৰ প্ৰাকৃতিককৰণ বুলিও কোৱা হয় যাক পৰিৱেশ নিৰ্ণয়বাদ বুলিও কোৱা হয় । 


২। পাৰিপাৰ্শ্বিক নির্ণয়বাদ বুলিলে কি বুজা ?

উত্তৰঃ একাংশ ভূগোলবিদৰ মতে, প্ৰাকৃতিক পৰিবেশৰ দ্বাৰা জীৱজগত নিয়ন্ত্ৰিত হৈ আহিছে। পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহৰ ক্রিয়াকলাপ তথা কৰ্মৰাজিৰ মাজত যি প্রভেদ দেখা যায় তাৰ মূলতে প্ৰাকৃতিক পৰিবেশৰ আঞ্চলিক ৰেহৰূপৰ প্ৰভাৱ । ” – এই চিন্তাচৰ্চাৰ ধাৰাটোকে পাৰিপাৰ্শ্বিক নির্ণয়বাদ বোলে ।


৩। মানৱ পৰিচালিত পৰিবেশ কি ?

উত্তৰঃ একাংশ ভূগোলবিদৰ মতে, মানুহ প্ৰাকৃতিক পৰিবেশক নিজৰ অনুকূলে গঢ় দি ল'ব পৰা যোগ্যতাৰ এক অসাধাৰণ জীৱ প্ৰজাতি । তেওঁলোকৰ মতে, মানুহ যথেষ্ট জ্ঞান আৰু কৌশলৰ অধিকাৰী হোৱা হেতু মানুহৰ সংস্কৃতিক অর্থাৎ বৌদ্ধিক কর্মকাণ্ডই প্রাকৃতিক পৰিবেশৰ ওপৰত পেলোৱা প্ৰভাৱ উলাই কৰিব নোৱাৰি। মানুহে প্ৰয়োজন অনুসৰি প্ৰকৃতিৰ ওপৰত আধিপত্য বিস্তাৰ কৰি প্ৰাকৃতিক পৰিবেশ ভঙা - পতা কৰিব পাৰে। এই ধাৰণাটোকে মানৱ পৰিচালিত পৰিবেশ বুলি কোৱা হয় ।


৪। ঔপনিবেশিক যুগে কি বুজায় ?

উত্তৰঃ পঞ্চদশ শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰা পর্তুগাল, ফ্রান্স । স্পেইন প্ৰভৃতি পশ্চিম ইউৰোপীয় দেশসমূহত সামুদ্রিক অভিযানৰ এক পৰম্পৰা আৰম্ভ হয়। এনেবোৰ অভিযানৰ ফলস্বৰূপে, দুয়োখন আমেৰিকা, অষ্ট্ৰেলিয়া, এন্টার্কটিকা প্রভৃতি মহাদেশীয় ভূ–ভাগৰ আৱিস্কাৰ হোৱাৰ উপৰিও আফ্ৰিকাৰ দুৰ্গম অঞ্চলত ইউৰোপীয় লোকৰ প্ৰৱেশ ঘটে। সীমাবদ্ধ সম্পদৰ ওপৰত নিৰ্ভৰশীল হৈ থকা কেইবাখনো ইউৰোপীয় ৰাষ্ট্ৰই নতুনকৈ আৱিস্কাৰ হোৱা মহাদেশসমূহত ঔপনিবেশীয় সম্পদ প্ৰকৰণ প্ৰকাৰ্য আৰম্ভ কৰে। সেয়েহে পঞ্চদশ শতিকাৰ পৰা উনবিংশ শতিকাৰ মাজৰ সময়চোৱাক ঔপনিবেশিক যুগ বোলা হয়।


৫। মানৱ ভূগোলে কি অধ্যয়ন কৰে ? HS 2015, 2017

উত্তৰঃ মানৱ ভূগোলৰ অধ্যয়নৰ যোগেদি যি জ্ঞান আহৰণ কৰা হয় সেই জ্ঞানক মানুহৰ হিত সাধনৰ অৰ্থে ব্যৱহাৰ কৰা হয়। মানৱ ভূগোল বিভিন্ন প্রাকৃতিক কাৰকৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰশীল। কাৰণ, এই কাৰকবোৰে মানুহৰ কাৰ্যকলাপৰ ওপৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায় আৰু মানৱ জীৱনৰ উন্নয়নৰ সীমাৰেখা নিৰ্ধাৰণ কৰে । বিভিন্ন অঞ্চলৰ মানুহৰ কাৰ্যকলাপ, জীৱন – নিবাহ প্রক্রিয়া, ধর্ম, শিক্ষা, বেপাৰ, বাণিজ্য, সামাজিক প্রথা, জনপ্ৰবজন জনবসতি আদিৰ লগতে এইবোৰৰ লগত জড়িত আনুষাংগিক বিষয়সমূহে মানৱ ভূগোলে অধ্যয়ন কৰে।


৬। প্ৰকৃতি কিদৰে মানৱ পৰিচালিত হয় ?

উত্তৰঃ ভূগোল বিজ্ঞানৰ অধ্যয়নৰ ধাৰণা সময়ৰ পৰিবৰ্তনৰ লগে লগে ক্ৰমশঃ সলনি হৈ আহিছে। বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে মানুহক বহু দূৰলৈ আগুৱাই নিবলৈ সক্ষম হৈছে। যাৰ ফলত মানুহে প্রাকৃতিক আবেষ্টনিৰ পৰা নিজকে মুক্ত কৰি বিজ্ঞানৰ সহায়ত প্রতিকূল প্রাকৃতিক পৰিবেশক অনুকুল অৱস্থালৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছে। প্ৰাকৃতিক পৰিবেশক আৱশ্যক অনুসৰি সাল-সলনি কৰা এই ধাৰণাটোক মানৱ ভূগোলত সাম্ভাব্যবাদ বুলি জনা যায় ।


৭। মানৱ ভূগোল অধ্যয়নৰ বিষয়বস্তু কি ?  যিকোনো তিনিটা তথ্য বুজাই দিয়া।  

উত্তৰঃ মানৱ ভূগোল অধ্যয়নৰ বিষয়বস্তু এনেধৰণৰ।

আন্তঃসম্পৰ্ক বুজিবলৈ ভৌতিক/প্ৰাকৃতিক পৰিৱেশ আৰু মানৱ জগতৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক আছে, গতিকে মানৱ ভূগোলে সেই সম্পৰ্ক অধ্যয়ন কৰি প্ৰতিষ্ঠা কৰে।


স্থানীয় বিতৰণ অধ্যয়ন মানৱ ভূগোল মানৱ পৰিঘটনাৰ স্থানীয় বিতৰণৰ বিষয়েও অধ্যয়ন কৰে।


সামাজিক আৰু অৰ্থনৈতিক তাৰতম্য বিশ্বৰ বিভিন্ন প্ৰান্তৰ মাজত সামাজিক আৰু অৰ্থনৈতিক পাৰ্থক্য অধ্যয়নৰ বিষয়েও বিষয়বস্তুটো চিন্তিত।


৮। ‘সম্ভাৱ্যবাদ’ৰ ধাৰণাটো ব্যাখ্যা কৰা, তিনিটা উপযুক্ত উদাহৰণৰ সৈতে।

উত্তৰঃ সম্ভাৱনাবাদৰ ধাৰণাটো আগবঢ়াইছিল লুচিয়ান ফেবুৰে যিয়ে বৰ্ণনা কৰিছিল যে কোনো প্ৰয়োজনীয়তা নাই, কিন্তু সকলোতে সম্ভাৱনা আছে আৰু মানুহক এই সম্ভাৱনাবোৰৰ এজন নিপুণ বুলি কোৱা হয় যিয়ে ইয়াৰ ব্যৱহাৰৰ বিচাৰ কৰে।  মানুহে নিজৰ শক্তিৰে নিজৰ ভৌতিক পৰিৱেশৰ শক্তিক খাপ খুৱাব পাৰে, সামঞ্জস্য কৰি ল’ব পাৰে আৰু পৰিৱৰ্তন কৰিব পাৰে।  তেওঁৰ ছাপবোৰ সকলোতে দেখা গৈছিল।


উদাহৰণস্বৰূপে, হাইলেণ্ডত এটা স্বাস্থ্য ৰিজৰ্ট, বিশাল নগৰীয়া বিস্তাৰ (বিস্তাৰিত) পথাৰ, সমভূমি আৰু ৰোলিং হিলছত ফলৰ বাগিচা আৰু চৰণীয়া পথাৰ, উপকূলৰ বন্দৰ, সাগৰৰ পৃষ্ঠত সাগৰীয় পথ আৰু মহাকাশত উপগ্ৰহ।


৯।  প্ৰযুক্তিয়ে মানুহৰ ওপৰত পৰিৱেশৰ শিকলি কেনেকৈ ঢিলা কৰে ?  উদাহৰণেৰে বুজাই দিয়া। 

উত্তৰঃ মানুহে প্ৰযুক্তিৰ সহায়ত নিজৰ ভৌতিক পৰিৱেশৰ সৈতে যোগাযোগ কৰে।  ইয়াত প্ৰযুক্তিয়ে সমাজৰ সাংস্কৃতিক বিকাশৰ স্তৰ সূচায়।  প্ৰাকৃতিক পৰিৱেশৰ সৈতে তেওঁলোকৰ পাৰস্পৰিক ক্ৰিয়াৰ পূৰ্বৰ পৰ্যায়ত মানুহ প্ৰকৃতিৰ দ্বাৰা বহু পৰিমাণে প্ৰভাৱিত হৈছিল যদিও সমসাময়িক মানুহে প্ৰকৃতি আৰু ইয়াৰ শক্তিসমূহ বুজি পায়।  তেওঁলোকে নিজৰ বুজাবুজিক ঘাঁৰ নতুন যুগ অৰ্থাৎ প্ৰকৃতিৰ মানৱীয়কৰণৰ বাবে ব্যৱহাৰ কৰে।


১০৷ এটা বিষয় হিচাপে ভূগোল বিজ্ঞানৰ বিচাৰ্য বিষয়বোৰ কি ?

উত্তৰঃ ভূগোল বিজ্ঞানৰ অধ্যয়নৰ পৰিসৰটো অতি ব্যাপক। গতিকে ইয়াৰ বিচাৰ্য বিষয়সমূহো ব্যাপক পৰিসৰতে বিস্তৃত। পৃথিৱীৰ জন্মৰ ৰহস্যৰ সম্ভেদ দিয়াৰ পৰা পৃথিৱীত থকা স্থলভাগ, আৰু জলভাগৰ লগতে পৃথিৱীক আগুৰি থকা বায়ুমণ্ডলৰ বিষয়েও ভূগোল বিজ্ঞানত সূক্ষ্মভাৱে অধ্যয়ন কৰা হয়। ধৰাপৃষ্ঠত দেখিবলৈ পোৱা বিভিন্ন ধৰণৰ ভূ-প্রাকৃতিক অৱয়বৰ লগতে মানৱ সৃষ্ট বিভিন্ন অৱয়বসমূহৰ বিষয়েও সূক্ষ্ম ভাৱে অধ্যয়ন কৰা আৰু এইবোৰৰ কাৰণ আৰু ফলাফল বিশ্লেষণ কৰা ভূগোল বিজ্ঞানৰ মূখ্য আলোচ্য বিষয় হিচাপে বিবেচনা কৰা হৈছে ইয়াৰ উপৰিও বৰ্তমান সময়ত ভূগোল বিজ্ঞানে পৃথিৱীৰ ভিন্‌ ভিন্‌ অৱয়ববোৰৰ স্থান, কাল, অৱস্থা আদিৰ বিষয়ে বিজ্ঞানসন্মত ভাৱে বিশ্লেষণ কৰি এইবোৰৰ সত্যতা নিৰূপণ কৰিছে । পৃথিৱীত বাস কৰা মানুহ আৰু বিভিন্ন ভৌগোলিক পৰিবেশৰ মাজত কেনেধৰণৰ সম্বন্ধ স্থাপন হৈছে সেই কথাও মানৱ ভূগোলৰ আলোচ্য বিষয় হিচাপে গণ্য কৰা হয় ।



Class 12 Geography Chapter 1 (প্ৰকৃতি আৰু পৰিসৰ) Common Long Questions Answers for HS 2026

১। পৰিবেশ পৰিচালিত মানৱৰ ধাৰণাটো ব্যাখ্যা কৰা ।

উত্তৰঃ পৰিবেশ পৰিচালিত মানৱৰ ধাৰণাটোক পাৰিপাৰ্শ্বিক - নির্ণয়বাদ (environmental determinism) বুলি জনা যায়। এই ধাৰণাত বিশ্বাসী সকলৰ ভিতৰত ফ্ৰেডৰিক ৰাটজেল, ৰবাৰ্ট মিল, ষ্ট্রেব', হান্টিংটন, মন্টেচকু, মেকিণ্ডাৰ, কান্ট আদি বিশেষভাৱে উল্লেখযোগ্য।


'পাৰিপাৰ্শ্বিক নির্ণয়বাদ' ধাৰণা অনুসৰি, জীৱজগত প্ৰাকৃতিক পৰিবেশৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ আহিছে। প্ৰাকৃতিক পৰিবেশৰ ভিন্নতাৰ বাবেই পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহৰ ক্রিয়াকলাপ তথা কৰ্মৰাজিৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয়। প্রাকৃতিক পৰিবেশ মানে বন্ধুৰতা জলবায়ু নদ-নদী, প্রাকৃতিক সম্পদ ইত্যাদি। কোনো এক অঞ্চলৰ উন্নতিৰ মূল হ'ল সেই অঞ্চলৰ প্ৰাকৃতিক পৰিবেশ। অর্থাৎ কোনো এক অঞ্চলৰ মানুহৰ অৰ্থনৈতিক তথা সামাজিক কৰ্মৰাজি নিয়ন্ত্রণ কৰে সেই অঞ্চলৰ প্ৰাকৃতিক পৰিবেশে।


এৰিষ্টটলৰ মতে, এখন দেশৰ নাগৰিকসকলে উন্নতি কৰাৰ মূলতে সুন্দৰ প্ৰাকৃতিক পাৰিপাৰ্শ্বিক অৱস্থা । প্ৰাকৃতিক পৰিবেশৰ পৰা মানুহেই হওক বা অন্যান্য জীৱজন্তুৱেই হওক কোনো মুক্ত নহয় । প্ৰাকৃতিক পৰিবেশৰ প্ৰভাৱতে মৌচুমী জলবায়ুৰ অন্তৰ্গত অঞ্চলৰ লোকসকলে সহজসাধ্য প্ৰণালীৰে কৃষিকাৰ্য্যৰ মাধ্যমেৰে জীৱিকা নিৰ্বাহ কৰাৰ বিপৰীতে শুকান মৰুময় অঞ্চলত থকা লোকসকলে অঘৰী বৃত্তিৰ অংশীদাৰ হ'ব লগাত পৰে। সেইদৰে নৈ কাষৰীয়া অঞ্চলৰ মানুহে মৎস্য উৎপাদনক জীৱিকা হিচাপে লোৱাৰ বিপৰীতে পাহাৰীয়া অঞ্চলৰ লোকসকলে পশু - পালনক বৃত্তি হিচাপে গ্রহণ কৰা দেখা যায় ।


২। মানৱ ভূগোল অধ্যয়নৰ আৱশ্যকতা কি ?

উত্তৰঃ মানৱৰ জ্ঞান আহৰণ কাৰ্যৰ প্ৰধান লক্ষ্যই হৈছে মানুহৰ হিত সাধনত সেই জ্ঞান প্রয়োগ কৰা । পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশ মানুহ জাতিৰ কৰ্মৰাজী সম্পৰ্কীয় জ্ঞান প্ৰণালীবদ্ধভাৱে আহৰণ কৰি মানৱৰ হিত সাধনৰ উদ্দেশ্য প্ৰয়োগ কৰাৰ ক্ষেত্রত মানৱ ভূগোল অধ্যয়নৰ অৰিহণা অতি গুরুত্বপূর্ণ মানৱ ভূগোলত মানুহৰ বাসভূমি আৰু কৰ্মস্থলী হিচাপে পৃথিবীৰ প্ৰাকৃতিক পরিবেশ অধ্যয়ন করা হয়। লগতে এই বাসভূমিৰ বাসিন্দা হিচাপে মানুহৰ যোগ্যতানো মুল্যায়ন কৰা হয়। গতিকে মানুহৰ কাম কাজৰ ধৰণ-কৰণ আৰু ইয়াৰ ভৱিষ্যত সম্পৰ্কে গড়ি তোলাৰ উদ্দেশ্য মানৱ ভূগোলৰ অধ্যয়ন অতি প্রয়োজনীয় । 


মানৱ ভূগোল অধ্যয়নৰ পৰিসৰত মানুহক প্ৰাকৃতিক পৰিবৰ্তনকাৰী এটি শক্তিশালী উপাদান হিচাপে ধৰা হয়। সেয়ে মানৱ ভূগোলত একেবোৰ বিষয়বস্তুৰ অধ্যয়ন প্রনালী অথবা বীতিবিধান প্রাকৃতিক ভূগোল শায়াত কৰা অধ্যয়নতকৈ বেলেগ। পৃথিৱীখনত মানুহৰ সন্মূখত ধৰা দিয়া সম্পদ তথা বিপদ আৰু যোগ্যতা অনুসৰি মানুহৰ কৰণীসমূহ স্থানিক বা আঞ্চলিক বিশ্লেষণ দাঙি ধৰা এক শৈক্ষিক বিষয় হিচাপে মানৱ ভূগোলৰ নিজস্ব ব্যবহাৰিক গুৰুত্ব আছে।


৩। “প্ৰকৃতি আৰু মানুহ ইমানেই জটিলভাৱে আন্তঃসংলগ্ন যে ইহঁতক পৃথক কৰিব নোৱাৰি।”  বক্তব্যটোক ন্যায্যতা প্ৰদান কৰা।

 অথবা 

“প্ৰকৃতি আৰু মানুহ অবিচ্ছেদ্য উপাদান”।  উপযুক্ত উদাহৰণেৰে বক্তব্যটোক ন্যায্যতা প্ৰদান কৰক।

উত্তৰঃ প্ৰকৃতি আৰু মানুহক অবিচ্ছেদ্য হোৱাৰ বাবে পৃথক কৰিব নোৱাৰি কাৰণ মানুহ সামাজিক, অৰ্থনৈতিক আৰু প্ৰযুক্তিগতভাৱে উন্নত হ’ল।  তেওঁ নিজৰ ডিজাইন আৰু দক্ষতাৰ জৰিয়তে নিজৰ পৰিৱেশ সৃষ্টি কৰি নিজৰ স্বভাৱ বহল কৰি তুলিছিল যাতে উন্নত খাদ্য, বাসস্থান, প্ৰৱেশ আৰু আৰামৰ ব্যৱস্থা থাকিব পাৰে।


প্ৰকৃতি আৰু মানুহ উভয়কে মানৱ শৰীৰচৰ্চাৰ পৰা প্ৰতীক ব্যৱহাৰ কৰি উপমা বৰ্ণনা কৰা হৈছে যেনেকৈ আমি প্ৰায়ে পৃথিৱীৰ মুখ, ধুমুহাৰ চকু, নদীৰ মুখ, হিমবাহৰ নাক, ইষ্টমাছৰ ডিঙি আৰু মাটিৰ প্ৰফাইলৰ কথা কওঁ।


ওপৰৰ সকলোবোৰ ডাকনাম মানুহে প্ৰাকৃতিক.পঘটনাত দিছে।  এনে কৰিলে এজন মানুহে প্ৰকৃতিৰ লগত সহজে মত বিনিময় কৰিব পাৰে।  এই সকলোবোৰ ভৌতিক বৈশিষ্ট্যক জীৱ হিচাপে বৰ্ণনা কৰা হৈছে আৰু পথ, ৰেলপথ আৰু জলপথৰ দৰে মানৱসৃষ্ট গঠনক পৰিবহনৰ ধমনী হিচাপে বৰ্ণনা কৰা হৈছে।



৪। “এটা প্ৰযুক্তি বিকাশৰ বাবে প্ৰকৃতিৰ বিষয়ে জ্ঞান অত্যন্ত গুৰুত্বপূৰ্ণ।”  তিনিটা উদাহৰণ দি এই কথাষাৰ সমৰ্থন কৰক। 

 অথবা

প্ৰযুক্তি বিকাশৰ বাবে প্ৰকৃতিৰ জ্ঞান কেনেদৰে গুৰুত্বপূৰ্ণ ?  উপযুক্ত উদাহৰণেৰে বুজাই দিয়া।

উত্তৰঃ মানুহে প্ৰযুক্তিৰ সহায়ত নিজৰ ভৌতিক পৰিৱেশৰ সৈতে যোগাযোগ কৰে। মানুহে কি উৎপাদন আৰু সৃষ্টি কৰে সেয়া জনাটো ইমান গুৰুত্বপূৰ্ণ নহয়, কিন্তু তেওঁলোকে কি কি সঁজুলি আৰু কৌশল উৎপাদন আৰু সৃষ্টি কৰে তাৰ সহায়ত জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ।


প্ৰযুক্তিয়ে সমাজৰ সাংস্কৃতিক বিকাশৰ স্তৰ সূচায়।  মানুহে প্ৰাকৃতিক নিয়মৰ বিষয়ে ভালদৰে বুজি পোৱাৰ পিছত প্ৰযুক্তি বিকাশ কৰিবলৈ সক্ষম হৈছিল, যেনে-  ঘৰ্ষণ আৰু তাপৰ ধাৰণা বুজাই আমাক জুই আৱিষ্কাৰ কৰাত সহায় কৰিছিল।  একেদৰে ডি এন এ আৰু জিনীয় গোপনীয়তা বুজি পোৱাটোৱেও বহু ৰোগক জয় কৰিবলৈ সহায় কৰিছিল। আমি বায়ুগতিবিদ্যাৰ নিয়ম ব্যৱহাৰ কৰি দ্ৰুত সমতল বিকশিত কৰোঁ। এইদৰে প্ৰকৃতিৰ বিষয়ে জ্ঞান এটা প্ৰযুক্তি বিকাশৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ।



৫। প্ৰকৃতি কেনেকৈ মানৱীয় হৈ পৰে তাৰ উদাহৰণৰ সৈতে বুজাই লিখা

উত্তৰঃ মানুহে প্ৰযুক্তিৰ সহায়ত নিজৰ ভৌতিক পৰিৱেশৰ সৈতে যোগাযোগ কৰে।  প্ৰযুক্তিয়ে সমাজৰ সাংস্কৃতিক বিকাশৰ স্তৰ সূচায়।  প্ৰাকৃতিক নিয়মৰ বিষয়ে ভালদৰে বুজি পোৱাৰ পিছত মানুহে প্ৰযুক্তি বিকাশ কৰিবলৈ সক্ষম হৈছিল।  উদাহৰণস্বৰূপে, ঘৰ্ষণ আৰু তাপৰ ধাৰণা বুজাই আমাক জুই আৱিষ্কাৰ কৰাত সহায় কৰিছিল।  একেদৰে ডি এন এ আৰু জিনীয় গোপনীয়তা বুজি পোৱাৰ ফলত আমি ৰোগবোৰক জয় কৰিবলৈ সক্ষম হৈছিলো।


সামাজিক আৰু সাংস্কৃতিক বিকাশৰ লগে লগে মানুহে উন্নত আৰু অধিক কাৰ্যক্ষম প্ৰযুক্তিৰ বিকাশ ঘটায়।  এই সকলোবোৰ মডেম প্ৰযুক্তিয়ে মানুহক বান্ধ, জলাশয়, খাল আদি নিৰ্মাণত সহায় কৰে।বতৰ পৰিৱৰ্তিত কাৰ্যসূচীয়ে বৰষুণ, কুঁৱলী, শিলাবৃষ্টিৰ ধুমুহা পৰীক্ষা, পাৰমাণৱিক কাৰ্যসূচী আদিৰ প্ৰৰোচনা কৰিবলৈ ডাৱৰৰ বীজ সিঁচাৰ ক্ষেত্ৰত সহায় কৰে।


এইদৰে মানুহে প্ৰয়োজনীয়তাৰ অৱস্থাৰ পৰা স্বাধীনতাৰ অৱস্থালৈ গতি কৰিলে আৰু পৰিৱেশৰ পৰা লাভ কৰা সম্পদেৰে সম্ভাৱনাৰ সৃষ্টি কৰিলে।  এইদৰে প্ৰকৃতিয়ে মানৱীয়তা লাভ কৰে।


 

৬। “ভৌতিক ভূগোল আৰু মানৱ ভূগোলৰ উপাদানসমূহৰ মাজত পাৰস্পৰিক পাৰস্পৰিক ক্ৰিয়া-কলাপ আছে।”  উপযুক্ত উদাহৰণৰ সৈতে বক্তব্যটো সমৰ্থন কৰা।

উত্তৰঃ ভৌতিক ভূগোলত প্ৰাকৃতিক পৰিৱেশ যেনে ভূ-ৰূপ, জলবায়ু, উদ্ভিদ আৰু প্ৰাণীক অন্তৰ্ভুক্ত কৰা হৈছে।  মানৱ ভূগোলত মানুহ আৰু ভৌতিক পৰিৱেশৰ মাজৰ আন্তঃসম্পৰ্ক অন্তৰ্ভুক্ত কৰা হৈছে।  প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে মানুহে সাংস্কৃতিক পৰিৱেশৰ সামাজিক-সাংস্কৃতিক পৰিবেশ সৃষ্টি কৰে।  এই সৃষ্টিবোৰ হৈছে ভৌতিক আৰু মানৱ ভূগোলৰ মাজত পাৰস্পৰিক পাৰস্পৰিক ক্ৰিয়াৰ ক্ৰিয়া।


উদাহৰণস্বৰূপে, হাইলেণ্ডত স্বাস্থ্য ৰিজ’ৰ্ট সৃষ্টি কৰা হয়, সাগৰৰ পৃষ্ঠত সাগৰীয় পথ আৱিষ্কাৰ কৰা হয়, গাঁও আৰু চহৰৰ ঘৰবোৰক ভৌতিক পৰিৱেশক উন্নতভাৱে ব্যৱহাৰ কৰিবলৈ বনোৱা হয়।  এই উদাহৰণবোৰে দেখুৱাইছে যে দুয়োটাৰ মাজত পাৰস্পৰিক পাৰস্পৰিক ক্ৰিয়া-কলাপ আছে।



৭। প্ৰযুক্তিয়ে সমাজৰ সাংস্কৃতিক বিকাশৰ স্তৰ কেনেকৈ সূচায় সেই বিষয়ে বুজাই দিয়া।

উত্তৰঃ প্ৰকৃতিৰ নিয়ম বুজি মানুহে প্ৰযুক্তিৰ বিকাশ ঘটায়।  প্ৰকৃতিৰ লগত মানুহৰ পাৰস্পৰিক ক্ৰিয়া-কলাপে তেওঁলোকক উপযুক্ত প্ৰযুক্তি বিকশিত কৰিবলৈ উৎসাহিত কৰে।  উদাহৰণস্বৰূপে, ঘৰ্ষণ আৰু তাপৰ বিষয়ে ধাৰণা বুজাই জুইৰ আৱিষ্কাৰত সহায় কৰিছিল।


প্ৰাৰম্ভিক পৰ্যায়ত প্ৰযুক্তিৰ স্তৰ কম আছিল। পিছলৈ অধিক প্ৰযুক্তিগত বিকাশৰ ফলত সাংস্কৃতিক বিকাশৰ উচ্চ পৰ্যায়ৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে, বায়ুগতিবিদ্যাৰ বিষয়ে জ্ঞানে দ্ৰুত সমতল গঢ়ি তুলিছিল বা ডি এন এ আৰু জিনীয় বিজ্ঞানৰ বিষয়ে জনাটোৱে বহুতো জিনীয় ৰোগ দূৰ কৰাত সহায় কৰিছিল। এইদৰে প্ৰযুক্তিৰ অধিক ব্যৱহাৰৰ ফলত সমাজৰ সাংস্কৃতিক বিকাশ অধিক হয়।



৮। উপযুক্ত উদাহৰণৰ সৈতে ‘নিৰ্ণয়বাদৰ ধাৰণাটো ব্যাখ্যা কৰা।

 অথবা

পৰিৱেশ নিৰ্ণয়বাদৰ অৰ্থ কি ? মানুহৰ প্ৰাকৃতিককৰণৰ ফলত এই ধাৰণাটোৰ বিকাশ কেনেকৈ হ’ল ?

উত্তৰঃ নিৰ্ণয়বাদৰ ধাৰণাটোৱে বুজাইছে যে মানুহ হৈছে এক নিষ্ক্ৰিয় কাৰক, যিটো পৰিৱেশৰ কাৰকৰ দ্বাৰা প্ৰভাৱিত হয় যিবোৰ হৈছে জলবায়ু, উদ্ভিদ, প্ৰাণী আদি ভৌতিক কাৰক যিয়ে মানুহৰ সিদ্ধান্ত গ্ৰহণৰ মনোভাৱ আৰু জীৱনশৈলী নিৰ্ধাৰণ কৰে।


উদাহৰণস্বৰূপে, টুণ্ড্ৰাৰ এস্কিমোসকলে অতি ঠাণ্ডা জলবায়ুৰ লগত খাপ খাই পৰিছিল।  ইহঁতৰ প্ৰধান খাদ্য হ’ল তিমি, ছীল আৰু ৱালৰাছ।  ৰন্ধা-বঢ়া, গৰম আৰু পোহৰৰ বাবে পশুৰ তেল ব্যৱহাৰ কৰে।  ইগলুত বাস কৰে।  আনহাতে মালয়েছিয়াৰ চামাং আৰু ছাকাই আৰু কংগো অৱবাহিকাৰ পিগমিসকলে গৰম আৰু আৰ্দ্ৰ অৱস্থাত বাস কৰে।  ইহঁতে শাক-পাচলি, চিকাৰ আৰু মাছ ধৰি জীৱন নিৰ্বাহ কৰে।


মানুহৰ প্ৰাকৃতিককৰণৰ অৰ্থ হ’ল যেতিয়া প্ৰাকৃতিক মানুহতকৈ শক্তিশালী হয় আৰু সেয়েহে মানুহ প্ৰকৃতিৰ দ্বাৰা নিয়ন্ত্ৰিত হয়।  এই ধৰণৰ পাৰস্পৰিক ক্ৰিয়া আছিল আদিম মানৱ সমাজ আৰু প্ৰকৃতিৰ মাজত।  সেই সময়ত প্ৰকৃতিৰ শক্তি অধিক শক্তিশালী আছিল আৰু সেই পৰিৱেশত মানুহে জীয়াই থাকিবলৈ সংগ্ৰাম কৰিছিল।  মানুহ আছিল নিষ্ক্ৰিয় এজেণ্ট। ইয়াৰ ফলত পৰিৱেশ নিৰ্ণয়বাদ শব্দটোৰ জন্ম হয়।



৯। ‘নব্য নিৰ্ণয়বাদৰ ধাৰণাটো উপযুক্ত উদাহৰণৰ সৈতে ব্যাখ্যা কৰা।

 অথবা

মানৱ ভূগোলৰ ক্ষেত্ৰত গ্ৰীফিথ টেইলৰৰ নতুন ধাৰণা কি ? উদাহৰণৰ সৈতে ধাৰণাটো বৰ্ণনা কৰা । 

উত্তৰঃ নব্য নিৰ্ণয়বাদৰ ধাৰণাটো গ্ৰীফিথ টেইলৰে প্ৰৱৰ্তন কৰিছিল যিয়ে পৰিৱেশ নিৰ্ণয়বাদ আৰু সম্ভাৱনাবাদৰ দুটা মূৰৰ মাজৰ মধ্যম পথ বা মধ্যম মাৰ্গৰ ওপৰত গুৰুত্ব আৰোপ কৰে।  ইয়াক তলত দিয়া কথাবোৰৰ দ্বাৰা বুজিব পাৰি:


(ক) ধাৰণাটোৱে কল্পনা কৰে যে সেয়া নিৰপেক্ষ প্ৰয়োজনীয়তা (অৰ্থাৎ পৰিৱেশ নিৰ্ণয়বাদ) আৰু নিৰপেক্ষ স্বাধীনতা (অৰ্থাৎ সম্ভাৱনাবাদ) হওক, নিৰপেক্ষ একো নাই।

(খ) মানুহে প্ৰকৃতিৰ আজ্ঞা পালন কৰি বাধা দিব পাৰে, কিয়নো এটা সীমাৰ ভিতৰত সম্ভাৱনা সৃষ্টি কৰিব পাৰি।

(গ) অৰ্থনীতিৰ উন্নয়নৰ বাবে প্ৰাকৃতিক সম্পদৰ অতিমাত্ৰা শোষণে সেউজ গৃহ প্ৰভাৱ, অ’জন স্তৰৰ হ্ৰাস, গোলকীয় উষ্ণতা বৃদ্ধি, হিমবাহৰ পিছুৱাই যোৱা আৰু ভূমিৰ অৱক্ষয় আদি পৰিৱেশ সমস্যাৰ সৃষ্টি কৰে।


নব্য নিৰ্ণয় অৰ্থাৎ মধ্যম পথৰ এটা উদাহৰণ হ’ল ট্ৰেফিক সংকেত । ৰঙা লাইটৰ অৰ্থ হ’ল বন্ধ হোৱা আনহাতে সেউজীয়াৰ অৰ্থ হ’ল যোৱা আৰু এম্বাৰ লাইটে ৰঙা আৰু সেউজীয়া লাইটৰ মাজত ‘ছেট হ’বলৈ’ এটা ব্যৱধান প্ৰদান কৰে।  এম্বাৰ পোহৰ যেনেকৈ নব্য নিৰ্ণয়বাদ পৰিৱেশ নিৰ্ণয়বাদ আৰু সম্ভাৱনাবাদৰ দুটা মূৰৰ মাজত থাকে ঠিক তেনেদৰেই মধ্যম পথ।



No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.