15 Mar 2023

HSLC 2024 Assamese Common Question

HSLC 2024 Assamese Common Question

HSLC 2023 Assamese Common Question


HSLC 2024 Assamese Common Question: Here in this post you can avail Class 10 HSLC 2024 Assamese Common Question. 




Assamese Common Question for HSLC 2024

পদ্যাংশৰ দৰকাৰী আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন সমূহ 


১. মাধৱদেৱৰ জন্মস্থান কি ? 


২. মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ কি ? 


৩. বৰগীতটি কোনে ৰচনা কৰা ?


8. বৰগীতটি কি ৰাগত বন্ধা আছে ?


৫. কবিয়ে 'বান্ধব’ বুলি কাক সম্বােধন কৰিছে ?


৬. মাধৱদেৱৰ দ্বাৰা বিৰচিত দুখন আখ্যানমূলক ৰচনাৰ নাম লিখা । 


৭. মাধৱদেৱৰ দ্বাৰা বিৰচিত দুখন তত্ত্বমূলক গ্রন্থ নামঘােষাৰ নাম লিখা । 


৮.  বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা ।


৯. ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।


১০. বৰগীতটিৰ মূলভাব লিখা ।


১১. জিকিৰৰ ৰচক কোন ?


১২. 'মোমিন' ৰ অৰ্থ কি ?


১৩. জিকিৰবােৰক কিহৰ লগত তুলনা কৰিব পাৰি ?


১8. "জিকিৰ" শব্দটো কি শব্দৰ পৰা ওলাইছে ?


১৫. '' সনক  সনন্দ  যোগী   যাহাকু   ধিয়ায়   ৷


       সকল  নিগমে  যাক  বিচাৰি  নপায়  ৷৷  ''


       —তাৎপৰ্য   বিচাৰ  কৰা ৷,


১৬. ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায় ?


১৭. ৰঘুনাথ চৌধাৰীৰ পিতৃৰ নাম কি ? 


১৮. ৰঘুনাথ চৌধাৰীক কিয় বিহগী কবি বুলি জনা যায় ? 


১৯. প্রশস্তি কবিতাটোৰ মূলভাব লিখা ।


২০. চৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা ।


২১. চৈয়দ আব্দুল মালিকক কি বুলি কোৱা হৈছিল ?


২২. চৈয়দ আব্দুল মালিকে কিহৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ?


২৩. "অসমৰ হেংদাং জিলিকিল 

দুপৰৰ পূৰ্ণ আলোকত" ---- কথাখিনিৰ তাৎপর্য ব্যাখ্যা কৰা ।


২৪. অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা । 


২৫. মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্রতিফলিত হৈছে বুজাই লিখা ।


২৬. অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা ।


২৭. কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জনম ল'ম বুলি ভাবিছে বুজাই লিখা । 


২৮. মই অসমীয়া কবিতাটোৰ সাৰাংশ দিয়া ।


২৯. কবি হৰেকৃষ্ণ ডেকাই সম্পাদনা কৰা বাতৰি কাকত খনৰ নাম কি ? 


৩০. কবি হৰেকৃষ্ণ ডেকাই সম্পাদনা কৰা আলোচনী খনৰ নাম কি ? 


৩১. কবি হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাস খনৰ নাম লিখা । 


৩২. কবি হৰেকৃষ্ণ ডেকাই কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ? 


৩৩. কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল ?


৩৪. মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল ?


৩৫. মানুহজনে নিজৰ ঘৰৰ পদূলি ক'ত বিচাৰিছিল ?


৩৬. মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰ ভংগিত আছিল ?


৩৭. কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল ?


৩৮. `দৃশ্যান্তৰ' কবিতাটোৰ মূলভাৱ লিখা।


৩৯. `দৃশ্যান্তৰ' কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা।



৪০. ব্যাখ্যা কৰাঃ


(ক) “ সহস্র বয়নে যাৰ নপাৱস্ত সীমা ।


         অধমে জানিবাে কেনে তােমাৰ মহিমা । ” 



(খ) “তােমাৰ চৰণ দুই মােৰ মহা ধন ।


          ভকত জনেৰ নিজ তুমিয়ে জীৱন । ”



(গ) "পানী মৰে পিয়াহত , অগ্নি মৰে জাৰত ।


       খােদা ৰছুল লুকাই আছে , মােমিনৰ আঁৰত ৷।"



(ঘ) মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট ।


       বেহাব নােৱাৰে তাত মায়াই ভেটে বাট ৷। 



(ঙ) উঠে তৰু শিৰে শিৰে বন বিহঙ্গৰ


       ছদভৰা সুমধুৰ তান,


       জল স্থল অন্তৰীক্ষ সকলােতে যেন ।


      দেৱতাৰ মহা অভিযান ।



(চ) মােহন কীচক বেণু অনাহত ছন্দে


      গায় মহামহিমৰ গান,


      মােহ তন্দ্রালস তেজি উঠা ভক্তবৃন্দ !


      সুন্দৰৰ কৰা ৰূপধ্যান ।



(ছ) মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয় 

              

       দেশ-প্রাণ, মুক্ত-প্রাণ, অসমৰ স্বদেশ ভকতি ।



(জ) জীৱনে মৰণে মই চিৰদিন অসমীয়া 

       

       অসমীয়া দেহ প্রাণ মন ;

       

       জীয়াই থাকোতে মই অসমৰে অসমীয়া 

       

       মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ ।




HSLC Question Paper 2023 Assamese  

গদাংশৰ দৰকাৰী আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন সমূহ 


১. ছাত্ৰ জীৱন কি লাভৰ সময় ?


২. অসমীয়া সাহিত্যৰ বুৰঞ্জী-প্ৰণেতা হিচাপে কাক জনা যায় ? 


৩. "Growth of the Assamese Language" নামক গ্ৰন্থ খনৰ ৰচক কোন ? 


৪. লিখকৰ মতে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য কি কি ?


৫. বৰ্তমান প্ৰচলিত শিক্ষাৰ দোষ কি কি ?


৬. ছাত্ৰসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হব লাগে ।


৭. ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা কৰ পৰা কিদৰে লাভ কৰিব পাৰে ?


৮. ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা কৰ পৰা কিদৰে লাভ কৰিব পাৰে ?


৯. লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে কিহৰ উন্নতি কৰা ?


১০. এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন।' 

- কোনখিনি শিক্ষা তেওঁলোকৰ (ছাত্ৰ- ছাত্ৰীসকলৰ) কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ বুজাই লিখা।


১১. "গাঁও একেবাৰে নগৰৰ জনক- জননী ।" কথাষাৰৰ তাৎপৰ্য বুজাই লিখা ।


১২.  'ফ্ৰম ভলগা টু গংগা' কাৰ ৰচনা ?


১৩. কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি ?


১৪. অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাববস্তু দুটা কি কি ?


১৫. হেম বৰুৱাদেৱৰ এখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা ।


১৬. পণ্ডিত ৰাহুল সংস্কৃত্যায়নে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল ?


১৭. ভাৰতীয় ভৌগোলিক জীৱন কেনেদৰে বিচিত্ৰময় ৰূপত প্ৰকাশ পাইছে ?


১৮. ' ভাৰতীয় সংস্কৃতি' পাঠটোৰ সাৰাংশ লিখা।


১৯. 'ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু'।

-এই কথাষাৰ কিমানদূৰ যুক্তিপূৰ্ণ, 'ভাৰতীয় সংস্কৃতি' পাঠটোৰ আধাৰত বিচাৰ কৰা।


২০. 'সভ্যতা আৰু সংস্কৃতি' শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা।


২১. অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া।


২২. ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো ?


২৩. প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল ?


২৪. কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে ?


২৫. সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল ?


২৬. অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক ?


২৭. অসমৰ স্বাধীনতা সূৰ্য কেতিয়া অস্ত গ'ল ?


২৮. অসমত আদিৰে পৰা প্ৰচলিত ধৰ্ম দুটা কি কি ?


২৯. পূব পাকিস্তানক বৰ্তমান কি নামেৰে জনাজাত।


৩০. এটা সংমিশ্ৰিত- সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি-তৰ্কৰ অবকাশ নাই।' - ইয়াত লিখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে। `নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অবকাশ নাই' বোলা কথাষাৰৰ সত্যাসত্য বিচাৰ কৰা।


৩১. দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল ?


৩২. ইন্টাৰনেট কি ?


৩৩. কুঁৱলীয়ে প্ৰথমে কালৈ ই-মেইল কৰিছিল ?


৩৪. পূজাৰ বন্ধত কুঁৱলীহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল ?


৩৫. ভাইৰাছ কি ?


৩৬. WWW বা ৱেব কি ?


৩৭. ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে ?


৩৮. `ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে'-কথাষাৰৰ বক্তা কোন? ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা।


৩৯. ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা।


৪০. অৰুণিমা সিন্হাৰ কোন বিধ খেলত বিশেষ দক্ষতা আছিল ? 


৪১. অৰুনিমা সিন্হাৰ ঘৰ ক'ত আছিল ?


৪২. হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল ?


৪৩. চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল ?


৪৪. মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল ? তেওঁ তাত কিমান সময় ধৰি আছিল ?


৪৫. অৰুণিমা সিন্হাই ৰেলযাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল ?এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল ?


৪৬. অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰি পালে কেনেদৰে সহায় কৰিছিল ?


৪৭. নাহৰৰ নিৰিবিলি ছাঁ নামৰ গ্ৰন্থ খনৰ কোনে ৰচনা কৰিছিল ?


৪৮. লৰ্ড কাৰ্জন কোন ?


৪৯. কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল ?


৫০. কামত লৰা-ছোৱালী বুলি ভাগ নাই । যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা ।'- কথাষাৰৰ বক্তা কোন ? তেওঁ কিয় এই কথাষাৰ ক'ব লগা হৈছিল আঁতিগুৰি মাৰি লিখা ।


৫১. ইৰাণৰ ৰাজধানী নাম কি ?


৫২. ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন ?


৫৩. বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল ?


৫৪. আগা শব্দৰ অৰ্থ কি ?


৫৫. বেহেষ্ট-ই-জাহাৰা কি ?


৫৬. কেন্দৰ অৰ্থ কি ?


৫৭. ইৰাণীসকলৰ নৱবৰ্ষৰ উৎসৱৰ চমু বিৱৰণ দিয়া ।


১২. ব্যাখ্যা কৰাঃ


(ক) পঢ়াই, পঢ়ে, ৰোৱে পাণ।


      এই তিনিয়ে নিচিন্তে আন ॥



(খ) কমাৰশালত গঢ়িবলৈ হ'লে আগতে জুইশালত গঢ়ি চাব লাগিব। সাঁতুৰিবলৈ শিকিবলৈ হ'লে পানীত ননমাকৈ নহয় ।



(গ) নৰ সেৱাই প্ৰকৃত নাৰায়ণ সেৱা।



(ঘ) সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।



(ঙ) ভাৰত বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী।




HSLC 2023 Assamese Important Question

খ অংশ - পদ্যাংশ


১. শ্ৰীধৰ কন্দলীৰ দ্বাৰা ৰচিত দুখন কাব্যৰ নাম লিখা ।


২. কপিল মুনিৰ মাতৃ কোন আছিল ?


৩. কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল ?


৪. মাকৰ কি কি গুণৰ কথা কবলৈ শিশু কৃষ্ণ লাজ লাগে বুলি কৈছিল ? কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা ?


৫. কৃষ্ণই  বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আলমত বৰ্ণনা কৰা ।


৬. অম্বিকাগিৰী ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল ?


৭. ধৰ ঝাড়ু ধৰ ভাই - কবিতাটিৰ মূলভাৱ লিখা।


৮. তাৎপৰ্য ব্যাখ্যা কৰাঃ


(ক) কাঠবাঁজী বুলি                জগতে হাসয়


                দেখিলে সুমৰো হৰি।


মই আসি তোৰ                ঘৰে পুত্ৰ ভৈলো


                সিটো দুখ দুৰ কৰি।।




(খ) মোহিনী স্বৰূপে      অমৃত পিয়ালো


                সাধিলো দেৱৰ কাম।


তোমাৰ ঘৰে আসি      বৰ যশ পাইলো


                লৈলো দধিচোৰ নাম।।




খ অংশ - গদ্যাংশ


১. ভট্টদেৱৰ সম্পূৰ্ণ নাম কি ?


২. ভট্টদেৱে কাৰ ওচৰত শৰণ লৈছিল ?


৩. ভট্টদেৱৰ ৰচিত দুখন গ্ৰন্থৰ নাম লিখা ?


৪. ভট্টদেৱে তেওঁৰ পাণ্ডিত্যৰ বাবে কি কি উপাধি পাইছিল ?


৫. মহাৰথী কাক বোলে ?


৬. কৌৰৱৰ বিশিষ্ট সেনাপতি সকলৰ নাম লিখা ?


৭. সেনাপতি ভীস্মৰ যুদ্ধোৎসব দেখি কি কি ৰণবদ্যৰ মহাশব্দ হৈছিল ?


৮. অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল ?


৯. অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক কাক দেখা পাই শ্ৰীকৃষ্ণক কি কলে তোমাৰ নিজৰ কথাৰে লিখা ।


১০. ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্য সমূহ উল্লেখ কৰা ।


১১. তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্রখ্যাত ছাত্ৰৰ নাম লিখা। 


১২. তক্ষশীলালৈ কোন কোন দেশৰ পৰা ছাত্র আহিছিল ? 


১৩. নাগার্জুন কোন? ক'ত আছিল আৰু কি কৰিছিল ? 


১৪. হেমচন্দ্ৰ গোস্বামীদেৱে কোনখন সভাৰ সভাপতি হৈছিল আৰু কিমান চনত হৈছিল ?


১৫. আৰ্য শিক্ষাৰ মূলমন্ত্ৰ কি ?


১৬. নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম কি আছিল ?


১৭. নালন্দা বিশ্ববিদ্যালয়ৰ মুঠ জনসংখ্যা কিমান আছিল ?


১৮. `ৰত্নোদধি' নামৰ পুথিভঁৰালটো কেই তলীয়া আছিল ?


১৯. আর্য শিক্ষাৰ কলাবিদ্যা কিমানটা ? প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয় সমূহত আর্যশিক্ষাৰ কলা বিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল ? 


২০. প্ৰাচীন ভাৰতীয় শিক্ষা' প্ৰবন্ধটোৰ পৰা তুমি কি কি মূল্যৱান কথা শিকিলা চমুকৈ লিখা।


Assamese Question Answer 


সকলো প্ৰশ্নৰ সমাধান পাবলৈ ইয়াত ক্লিক কৰক 


No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.