26 Jun 2026

Class 8 Social Science Chapter 1 Question Answer Assamese Medium

Class 8 Social Science Chapter 1 Question Answer Assamese Medium

Class 8 Social Science Chapter 1 Question Answer Assamese Medium


Class 8 Social Science Chapter 1 Question Answer Assamese Medium: Natural Resources (প্রাকৃতিক সম্পদ) Class 8 Social Science Geography Chapter 1. Here you can avail class 8 Social Science Chapter 1 Question Answer Assamese Medium


Class 8 Social Science Chapter 1 Question Answer Assamese Medium Geography | প্রাকৃতিক সম্পদ Class 8 All Question Answer 

অনুশীলনী

১। চমু উত্তৰ লিখাঃ

(ক) মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ দুটা কাৰণ হ'ল—

(ক) জনসংখ্যা বৃদ্ধি (বাসস্থান সাজিবলৈ, কৃষিকাৰ্য কৰিবলৈ)

(খ) অৰ্থনৈতিক প্ৰতিযোগিতা (ব্যৱসায় বাণিজ্য,উদ্যোগ আদি নিৰ্মাণ )


(খ) কোনো এঠাইত জন বসতি ঘন হোৱাৰ কাৰণ কি বুলি ভাবা? (দুটা কাৰণ লিখা)

উত্তৰঃ কোনো এঠাইত জন বসতি ঘন হোৱাৰ দুটা কাৰণ হ'ল—

(ক) খেতিপথাৰৰ বাবে উপযোগী সাৰুৱা মাটি উপলদ্ধ হ'লে তাৰ আশে পাশে জন বসতি ঘন হয়।

(খ) কোনো ঠাইত খনিজ সম্পদ অধিক পৰিমাণে উপলদ্ধ হ'লে তাৰ আশে পাশে জন বসতি ঘন হয়।


(গ) ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ দৰ্শোৱা।

উত্তৰঃ ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ হ'ল—

(ক) ভূমিৰ অৱক্ষয়ে সমগ্ৰ গ্ৰহটোৰ মানুহ আৰু পৰিৱেশ তন্ত্ৰক প্ৰভাৱিত কৰে।

(খ) খেতি পথাৰৰ মাটিত ইটা ভাটাৰ দৰে উদ্যোগ গঢ়ি উঠাৰ বাবে।


(ঘ) বিভিন্ন ঠাইত বর্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ লিখা।

উত্তৰঃ বিভিন্ন ঠাইত বর্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ হ'ল—

(ক) বিনা কাৰণত পানীবোৰ নষ্ট কৰাৰ কাৰণে।

(খ) ঋতু অনুযায়ী বৰষুণৰ পৰিমাণ কমি অহাৰ বাবে।


২। শুদ্ধ উত্তৰত ☑ চিন দিয়া —

(ক) তলৰ কোনটোৱে পানীৰ সংৰক্ষণত সহায় কৰে ?

(১) অবাবতে পানীৰ টেপ খুলি থলে, (২) ভূগৰ্ভৰ পানীৰ অত্যধিক ব্যৱহাৰ কৰিলে, (৩) বৰষুণৰ পানী  জমা কৰি থলে।

উত্তৰঃ (৩) বৰষুণৰ পানী জমা কৰি থলে।


(খ) নির্মল পানী পাবলৈ হ'লে—

(১) আবৰ্জনাবোৰ নৈত পেলাব লাগে, (২) পানীত ৰাসায়নিক সাৰ মিহলাব লাগে, (৩) পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে।

উত্তৰঃ (৩) পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে।


(গ) তলৰ কোনটোৱে শক্তি সংৰক্ষণত সহায় নকৰে—

(১) জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ'লে, (২) অপৰম্পৰাগত শক্তিৰ সুব্যৱহাৰ কৰিলে, (৩) শক্তি সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ'লে।

উত্তৰঃ (১) জীৱাশ্ম ইন্ধনৰ ব্য়ৱহাৰ অধিক হ'লে।


৩। ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে লিখা। (৮০টা মান শব্দৰ ভিতৰত)

উত্তৰঃ ভূমি সম্পদ জীৱজগতৰ মূল আধাৰ। ই মানৱ সভ্যতাৰ উন্নয়নৰ বাবে অতি গুৰুত্বপূৰ্ণ। কৃষি, শিল্প, যাতায়াত, যোগাযোগ আদিৰ বাবে ভূমিৰ প্ৰয়োজন। পৃথিৱীৰ উপৰিভাগৰ ২৯ শতাংশ মাটি, কিন্তু জনসংখ্যা বৃদ্ধিৰ লগে ব্যৱহাৰযোগ্য মাটি কমি আহিছে। ভূমিৰ ব্যৱহাৰ জলবায়ু, মাটিৰ গুণাগুণ আৰু পানীৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰে। সমতল আৰু নদী-উপত্যকাত কৃষি আৰু জনবসতিৰ বাবে বেছি ব্যৱহাৰ হয়।


৪। তুমি থকা ঠাইখনৰ ভূমি সম্পদৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে ?পৰিয়ালৰ জ্যেষ্ঠ লোক বা ওচৰৰ বিজ্ঞলোকৰপৰা সেই সম্পর্কে জানি লৈ এটি টোকা যুগুত কৰা।

উত্তৰঃ আমাৰ অঞ্চলত জনসংখ্যা বৃদ্ধিৰ ফলত খেতি-পথাৰবোৰ খণ্ড-বিখণ্ড হৈ ঘৰ-দুৱাৰ, দোকান-পোহাৰ বা ব্যক্তিগত প্ৰতিষ্ঠান নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ হ’ব ধৰিছে। উন্নত পকী পথ নিৰ্মাণৰ বাবে বহুত কৃষিভূমি বা হাবি কাটি ভূমিৰ ব্যৱহাৰ সলনি কৰা হৈছে। মুকলি পথাৰ বোৰত ব্ৰইলাৰ ফাৰ্ম আৰু ইটা-ভাটা আদিৰ দৰে ব্যৱসায়িক উদ্যোগ গঢ়ি উঠিছে। 


৫। বনজ সম্পদ আৰু জলজ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেনে ভূমিকা ল’বা উচিত ?

উত্তৰঃ বনজ সম্পদ আৰু জলজ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত লব লগীয়া ভূমিকা তলত আলোচনা কৰা হ'ল —

বনজ সম্পদঃ বনৰ পৰা কাঠ, ঔষধ, খাদ্য আদি পোৱা যায়। বাণিজ্যিকভাৱে খৰি, আচবাব আৰু পৰিস্থিতিকভাৱে অক্সিজেন, মাটি সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা উচিত।

জলজ সম্পদঃ পানী ঘৰুৱা কাম, কৃষি, শক্তি উৎপাদন, পৰিবহণ আৰু মাছ পালনৰ বাবে ব্যৱহাৰ হয়। ইয়াক মিতব্যয়ীভাৱে ব্যৱহাৰ কৰি সংৰক্ষণ কৰা উচিত।


৬। শক্তিসম্পদ সংৰক্ষণৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিব লাগে ?

উত্তৰঃ শিল্প উদ্যোগ, কৃষি কাৰ্য, পৰিবহণ, যোগাযোগ, প্ৰতিৰক্ষা আদি সকলোতে শক্তি সম্পদৰ প্ৰয়োজন হয়। এই শক্তি সম্পদক দুটা ভাগত ভগাব পাৰি। পৰম্পৰাগত শক্তি যেনে কয়লা, খাৰুৱা তেল, প্ৰকৃতিক গেছ, খৰি আদি আৰু অপৰম্পৰাগত শক্তি যেনে বায়ুশক্তি, সৌৰশক্তি আদি। 


শক্তিসম্পদ সংৰক্ষণৰ বাবে আমি দৈনন্দিন জীৱনত মিতব্যয়ী হোৱাৰ লগতে কিছুমান বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰিব লাগে। তলত কেইটামান গুৰুত্বপূৰ্ণ পদক্ষেপ উল্লেখ কৰা হ’ল —

(ক) জনসচেতনতা বৃদ্ধি

(খ) অপচয় ৰোধ কৰা আৰু সঞ্চয়

(গ) নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ

(ঘ) অপৰম্পৰাগত শক্তিৰ ব্যৱহাৰ ।


৭। চমু টোকা লিখা —

(ক) বন্যপ্রাণী, (খ) জীবাশ্ম ইন্ধন, (গ) মৰুকৰণ, (ঘ) সৌৰশক্তি, (ঙ) ভূমিস্খলন

উত্তৰঃ

(ক) বন্যপ্ৰাণীঃ প্ৰাকৃতিক পৰিৱেশ অৰণ্য, জলাহভূমি আদিত মানুহৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণ অবিহনে মুকলিকৈ বাস কৰা সকলো জীৱ-জন্তু, চৰাই, সৰীসৃপ আৰু কীট-পতংগকে বন্যপ্ৰাণী বোলা হয়। জৈৱ বৈচিত্র্য ৰক্ষা কৰাত আৰু পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য বৰ্তাই ৰখাত বন্যপ্ৰাণীৰ অৱদান অপৰিসীম। বৰ্তমান বাসস্থান ধ্বংস আৰু চোৰাং চিকাৰৰ বাবে বহু বন্যপ্ৰাণী বিলুপ্তিৰ পথত, গতিকে ইহঁতৰ সংৰক্ষণ জৰুৰী।


(খ) জীৱাশ্ম ইন্ধনঃ উদ্ভিদ আৰু প্ৰাণীৰ অৱশেষ নিযুত নিযুত বছৰ ধৰি ভূগৰ্ভত চাপ আৰু তাপৰ ফলত পৰিৱৰ্তন হৈ সৃষ্টি হোৱা ইন্ধনকে জীৱাশ্ম ইন্ধন বোলে। উদাহৰণ— কয়লা, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ। এইবোৰ অনৱীকৰণযোগ্য সম্পদ আৰু এবাৰ শেষ হ’লে সহজে ঘূৰাই পোৱা নাযায়।


(গ) মৰুকৰণঃ জলবায়ুৰ পৰিৱৰ্তন, বনাঞ্চল ধ্বংস, অতিৰিক্ত পশুচাৰণ আৰু ভুল কৃষি পদ্ধতিৰ বাবে অৰ্ধ-শুকান বা উৰ্বৰ ভূমি ক্ৰমান্বয়ে মৰুভূমিলৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটোক মৰুকৰণ বোলে। ইয়াৰ ফলত মাটিৰ উৎপাদন ক্ষমতা একেবাৰে হেৰাই যায়।


(ঘ) সৌৰশক্তিঃ সূৰ্যৰ পৰা পোৱা পোহৰ আৰু উত্তাপক প্ৰযুক্তিৰ জৰিয়তে শক্তিলৈ ৰূপান্তৰ কৰাই হৈছে সৌৰশক্তি। ই নবীকৰণযোগ্য আৰু অক্ষয় শক্তিৰ উৎস। সৌৰ পেনেলৰ জৰিয়তে সৌৰশক্তিক পোনপটীয়াকৈ বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰিব পাৰি। প্ৰদূষণমুক্ত হোৱাৰ বাবে বৰ্তমান ঘৰুৱা কাম-কাজ, পোহৰ যোগান আৰু উদ্যোগিক ক্ষেত্ৰত সৌৰশক্তিৰ ব্যৱহাৰ বিশ্বজুৰি বৃদ্ধি পাইছে।


(ঙ) ভূমিস্খলনঃ প্ৰাকৃতিক বা মানৱসৃষ্ট কাৰণত পাহাৰীয়া অঞ্চলত মাটি, শিল বা বোকা হঠাৎ তললৈ খহি পৰা প্ৰক্ৰিয়াকে ভূমিস্খলন বোলে। অতিপাত বৰষুণ, ভূমিকম্প, পাহাৰ কাটি পথ নিৰ্মাণ কৰা বা গছ-গছনি ধ্বংস কৰাৰ ফলত এই দুৰ্যোগ সংঘটিত হয়। ইয়াৰ ফলত পাহাৰীয়া অঞ্চলত ব্যাপকভাৱে ধন-জনৰ ক্ষতি সাধন হয় আৰু যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰে।


৮। পার্থক্য দেখুওৱা:

(ক) গ্রামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰ

উত্তৰঃ

গ্ৰামাঞ্চলৰ ভূমিৰ ব্যৱহাৰঃ গ্ৰামাঞ্চলত বেছিভাগ ভূমি কৃষি কাৰ্য, পশুধন পালন আৰু বাসস্থানৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াত জনবসতি সেৰেঙা আৰু মুকলি ঠাই বেছি থাকে।


নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰঃ নগৰত ভূমি মূলতঃ উদ্যোগ, বাণিজ্য, আৱাসিক গৃহ আৰু ৰাস্তা-ঘাট আদিৰ বাবে ব্যৱহাৰ হয়। ইয়াত জনবসতি ঘন আৰু ভূমিৰ ব্যৱহাৰ বহুমুখী।


(খ) পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি

উত্তৰঃ

পৰম্পৰাগত শক্তিঃ যিবোৰ শক্তিৰ উৎস মানুহে বহু দিনৰ পৰা ব্যৱহাৰ কৰি আহিছে আৰু এবাৰ ব্যৱহাৰ কৰিলে সহজে নৱীকৰণ কৰিব নোৱাৰি, তাক পৰম্পৰাগত শক্তি বোলে। যেনে- কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আৰু খনিজ কয়লা।


অপৰম্পৰাগত শক্তিঃ যিবোৰ শক্তিৰ উৎস বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত শেহতীয়াভাৱে ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে আৰু এইবোৰ উৎস অফুৰন্ত (নৱীকৰণযোগ্য), তাক অপৰম্পৰাগত শক্তি বোলে। যেনে- সৌৰশক্তি, বায়ু শক্তি, জোৱাৰ-ভাটা শক্তি আৰু জৈৱ গেছ।


৯। তোমালোকৰ ওচৰে-পাজৰে থকা বনজ সম্পদসমূহৰ সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে গ্ৰহণ কৰিবপৰা উপায়সমূহ উল্লেখ কৰা। 

উত্তৰঃ বনজ সম্পদসমূহৰ সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে গ্রহণ কৰিবপৰা উপায়সমূহ:

গছপুলি ৰোপণঃ খালী ঠাই আৰু পথৰ কাষত বেছিকৈ গছপুলি ৰুব লাগে।

বনধ্বংস ৰোধঃ ঘৰুৱা বা বাণিজ্যিক কামত প্ৰয়োজনতকৈ অধিক গছ কটা বন্ধ কৰিব লাগে আৰু কাঠৰ বিকল্প ব্যৱহাৰ কৰিব লাগে।

জুইৰ পৰা ৰক্ষাঃ দাবানল বা মানুহৰ দ্বাৰা সৃষ্টি হোৱা জুইৰ পৰা বনাঞ্চলক সুৰক্ষিত কৰিব লাগে।

সজাগতা বৃদ্ধিঃ স্থানীয় লোকসকলক বনজ সম্পদৰ গুৰুত্ব আৰু ইয়াৰ সুৰক্ষাৰ বিষয়ে সজাগ কৰিব লাগে।

চৰকাৰী আঁচনিঃ চৰকাৰৰ অসম বন বিভাগৰ বনানীকৰণ আঁচনিসমূহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব লাগে।


১০। অপৰম্পৰাগত শক্তিসম্পদ কি ? এইবোৰ কেনেকৈ পোৱা যায় বা সংগ্ৰহ কৰা হয় তাৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ যিবোৰ শক্তিৰ উৎস প্ৰকৃতিৰ পৰা অফুৰন্তভাৱে পোৱা যায়, কেতিয়াও শেষ নহয় আৰু পৰিৱেশৰ ক্ষতি নকৰে, সেইবোৰক অপৰম্পৰাগত শক্তিসম্পদ বোলে।

অপৰম্পৰাগত শক্তিসম্পদবোৰ হ’ল অফুৰন্ত বা নৱীকৰণযোগ্য। তলত এইবোৰৰ সংগ্ৰহ প্ৰণালী উল্লেখ কৰা হ’ল—

সৌৰশক্তিঃ সৌৰ পেনেলৰ জৰিয়তে সূৰ্যৰ পোহৰ ধৰি ৰাখি বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰা হয়।

বায়ু শক্তিঃ তীব্ৰ বেগেৰে বোৱা বতাহৰ শক্তি ব্যৱহাৰ কৰি বায়ু কল ঘূৰাই বিদ্যুৎ উৎপাদন কৰা হয়।

জৈৱ গেছঃ জীৱ-জন্তুৰ মল-মূত্র আৰু পচনশীল আৱৰ্জনা গেছ চেম্বাৰত পচাই এই গেছ উৎপাদন কৰা হয়।

ভূ-তাপীয় শক্তিঃ পৃথিৱীৰ অভ্যন্তৰৰ তাপ বা গৰম পানীৰ ভাপ ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰা হয়।

জোৱাৰ-ভাটা শক্তিঃ সাগৰৰ জোৱাৰ-ভাটাৰ প্ৰৱল শক্তিক প্ৰয়োগ কৰি টাৰ্বাইন ঘূৰাই বিদ্যুৎ উৎপাদন কৰা হয়।


Class 8 Social Science Chapter 1 MCQ with Answers Assamese Medium

১। তলৰ কোনবিধ প্ৰাকৃতিক সম্পদ ?

(ক) কলম                                                   

(খ) মাটি

(গ) কাপোৰ

(ঘ) গাড়ী

উত্তৰঃ (খ) মাটি


২। নৱীকৰণযোগ্য সম্পদৰ উদাহৰণ হ’ল—

(ক) কয়লা

(খ) খনিজ তেল

(গ) সূৰ্যৰ পোহৰ

(ঘ) প্ৰাকৃতিক গেছ

উত্তৰঃ (গ) সূৰ্যৰ পোহৰ


৩। অনৱীকৰণযোগ্য সম্পদ এবিধ হ'ল—

(ক) বতাহ

(খ) পানী

(গ) সূৰ্যৰ পোহৰ

(ঘ) কয়লা

উত্তৰঃ (ঘ) কয়লা 


৪। মাটি, পানী আৰু বায়ু কিহৰ অন্তৰ্গত ?

(ক) প্ৰাকৃতিক সম্পদ

(খ) মানৱ সম্পদ

(গ) মানৱসৃষ্ট সম্পদ

(ঘ) ৰাজনৈতিক সম্পদ

উত্তৰঃ (ক) প্ৰাকৃতিক সম্পদ


৫। তলৰ কোনবিধ মানৱসৃষ্ট সম্পদ নহয় ?

(ক) দলং

(খ) সাগৰ

(গ) কল-কাৰখানা

(ঘ) ৰেলগাড়ী

উত্তৰঃ (খ) সাগৰ


৬। পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ স্থলভাগে আগুৰি আছে ? (ক) ২১% 

(খ) ২৯% 

(গ) ৭১% 

(ঘ) ৪৩% 

উত্তৰঃ (খ) ২৯%


৭। ১ ছেণ্টিমিটাৰ ডাঠ মাটিৰ তৰপ এটা গঠন হবলৈ কিমান বছৰ লাগে ? 

(ক) দহ বছৰ 

(খ) এশ বছৰ 

(গ) কেইবাশ বছৰ 

(ঘ) কেইবছৰমান 

উত্তৰঃ (গ) কেইবাশ বছৰ


৮। ২০১৮ চনৰ বিশ্ব বেংকৰ প্ৰতিবেদন অনুসৰি ভাৰতৰ কিমান শতাংশ ভূমি কৃষি কাৰ্যত ব্যৱহাৰ কৰা হয় ?

(ক) ৫০.৪৩% 

(খ) ৭০.৪৩% 

(গ) ৬০.৪৩% 

(ঘ) ৪০.৪৩% 

উত্তৰঃ (গ) ৬০.৪৩%


৯। নদীৰ দুয়োপাৰে মাটি খহি যোৱা কাৰ্যক কি বোলে ? 

(ক) গৰাখহনীয়া 

(খ) ভূমিস্খলন 

(গ) মৰুভুমিকৰণ 

(ঘ) মৃত্তিকা ক্ষয় 

উত্তৰঃ (ক) গৰাখহনীয়া


১০। পৃথিৱীৰ উপৰিভাগৰ কিমান অংশ পানীয়ে আগুৰি আছে ?

(ক) ১/৩ অংশ 

(খ) ২/৩ অংশ 

(গ) ৩/৪ অংশ 

(ঘ) ১/৪ অংশ 

উত্তৰঃ (খ) ২/৩ অংশ


১১। পৃথিৱীৰ মুঠ পানীৰ কিমান শতাংশ ব্যৱহাৰযোগ্য মিঠা পানী ? (ক) ২.৫% 

(খ) ৫% 

(গ) ১০% 

(ঘ) ১% 

উত্তৰঃ (ক) ২.৫%


১২। মুঠ মিঠা পানীৰ কিমান শতাংশ আমি ব্যৱহাৰৰ বাবে সহজলভ্য নহয় (বৰফ হিচাপে আছে) ? 

(ক) ৫০% 

(খ) ১০% 

(গ) ৭০%

(ঘ) ২০% 

উত্তৰঃ (গ) ৭০%


১৩। এজন ভাৰতীয় নাগৰিকে গড়ে দৈনিক কিমান লিটাৰ পানী ব্যৱহাৰ কৰে ? 

(ক) ৩০০ লিটাৰ 

(খ) ২৫ লিটাৰ 

(গ) ১০০ লিটাৰ 

(ঘ) ৫০ লিটাৰ 

উত্তৰঃ (খ) ২৫ লিটাৰ


১৪। ব্যৱহৃত পানী পুনৰ শোধন কৰি ব্যৱহাৰ কৰা পদ্ধতিটোক কি বোলে ? 

(ক) পুনঃচক্ৰীকৰণ 

(খ) জল সংৰক্ষণ 

(গ) জলসিঞ্চন 

(ঘ) পানী প্ৰদূষণ 

উত্তৰঃ (ক) পুনঃচক্ৰীকৰণ


১৫। বনভূমি পৃথিৱীৰ মুঠ স্থলভাগৰ কিমান অংশতকৈ কম ঠাইত আছে ? 

(ক) আধাতকৈ 

(খ) এক-তৃতীয়াংশতকৈ 

(গ) এক-চতুৰ্থাংশতকৈ 

(ঘ) তিনি-চতুৰ্থাংশতকৈ 

উত্তৰঃ (খ) এক-তৃতীয়াংশতকৈ


১৬। অসমৰ এখন বৰ্ষাৰণ্য (Rainforest) হ’ল— 

(ক) কাজিৰঙা 

(খ) মানস 

(গ) দিহিং-পাটকাই 

(ঘ) ডিব্ৰু-চৈখোৱা 

উত্তৰঃ (গ) দিহিং-পাটকাই


১৭। যোৱা ২০০০ বছৰত পৃথিৱীৰ পৰা কিমান প্ৰজাতিৰ চৰাই বিলুপ্ত হৈছে ?

(ক) ১৬০ 

(খ) ৮৮ 

(গ) ১০০ 

(ঘ) ২০০ 

উত্তৰঃ (খ) ৮৮


১৮। তলৰ কোনটো পৰম্পৰাগত (Conventional) শক্তিৰ উৎস ? (ক) সৌৰ শক্তি 

(খ) বতাহ শক্তি 

(গ) কয়লা 

(ঘ) জোৱাৰ শক্তি 

উত্তৰঃ (গ) কয়লা


১৯। কাৰ উচ্চ মূল্যৰ বাবে ইয়াক 'জুলীয়া সোণ' (Liquid gold) বুলি কোৱা হয় ?

(ক) পানী 

(খ) পেট্ৰ’লিয়াম 

(গ) প্ৰাকৃতিক গেছ 

(ঘ) ডিজেল 

উত্তৰঃ (খ) পেট্ৰ’লিয়াম


২০। অসমৰ তলৰ কোনটো ঠাইত পেট্ৰ’লিয়ামৰ কুঁৱা পোৱা যায় ? (ক) ডিগবৈ 

(খ) ৰাণীগঞ্জ 

(গ) ঝৰিয়া

(ঘ) বোকাৰো 

উত্তৰঃ (ক) ডিগবৈ


২১। ভাৰতৰ আটাইতকৈ ডাঙৰ বতাহ কল (Wind farm) ক’ত অৱস্থিত ?

(ক) টুটিকৰিণ 

(খ) জয়ছালমাৰ 

(গ) কচ্ছৰ ৰান 

(ঘ) নৰোৰা

উত্তৰঃ (খ) জয়ছালমাৰ (জেছালমেৰ)


২২। তামিলনাডুত থকা আণৱিক শক্তি কেন্দ্ৰটোৰ নাম কি ? 

(ক) নৰোৰা 

(খ) তাৰাপুৰ 

(গ) কালপক্কম 

(ঘ) ৰাণাপ্ৰতাপ সাগৰ

উত্তৰঃ (গ) কালপক্কম


২৩। ভাৰতৰ ক’ত জোৱাৰ শক্তি (Tidal energy) উৎপন্ন কৰা হয় ?

(ক) কচ্ছ উপসাগৰ 

(খ) গংগা বদ্বীপ 

(গ) চিল্কা হ্ৰদ 

(ঘ) মানস সৰোবৰ 

উত্তৰঃ (ক) কচ্ছ উপসাগৰ


২৪। হিমাচল প্ৰদেশৰ কোনটো ঠাইত ভূ-তাপীয় শক্তি (Geo thermal energy) কেন্দ্ৰ আছে ?

(ক) পুগা 

(খ) মণিকৰণ 

(গ) সুৰজকুণ্ড 

(ঘ) চাম্বে 

উত্তৰঃ (খ) মণিকৰণ


২৫। পৃথিৱীৰ মুঠ বিদ্যুৎ শক্তিৰ কিমান অংশ জলবিদ্যুৎ (Hydel power) শক্তিৰ পৰা উৎপন্ন হয় ? 

(ক) ১/২ অংশ 

(খ) ১/৪ অংশ 

(গ) ৩/৪ অংশ 

(ঘ) ১/৩ অংশ 

উত্তৰঃ (খ) ১/৪ অংশ


২৬। যিবোৰ সম্পদ পৃথিৱীত সীমিত পৰিমাণে আছে আৰু এবাৰ ব্যৱহাৰ কৰিলে সহজে নোহোৱা হয়, সেইবোৰক কি বোলে ?

(ক) নৱীকৰণযোগ্য

(খ) অনৱীকৰণযোগ্য

(গ) মানৱসৃষ্ট

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) অনৱীকৰণযোগ্য


২৭। প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বাবে কি কৰা উচিত ?

(ক) সম্পদৰ অপব্যৱহাৰ ৰোধ কৰা

(খ) অধিক গছ-গছনি ৰোৱা

(গ) বিজ্ঞানসন্মতভাৱে ব্যৱহাৰ কৰা

(ঘ) ওপৰৰ আটাইকেইটা

উত্তৰঃ (ঘ) ওপৰৰ আটাইকেইটা 


No comments:

Post a Comment

Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.