Class 10 Assamese Question Paper HSLC 2026
Class 10 Assamese Question Paper HSLC 2026: Students who are studying in class 10, must be looking for Model Question Paper/Sample Question Paper/Pre Board Question Paper/Test Paper. Practicing model question papers is a good source for exam preparation. In this article you can avail Class 10 Assamese Question Paper HSLC 2026.
HSLC 2026 Assamese Question Paper | HSLC 2026 Assamese Question Paper Pdf Download
2026
ASSAMESE
(Modern Indian Language)
Full Marks: 100
Pass Marks: 30
Time: 3 hours
The figures in the margin indicate full marks for the questions.
পৰীক্ষার্থীয়ে একেখন বহীত GROUP一A (বিভাগ一ক) আৰু GROUP一B (বিভাগ一খ) 一 ৰ
উত্তৰ কৰিব লাগিব।
নাইবা
GROUP - A (বিভাগ一ক) আৰু GROUP一C (বিভাগ一গ)一 ৰ উত্তৰ একেখন
বহীত কৰিব লাগিব।
Group一A
ক一বিভাগ
(মূল্যাংকঃ ৭৫)
১। তলৰ যিকোনো তিনিটা প্রশ্নৰ অতি চমু উত্তৰ লিখাঃ ১×৩=৩
(ক) শ্বিৰীণ ইবাডি কোন ?
(খ) এপল কোম্পানীৰ সহপ্ৰতিষ্ঠাপক গৰাকী কোন ?
(গ) 'মধ্য এছিয়াকা ইতিহাস' গ্রন্থখনৰ ৰচক কোন ?
(ঘ) মাউন্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল ?
(ঙ) কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি ?
২। তলৰ যিকোনো তিনিটা প্রশ্নৰ চমু উত্তৰ লিখাঃ ২×৩=৬
(ক) ইয়াণ্ডাবু সন্ধি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল ?
(খ) 'গতিকে মূলতে অসমীয়া সংস্কৃতিৰ ধাবক এইবোৰ জাতি-গোষ্ঠীয়েই আছিল' 一 ইয়াত কোনবোৰ জাতি-জনগোষ্ঠীৰ কথা কোৱা হৈছে ?
(গ) ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুটি ঘটাব পাৰে ?
(ঘ) বুশ্বেৰ কি ? ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি ?
(ঙ) মহীচন্দ্র মিৰি কোন ? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকী কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল ?
৩। তলৰ যিকোনো দুটা প্রশ্নৰ উত্তৰ লিখাঃ ৩×২=৬
(ক) অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া।
(খ) ইৰাণীসকলৰ নৱবর্ষ উৎসৱৰ বিৱৰণ দিয়া।
(গ) অৰুণিমা সিনহাই ৰেলযাত্ৰাৰ সময়ত কি দুর্ঘটনাৰ মুখামুখি হ'বলগা হৈছিল ? এই দুর্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগা হৈছিল ?
(ঘ) 'ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু।' এই কথাষাৰ কিমানদূৰ যুক্তিপূর্ণ বিচাৰ কৰা।
৪। “ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল।”— ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল, বৰ্ণনা কৰা। ৪
অথবা
"বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল।" 一 ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে, কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে 一 পাঠৰ আলমত বিচাৰ কৰা।
৫। তলৰ যিকোনো তিনিটা প্ৰশ্নৰ অতি চমু উত্তৰ লিখাঃ ১×৩=৩
(ক) হেংদাং কি ?
(খ) 'মোমিন' শব্দৰ অর্থ কি ?
(গ) 'ধন্য নৰতনু ভাল' গ্রন্থখনৰ বচক কোন ?
(ঘ) তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটি কি ৰাগৰ ?
(গ) ৰঘুনাথ চৌধাৰিক কি কবি বুলি জনা যায় ?
৬। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল-আফতাবহঁতে কি বিপদত পৰিছিল ? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল ?
৭। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখাঃ
(ক) শ্রীশ্রী মাধৱদেৱে ৰচনা কৰা ঝুমুৰা দুখনৰ নাম লিখা।
(খ) 'নিষ্কর্মা ধোদৰ দলে বান্ধে বাজ আলি' কবিতাশাৰীৰ অন্তর্নিহিত তাৎপর্য লিখা।
(গ) হৰেকৃষ্ণ ডেকাই ৰচনা কৰা দুখন কবিতাপুথিৰ নাম লিখা।
৮। বৰগীতৰ তিনিটা লক্ষণ লিখা।
নাইবা
মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।
যেনে শালে শ'লৰ লগত দৰিকাৰ টোপালি।।
কবিতাফাঁকিৰ অন্তর্নিহিত ভাৱটি বিশ্লেষণ কৰা।
৯। তলৰ যিকোনা এছোৱা প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰাঃ
(ক) তোমাৰ চৰণ দুই মোৰ মহা ধন।
ভকত জনেৰ নিজ তুমিসে জীৱন।।
(খ) মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট।
বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।
(গ) আতুৰ ভৈলোহো হৰি বিষয় বিকলে।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।।
১০। তলৰ যিকোনো এটা কবিতাৰ মূলভাৱ লিখাঃ
(ক) বৰগীত (খ) প্রশস্তি
১১। তলৰ যিকোনো পাঁচটা প্রশ্নৰ উত্তৰ লিখাঃ
(ক) তলৰ যিকোনো দুটা শব্দৰ সন্ধি ভাঙাঃ
চিত্তাকর্ষক, পৰিচ্ছেদ, সমন্বয়, সংস্কৃতি, ভাৰাক্রান্ত।
(খ) তলৰ যিকোনো দুটাৰ ব্যাসবাক্যসহ সমাসৰ নাম লিখাঃ
ত্রিফলা, দম্পতি, পীতাম্বৰ, অনিৰুদ্ধ, হৰিহৰ।
(গ) তলৰ যিকোনো দুটা শব্দৰ সমার্থক শব্দ লিখাঃ
সমীৰ, ধৱল, সাম্য, প্রকৃত, আনমনা।
(ঘ) তলৰ যিকোনো এটা শব্দত প্রকাশ কৰাঃ
ৰাতিপুৱাই যাৰ নাম স্মৰণ কৰা উচিত, কাঁহৰ বাচন গঢ়োতা, লোকক দেখি পিছে পিছে যোৱা
(ঙ) তলৰ যিকোনো দুটা শব্দৰ 'ণ' বা 'য' হোৱাৰ কাৰণ লিখাঃ
নষ্ট, শূর্পণখা, ঋণ, পাষাণ, উত্তৰায়ণ।
(চ) তলত দিয়া যিকোনো এটা শব্দৰ প্রত্যয় ভাঙি দেখুওৱাঃ
পেনীয়া, দুষ্টালি, লাজুকা
১২। যথাস্থানত যতি চিহ্ন বহুওৱাঃ
নীলিম ছাৰে কৈছিল ৰাম ৰহিম আৰু কমল যদি ভালকৈ উত্তীর্ণ হ'লহেতেন
১৩। তলৰ যিকোনো দুটাৰ অর্থ প্রকাশ হোৱাকৈ বাক্য ৰচনা কৰাঃ
চিঞৰ-বাখৰ, জনক-জননী, নীতি-বচন।
১৪। ভাব সম্প্ৰসাৰণ কৰাঃ
কথাত কটা যায় কথাত বঁটা পায়।
নাইবা
তোমাৰ বিদ্যালয়ৰ বহিঃবিভাগৰ খেলসমূহৰ অসুবিধা দূৰীকৰণ আৰু প্রতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে অনুমতি বিচাৰি তোমাৰ বিদ্যালয়ৰ প্রধানলৈ তুমি খেল বিভাগৰ সম্পাদক/সম্পাদিকা হিচাপে এখনি আবেদন লিখা। (আবেদনত তোমাৰ নাম, ঠিকনা নিলিখিবা)
১৫। তলৰ যিকোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখাঃ
(ক) তোমাৰ প্রিয় ব্যক্তি হিচাপে জুবিন গাৰ্গ
(আৰম্ভণি 一 জুবিন গাৰ্গৰ চমু জীৱনী 一 সংগীত পৰিচালক হিচাপে জুবিন গাৰ্গ 一 অসমীয়া চলচ্চিত্র উদ্যোগলৈ জুবিন গাৰ্গৰ অবদান 一 প্রিয় হোৱাৰ কাৰণ 一 সামৰণি)
(খ) তোমাৰ প্রিয় গ্রন্থ
(আৰম্ভণি 一 গ্ৰন্থখনৰ লেখকৰ পৰিচয় 一 বিষয়বস্তুৰ আলোচনা 一 পঢ়ি ভাল লগাৰ কাৰণ 一 অধ্যয়নৰ পৰা আহৰণ কৰা মূল্যবোধ 一 সামৰণি)
(গ) দৈনন্দিন জীৱনত বিজ্ঞানৰ প্রভাৱ
(আৰম্ভণি 一 দৈনন্দিন জীৱন যাত্ৰাত বিজ্ঞানৰ অৱদান 一দৈনন্দিন জীৱনত বিজ্ঞানৰ উপকাৰিতা 一 অপকাৰিতা 一 সামৰণি)
১৬। অসমৰ যিকোনো এটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া। 8
১৭। তোমাৰ পাঠ্যক্রমৰ দ্রুতপাঠ 'বৈচিত্রময় অসম'ৰ অন্তৰ্গত জনগোষ্ঠীসমূহৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি আগবঢ়োৱা দুজন ব্যক্তিৰ বিষয়ে চমুটোকা লিখা।
Group一B
খ一বিভাগ
(মূল্যাংকঃ ২৫)
১৮। তলৰ যিকোনো তিনিটা প্রশ্নৰ অতি চমু উত্তৰ লিখাঃ
(ক) প্রথম অসমীয়া ছনেট কবিতাটোৰ নাম কি ?
(খ) তক্ষশীলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল ?
(গ) কৌৰবৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা।
(ঘ) শ্রীভট্টদেৱৰ সম্পূর্ণ নাম কি ?
১৯। তলৰ যিকোনো দুটা প্রশ্নৰ চমু উত্তৰ লিখাঃ
(ক) প্রাচীন ভাৰতৰ চাৰিখন বিশ্ববিদ্যালয়ৰ নাম লিখা।
(খ) অর্জুনে শ্রীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল ?
(গ) কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে ?
(ঘ) উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে, কেতিয়া ধ্বংস কৰিছিল ?
(ঙ) নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়নৰত কোনজন চীনা ছাত্রক কামৰূপৰ কোনজন ৰজাই নিমন্ত্রণ কৰিছিল ?
২০। তক্ষশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে এটি টোকা লিখা। ৩
২১। তলৰ যিকোনো দুটা প্ৰশ্নৰ অতি চমু উত্তৰ লিখাঃ
(ক) 'অসম কেশৰী' বুলি কাক কোৱা হয় ?
(খ) শ্রীধৰ কন্দলীয়ে ৰচনা কৰা এখন গ্রন্থৰ নাম লিখা।
(গ) দেৱতাসকলক অমৃত খোৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল ?
২২। মাকৰ কি কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল তোমাৰ ভাষাৰে লিখা।
২৩। তলৰ যিকোনা এছোৱাৰ প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰাঃ ৪
(ক) ধৰ বঝাড় ধৰ ভাই।
আৰু চাবৰ সময় নাই-চাই
থাকোঁতে মুখত কেৱল
ভৰিল কাজল ছাই।
(খ) মোহিনী স্বৰূপে অমৃত পিয়ালো
সাধিলো দেৱৰ কাম,
তোমাৰ ঘৰে আসি বৰ যশ পাইলো
লৈলো দধি চোৰ নাম।
(গ) কাঠবাজী বুলি জগতে হাসয়
দেখিলে সুমনো হবি।
ঘৰে পুত্র ভৈলো মই আসি তোৰ
সিটো দুখ দূৰ কৰি।।
২৪। তলৰ যিকোনো তিনিটা শব্দ আধুনিক ৰূপত লিখাঃ ১×৩
হৃষীকেশ; বিগুটিয়া; হাবলি; কুকুহা।
২৫। তৰ্জৰ যিকোনো দুটা বাক্য শুদ্ধকৈ লিখাঃ ১×২
(ক) বিহুত আমাৰ ঘৰত আহিবা।
(খ) মই ভাত খাই স্কুলত যাম।
(গ) দেউতাকে তাক গালি দি আছে।
GROUP一C
গ一বিভাগ
১। তলৰ যিকোনো এটা মাতৃভাষালৈ অনুবাদ কৰাঃ
(क) सौरजगति अष्ट ग्रहाः सन्टि। मम पञ्चदश पुस्तकानि सन्ति। राघवस्य अशीतिः मुद्राः सन्ति।
प्रतिमासे त्रिशांत् दिनानि भवन्ति।
(ख) छात्रजीवनस्य समयः अतीव तात्पर्यपूर्णः । छात्रावस्थायां यदि श्वास्थ्ययत्नं न भवति, तर्हि
सम्यग्रुपेण कोऽपि कर्म न भविष्यति।
২। তলৰ যিকোনো এটা উত্তৰ লিখাঃ
(क) 'सुभाषितानि' পাঠৰ পৰা বিদ্যাৰ মহত্ত্ব প্রকাশ কৰা শ্লোক এফাঁকি লিখা।
(ख) "माजीराद्विभेवि। त्वमेव माजीरी भव।" কথাষাৰিৰ বক্তা কোন আৰু কাক কৈছিল ?
******

No comments:
Post a Comment
Kindly donnot paste any SPAM link. Thank you very much for reading, Happy learning.